--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি , পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক কঢ়িয়াই নিয়া এখন বিমানৰ চলন্ত অৱস্থাতে  কাৰিকৰী বিজুতিৰ ঘটে৷ কাৰিকৰী বিজুতিৰ জৰুৰী অৱতৰণ কৰা হয়৷ আৰু কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীজন৷ 

 পাকিস্তানৰ এটা স্থানীয় টিভি চেনেলৰ প্ৰতিবেদনৰ মতে , ইমৰান খানে শনিবাৰে এটা ৰেলীত অংশ ল’বলৈ এখন বিশেষ বিমানেৰে গুজৰানৱালালৈ গৈ আছিল।এই সময়তে কাৰিকৰী বিজুতি ঘটিছিল বিমানখনৰ৷ অৱশ্যে বিমানখনৰ পাইলটজনে নিয়ন্ত্ৰণ  টাৱাৰৰ সৈতে যোগাযোগ কৰি আৰু বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰিবলৈ সক্ষম হৈছিল।  উল্লেখ্য যে, ইমৰান খানে জৰুৰী অৱতৰণৰ পিছত স্থল পথেৰে  গুজৰানৱালালৈ পুনৰ  যাত্ৰা কৰিছিল৷ 
 
গুজৰানৱালাত অনুষ্ঠিত সমদলত ভাষণ দি পাকিস্তান তেহৰিক-ই-ইনচাফৰ অধ্যক্ষজনে পোনপটীয়াকৈ জনসাধাৰণক  সম্বোধন কৰে আৰু সতৰ্ক কৰি দিয়ে যে, যদি দেশ আৰু অৰ্থনীতিৰ অৱনতি ঘটে ,তেন্তে  বৰ্তমানৰ চৰকাৰক  ইয়াৰ বাবে  দায়বদ্ধ কৰা হ'ব।

উক্ত সভাত পাকিস্তান  চৰকাৰে  দেশ আৰু অৰ্থনীতিক তললৈ লৈ গৈছে বুলিও তেওঁ মন্তব্য কৰে৷  
উল্লেখ্য যে,পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজন এগৰাকী মহিলা ন্যায়াধীশৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বাবে আদালত অৱমাননাৰ অভিযোগৰ অভিযুক্ত হৈ আছে৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ