--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে এপিনে অৰ্থনৈতিক উন্নয়নৰ জখলাৰে উধাই যোৱা বুলি দাবী কৰা হৈছে, আনহাতে বয়-বস্তুৰ অত্যধিক মূল্যবৃদ্ধিয়ে দেশৰ জনতাক কাঙাল কৰি গৈছে। এনে বিপৰীতমুখীপৰিস্থিতিৰ মাজতে আইএমএফৰ মুৰব্বী ষ্টালিনা জৰ্জিভাই মূল্যবৃদ্ধিৰ বিষয়টোত উদ্বেগ ব্যক্ত কৰা পৰিলক্ষিত হৈছে।

আন্তৰ্জাতিক মুদ্ৰা নিধিৰ (আইএমএফ) পৰিচালনা সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাই  ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ভাৰতৰ দৰে  নিম্ন আয়ৰ দেশত হোৱা অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাইছে বুলি মন্তব্য কৰে । আইএমএফৰ মুৰব্বীগৰাকীৰ কথাত হয়ভৰ দিবলৈ বাধ্য হয় বিত্তমন্ত্ৰী সীতাৰমণেও। ভাৰতৰ বিত্ত মন্ত্ৰীক সাক্ষাৎ কৰি ক্ৰিষ্টালিনা জৰ্জিভাই কয়  যে বিশ্বব্যাপী অনিশ্চয়তা স্বত্বেও ভাৰতে বিশ্ব অৰ্থনীতিত এক বিশেষ  স্থানউলিয়াই ল’বলৈ সক্ষম হৈছে।

 তেওঁ নতুন দিল্লীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে হোৱা বৈঠকত এই মন্তব্য কৰে। বৈঠকত  আগন্তুক জি-২০ সন্মিলনৰ  বিষয়েও আলোচনা কৰা হয় । তেওঁ কয় যে আইএমএফে ভাৰতৰ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন দি যাব।দুয়োগৰাকী নেতাই বিশ্ব অৰ্থনীতিৰ বাবে  ক্ষতিকাৰক দিশ সমূহ খৰচি মাৰি আলোচনা কৰে আৰু সেই বোৰৰ নিৰাময়ৰ বাবে উপায় উদ্ভাৱনৰ কথা উল্লেখ কৰে।

সীতাৰমণ আৰু আইএমএফৰ মুৰব্বী জৰ্জিভাই বৈঠকৰ সময়তে এই কথাটো  স্বীকাৰ কৰে  যে খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ লগতে আন্তৰ্জাতিক ঋণৰ ফলত বিশ্বব্যাপী মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে।এনেবোৰ কাৰকে  নিম্ন আয়ৰ দেশবোৰত  বেয়াকৈ প্ৰভাৱ পেলাইছে বুলিও তেওঁলোকে কয়। 

বৈঠকত নিৰ্মলা সীতাৰমণে  উন্নত অৰ্থনীতিৰ দেশসমূহে প্ৰতিশ্ৰুতি অনুসৰি ভাৰতক পুঁজিৰ যোগান ধৰা নাই বুলিও কয়। বৈঠকত আইএমএফৰ মুৰব্বী  জৰ্জিভা আৰু সীতাৰমণে  বিশ্ব অৰ্থনীতিত অসাম্য আৰু ভাৰসাম্যহীনতা দূৰ কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী