--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে এপিনে অৰ্থনৈতিক উন্নয়নৰ জখলাৰে উধাই যোৱা বুলি দাবী কৰা হৈছে, আনহাতে বয়-বস্তুৰ অত্যধিক মূল্যবৃদ্ধিয়ে দেশৰ জনতাক কাঙাল কৰি গৈছে। এনে বিপৰীতমুখীপৰিস্থিতিৰ মাজতে আইএমএফৰ মুৰব্বী ষ্টালিনা জৰ্জিভাই মূল্যবৃদ্ধিৰ বিষয়টোত উদ্বেগ ব্যক্ত কৰা পৰিলক্ষিত হৈছে।

আন্তৰ্জাতিক মুদ্ৰা নিধিৰ (আইএমএফ) পৰিচালনা সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিভাই  ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ভাৰতৰ দৰে  নিম্ন আয়ৰ দেশত হোৱা অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাইছে বুলি মন্তব্য কৰে । আইএমএফৰ মুৰব্বীগৰাকীৰ কথাত হয়ভৰ দিবলৈ বাধ্য হয় বিত্তমন্ত্ৰী সীতাৰমণেও। ভাৰতৰ বিত্ত মন্ত্ৰীক সাক্ষাৎ কৰি ক্ৰিষ্টালিনা জৰ্জিভাই কয়  যে বিশ্বব্যাপী অনিশ্চয়তা স্বত্বেও ভাৰতে বিশ্ব অৰ্থনীতিত এক বিশেষ  স্থানউলিয়াই ল’বলৈ সক্ষম হৈছে।

 তেওঁ নতুন দিল্লীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে হোৱা বৈঠকত এই মন্তব্য কৰে। বৈঠকত  আগন্তুক জি-২০ সন্মিলনৰ  বিষয়েও আলোচনা কৰা হয় । তেওঁ কয় যে আইএমএফে ভাৰতৰ প্ৰাৰ্থিত্বৰ প্ৰতি সমৰ্থন দি যাব।দুয়োগৰাকী নেতাই বিশ্ব অৰ্থনীতিৰ বাবে  ক্ষতিকাৰক দিশ সমূহ খৰচি মাৰি আলোচনা কৰে আৰু সেই বোৰৰ নিৰাময়ৰ বাবে উপায় উদ্ভাৱনৰ কথা উল্লেখ কৰে।

সীতাৰমণ আৰু আইএমএফৰ মুৰব্বী জৰ্জিভাই বৈঠকৰ সময়তে এই কথাটো  স্বীকাৰ কৰে  যে খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ লগতে আন্তৰ্জাতিক ঋণৰ ফলত বিশ্বব্যাপী মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে।এনেবোৰ কাৰকে  নিম্ন আয়ৰ দেশবোৰত  বেয়াকৈ প্ৰভাৱ পেলাইছে বুলিও তেওঁলোকে কয়। 

বৈঠকত নিৰ্মলা সীতাৰমণে  উন্নত অৰ্থনীতিৰ দেশসমূহে প্ৰতিশ্ৰুতি অনুসৰি ভাৰতক পুঁজিৰ যোগান ধৰা নাই বুলিও কয়। বৈঠকত আইএমএফৰ মুৰব্বী  জৰ্জিভা আৰু সীতাৰমণে  বিশ্ব অৰ্থনীতিত অসাম্য আৰু ভাৰসাম্যহীনতা দূৰ কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু