--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গান গোৱা ছোৱালীগৰাকী হেৰাই থাকিল৷ খহি পৰিল পিতৃ-মাতৃৰ বুকুৰ তৰাটো৷ মাজুলীত ৰাস চলিছে৷ শৰতৰ আনন্দত বুৰ গৈছে মাজুলী৷ বৰলুইতৰ দুয়োপাৰ ভকতিৰ অময়া ৰসেৰে উপচি পৰিছে৷ এনে এক উৎসৱমুখৰতাৰ মাজতো দুগৰাকী মানুহ খহি গৈছে নিজৰ ভিতৰত৷ হুমুনিয়াহে গধুৰ কৰিছে তেওঁলোকৰ বুকু৷

তেওঁলোক তেজস্বিতাৰ মাক-দেউতাক৷ কন্যাৰ মৃত্যুৰ পাছত আজিও পদূলিলৈ জুমি জুমি চাই তেওঁলোকে৷ কিজানিবা তেজস্বিতা আহেই! তেজস্বিতাৰ লগৰবোৰ স্কুললৈ যায়৷ অথচ সেই শিশুসৰল সমদলৰ মাজত তেজস্বিতা নাই৷ তেজস্বিতা এতিয়া আকাশৰ তৰা৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ চূড়ান্ত গাফিলতিত অকালতে মৰহি যোৱা এপাহ ফুল তেজস্বিতা বৰুৱা৷ ৫ অক্টোবৰত তেজস্বিতাই বৰগীত পৰিৱেশন কৰিবলৈ গৈছিল৷ উশাহ লোৱাত কষ্ট হৈছিল৷ ভৰ্তি কৰোৱা হৈছিল মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী চিকিৎসালয়ত৷ আৰু অক্সিজেনৰ অভাৱত মৃত্যুক সাবটি ল’বলগীয়া হৈছিল তেজস্বিতা বৰুৱাই। সেয়া সৰ্বজনবিদিত৷ জুইকতো আৰু ৰুমালেৰে ঢাকি ৰাখিব পৰা নাযায়! 

তেজস্বিতাৰ মৃত্যুৰ পাছত সমালোচিত হৈছিল চৰকাৰ৷ সমালোচিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও৷ মাজুলীক মাথোঁ ৰাজনীতিৰ মাখন হিচাপে ব্যৱহাৰ কৰি অহা বিজেপিৰ স্বৰূপ উন্মোচন কৰিছিল তেজস্বিতাৰ মৃত্যুৱে৷ আৰু ডিচিয়ে দাখিল কৰা শেহতীয়া প্ৰতিবেদনে কথাবোৰ আকৌ পাকলগা কৰিছে৷ 

পিতৃ-মাতৃৰ অভিযোগৰ ভিত্তিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেজস্বিতাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল আৰু মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন আৰু মাজুলী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়দ্বীপ ৰজকক তদন্তৰ দায়িত্ব দিয়া হৈছিল। এই তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদন ইতিমধ্যে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছতে এই প্ৰতিবেদন ৰাজহুৱা কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তেজস্বিতাৰ মৃত্যুৰ পাছত যেনেদৰে চিকিৎসা সেৱা আৰু স্বাস্থ্যখণ্ডক লৈ অভিযোগ উত্থাপন হৈছিল, সেয়া এই প্ৰতিবেদনখনত সম্পূৰ্ণৰূপে নস্যাৎ কৰি চিকিৎসা ব্যৱস্থা আৰু চিকিৎসকৰ হেমাহি নাই বুলি উল্লখ কৰা হৈছে। 

বিপৰীতে, তেজস্বিতাই সৰুৰে পৰা ভুগি অহা মৃগী ৰোগৰ চিকিৎসা ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ কথা উল্লেখ কৰা হৈছে। আনকি সময়মতে দৰৱ নোখোৱা বাবেও তেজস্বিতাৰ মৃত্যু হ’ল বুলি কোৱা হৈছে৷ এই প্ৰতিবেদনত নাৰ্ছ ৩ গৰাকীৰ উপস্থিত নথকা বা পলমকৈ উপস্থিত হোৱাৰ বিষয়ে উল্লেখ কৰাৰ লগতে চিকিৎসালয়খনৰ সেই সময়ৰ অধীক্ষক ডাঃ অমূল্য গোস্বামীৰ চুটি মঞ্জুৰ হোৱাতকৈ অধিক সময় চুটিত থকাৰ কথাও উল্লেখ কৰা হৈছে। 

স্বয়ং মুখ্যমন্ত্ৰীয়ে নিজ মুখেই ক্লীনশ্বীট দিলে স্বাস্থ্য বিভাগক৷ এতিয়া যেন সমস্ত দোষৰ ভাগ পৰিল পিতৃ-মাতৃৰ ওপৰতহে৷ কি এক লজ্জাজনক ঘটনা! বিভাগীয় গাফিলতি ঢাকিবলৈ এগৰাকী কণমানিৰ মৃত্যুক লৈ ৰাজনীতি নেৰিলে চৰকাৰে৷ বিধায়ক ভুবন গামে কৈছে তেওঁৱো হেনো ঔষধ খাবলৈ পাহৰ, তেজস্বিতায়ো পাহৰিছিল৷ 

অৰ্থাৎ, এওঁলোকৰ মতে তেজস্বিতাৰ মৃত্যু সৰু ঘটনা৷ ঔষধ খোৱা নাছিল, সেয়ে ছোৱালীজনী মৰি থাকিল৷ ইমানেই সহজনে কথাবোৰ! ক্ষমতাৰ ৰাগিয়ে মতলীয়া কৰি ৰাখোতে বহু কথা চিন্তালৈ নাহে, ভবাও নাযায়৷ কিন্তু, সকলো সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ মৰম, আদৰৰ কম-বেছ নাথাকে৷ চৰকাৰী ভুলৰ বাবেই নিজ কন্যাক হেৰুওৱা পিতৃৰ মৰ্মবেদনাক এবাৰলৈও নুবুজিলে চৰকাৰখনে৷ কেৱল বিষয়াই দেখুৱাই দিয়া ছবি এখন চায়েই সিদ্ধান্ত দিলে মুখ্যমন্ত্ৰীগৰাকীয়েও৷ কি পৰিহাস! 

মাজুলীত ৰাস৷ ৰাস চালে মুখ্যমন্ত্ৰীয়ে৷ কিন্তু, ৰাসলৈ বুলি সাজু হোৱা জীয়ৰী তেজস্বিতাক ন্যায় দিব নোৱাৰিলে পিতৃয়ে৷ তেজস্বিতাকেইবা এতিয়া কি উত্তৰ দিব পিতৃয়ে! অথবা, আমিয়েই বা কি উত্তৰ দিম হাঁহিমুখীয়া তেজস্বিতা বৰুৱাক! এনেকৈয়ে জহি যায় সপোনৰ ঘৰ৷ খহি যায় মনৰ আকাশৰ পৰা মৰমৰ তৰা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক