--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সুবিধা লোৱা লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনিও এই চৰকাৰী আঁচনিৰ সুবিধা লৈছে, তেন্তে এতিয়া ২০০০ টকা ঘূৰাই দিব লাগিব। এই সন্দৰ্ভত জাননী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য যে ইউ পিৰ প্ৰায় ২১ লাখ অযোগ্য কৃষকে এই চৰকাৰী আঁচনিৰ সুবিধা গ্ৰহণ কৰি আহিছে।

 ধন কিয় ঘূৰাই দিব লাগিব?

উত্তৰ প্ৰদেশৰ কৃষি মন্ত্ৰী সূৰ্য প্ৰতাপ শ্বাহীয়ে এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে। তেওঁ কৈছে যে প্ৰায় ২১ লাখ কৃষকক এই পৰীক্ষণত অযোগ্য বুলি ধৰাত পৰিছে। এই আঁচনিৰ অধীনত এতিয়ালৈকে দিয়া সম্পূৰ্ণ ধন উভতাই দিব লাগিব এইসকল লোকে। যিসকল অযোগ্য লোকে এই চৰকাৰী আঁচনিৰ সুবিধা ভুলকৈ গ্ৰহণ কৰি আছে তেওঁলোকে এই ধন ঘূৰাই দিব লাগিব।

 চলিত মাহৰ শেষলৈ দিয়া ধন হ’ব-

লগতে তেওঁ কয় যে চলিত মাহৰ শেষৰ ফালে পি এম কিষাণৰ দ্বাদশ কিস্তি মুকলি কৰা হ’ব, কিন্তু এই কিস্তিৰ ধন কে ৱাই চি প্রক্রিয়া সম্পূর্ণ কৰা লোকসকলৰ একাউণ্টলৈহে স্থানান্তৰ কৰা হ’ব৷ ইয়াৰ লগতে তেওঁলোকৰ পৰীক্ষণো কৰা হ’ব।

 ২০০০ টকা ৩ কিস্তিত উপলব্ধ-

ইয়াৰ সমান্তৰালকৈ কৃষকসকলক অতিশীঘ্ৰে তেওঁলোকৰ ডাটা আপলোড কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে, যাতে তেওঁলোকৰ একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব পৰা যায়। ২০০০ টকাৰ ৩ কিস্তি চৰকাৰে কৃষকক মুকলি কৰি দিয়ে। এই আঁচনিৰ অধীনত প্ৰতিজন যোগ্য কৃষকক তিনিটা কিস্তিত ধন আদায় দিয়া হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ