--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কোৱা হয়, স্থান হেৰালে মানো হেৰায়। কাৰ্যত: এতিয়া এয়াই ঘটিছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ মুৰব্বী উদ্ভৱ ঠাকৰেৰ সৈছে। বিজেপিৰ কুটিল ৰাজনীতিৰ চিকাৰ হৈ দলত দেখা দিয়া আভ্যন্তৰীণ বিসম্বাদে মহাৰাষ্ট্ৰৰ ক্ষমতাৰ পৰা স্থানচ্যুত হোৱা  উদ্ধৱ ঠাকৰেৰ ক্ষমতাৰ যেন ক্ৰমাৎ হ্ৰাস পাই আহিছে। মাত্ৰ দুমাহ পূৰ্বে ৰাজ্যখনৰ শাসন হেৰুওৱা উদ্ধৱ ঠাকৰেক এতিয়া অগ্ৰাহ্য কৰিছে ৰাজ্যখনৰ কাৰাগাৰ কৰ্তৃপক্ষয়ো। উদ্ধৱ ঠাকৰেৰ বিশ্বস্ত সতীৰ্থ তথা কেলেংকাৰীত অভিযুক্ত কাৰাৰুদ্ধ সাংসদ সঞ্জয় ৰাউটক সাক্ষাতৰ বাবেও অনুমতি লাভত বিফল হৈছে শিৱসেনাৰ মুৰব্বীগৰাকী। 

প্ৰকাশিত খবৰ অনুসৰি উদ্ধৱ ঠাকৰেই শিৱসেনাৰ তেওঁৰ পক্ষত থকা শিৱসেনা গোটৰ আন এগৰাকী নেতাৰ জৰিয়তে সঞ্জয় ৰাউটক সাক্ষাতৰ বাবে আৰ্থাৰ ৰোড কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা অনুমতি বিচাৰিছিল। কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই ঠাকৰেৰ অনুৰোধ প্ৰত্যাখ্যান কৰি তেওঁক ৰাউটক সাক্ষাতত বাধা দিয়ে।

শিৱসেনাৰ মুৰব্বী গৰাকীয়ে লগতে ৰাউটৰ সৈতে জেইলাৰৰ কেবিনত এক বৈঠকত ভাগ লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও কাৰাগাৰ কৰ্তৃপক্ষই এই বিষয়তো অনুমতি দিবলৈ অস্বীকাৰ কৰে। কৰ্তৃপক্ষই কয় যে বৈঠকৰ বাবে আদালতৰ পৰা অনুমতি বিচাৰিব লাগিব আৰু কাৰাগাৰৰ নিয়ম অনুসৰিহে বৈঠক সম্ভৱ হ'ব।

উল্লেখ্য যে বিগত সময়চোৱাত কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা দলৰ বিৰুদ্ধে সৰৱ হৈ অহা শিৱসেনা নেতাগৰাকীক যোৱা ১ আগষ্টত পাত্ৰ চাওলৰ পুনৰ্বিকাশত বিত্তীয় অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাউটৰ মুম্বাইস্থিত বাসগৃহত দিনজোৰা অভিযানৰ পিছত ৰাউটক প্ৰথমে আটক কৰা হৈছিল যদিও সেইদিনাই নিশালৈ তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাউট আৰু পত্নীৰ লগতে আন কেইগৰাকীমান লোকৰ বিৰুদ্ধে পাত্ৰ চাওল ভূমি কেলেংকাৰীত জড়িত থকা বুলি অভিযোগ কৰিছিল। ইডি- এ গৃহ পুনৰ্বিকাশ প্ৰকল্পত বিত্তীয় অনিয়মৰ জৰিয়তে ৰাউট আৰু তেওঁৰ পৰিয়ালে এক কোটি টকাৰো অধিক মূল্য উপাৰ্জন কৰিছিল বুলিও দাবী তুলিছিল।

এই গোচৰৰ শুনানিৰ পিছতে মঙ্গলবাৰে আদালতে পুনৰ ৰাউটক ১৯ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।  উল্লেখ্য যে ১ আগষ্টত ৰাউটক গ্ৰেপ্তাৰ কৰাৰ পাছতে সাংসদগৰাকী প্ৰথম আঠ দিন এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰৰ জিম্মাত আছিল। তাৰ পিছত তেওঁক ৮ আগষ্টত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ১৪ দিনৰ জিম্মা শেষ হোৱাৰ পিছত যোৱা ২২ আগষ্টত পুনৰ ৫ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছিল আদালতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ