--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সুবিধা লোৱা লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনিও এই চৰকাৰী আঁচনিৰ সুবিধা লৈছে, তেন্তে এতিয়া ২০০০ টকা ঘূৰাই দিব লাগিব। এই সন্দৰ্ভত জাননী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য যে ইউ পিৰ প্ৰায় ২১ লাখ অযোগ্য কৃষকে এই চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰি আহিছে।

 ধন কিয় ঘূৰাই দিব লাগিব?

উত্তৰ প্ৰদেশৰ কৃষি মন্ত্ৰী সূৰ্য প্ৰতাপ শ্বাহীয়ে এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে। তেওঁ কৈছে যে প্ৰায় ২১ লাখ কৃষকক এই পৰীক্ষণত অযোগ্য বুলি ধৰাত পৰিছে। এই আঁচনিৰ অধীনত এতিয়ালৈকে দিয়া সম্পূৰ্ণ ধন উভতাই দিব লাগিব এইসকল লোকে। যিসকল অযোগ্য লোকে এই চৰকাৰী আঁচনিৰ সুবিধা ভুলকৈ গ্ৰহণ কৰি আছে তেওঁলোকে এই ধন ঘূৰাই দিব লাগিব।

 চলিত মাহৰ শেষলৈ দিয়া ধন হ’ব-

লগতে তেওঁ কয় যে চলিত মাহৰ শেষৰ ফালে পি এম কিষাণৰ দ্বাদশ কিস্তি মুকলি কৰা হ’ব, কিন্তু এই কিস্তিৰ ধন কে ৱাই চি প্রক্রিয়া সম্পূর্ণ কৰা লোকসকলৰ একাউণ্টলৈহে স্থানান্তৰ কৰা হ’ব৷ ইয়াৰ লগতে তেওঁলোকৰ পৰীক্ষণো কৰা হ’ব।

 ২০০০ টকা ৩ কিস্তিত উপলব্ধ-

ইয়াৰ সমান্তৰালকৈ কৃষকসকলক অতিশীঘ্ৰে তেওঁলোকৰ ডাটা আপলোড কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে, যাতে তেওঁলোকৰ একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব পৰা যায়। ২০০০ টকাৰ ৩ কিস্তি চৰকাৰে কৃষকক মুকলি কৰি দিয়ে। এই আঁচনিৰ অধীনত প্ৰতিজন যোগ্য কৃষকক তিনিটা কিস্তিত ধন আদায় দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ
মাটিকাদুৰিৰ নানা উপকাৰী গুণ
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান
পাকিস্তানৰ ৮১ শতাংশ অস্ত্র-শস্ত্র চীনত নির্মিত
কোনে হত্যা কৰিলে উদ্যোগপতি গোপাল খেমকাক ? পুত্ৰৰ দৰে একেই কায়দাত ৬ বছৰৰ পাছত হত্যা কৰা হ’ল উদ্যোগপতি পিতৃকো
আমেৰিকাত গ্ৰেপ্তাৰ নীৰৱ মোদীৰ ভাতৃ নেহাল, PNB কেলেংকাৰীত আছিল হাত
ব্ৰহ্মপুত্ৰত নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ
২৩ জুলাইৰ পৰা ডুৰাণ্ড কাপ
কলিয়াবৰত বহু চৰ্চিত এটি ভিডিঅ' ক্লিপ ; এজন যুৱকক পৰিকল্পিত ভাবে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ