--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কোৱা হয়, স্থান হেৰালে মানো হেৰায়। কাৰ্যত: এতিয়া এয়াই ঘটিছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ মুৰব্বী উদ্ভৱ ঠাকৰেৰ সৈছে। বিজেপিৰ কুটিল ৰাজনীতিৰ চিকাৰ হৈ দলত দেখা দিয়া আভ্যন্তৰীণ বিসম্বাদে মহাৰাষ্ট্ৰৰ ক্ষমতাৰ পৰা স্থানচ্যুত হোৱা  উদ্ধৱ ঠাকৰেৰ ক্ষমতাৰ যেন ক্ৰমাৎ হ্ৰাস পাই আহিছে। মাত্ৰ দুমাহ পূৰ্বে ৰাজ্যখনৰ শাসন হেৰুওৱা উদ্ধৱ ঠাকৰেক এতিয়া অগ্ৰাহ্য কৰিছে ৰাজ্যখনৰ কাৰাগাৰ কৰ্তৃপক্ষয়ো। উদ্ধৱ ঠাকৰেৰ বিশ্বস্ত সতীৰ্থ তথা কেলেংকাৰীত অভিযুক্ত কাৰাৰুদ্ধ সাংসদ সঞ্জয় ৰাউটক সাক্ষাতৰ বাবেও অনুমতি লাভত বিফল হৈছে শিৱসেনাৰ মুৰব্বীগৰাকী। 

প্ৰকাশিত খবৰ অনুসৰি উদ্ধৱ ঠাকৰেই শিৱসেনাৰ তেওঁৰ পক্ষত থকা শিৱসেনা গোটৰ আন এগৰাকী নেতাৰ জৰিয়তে সঞ্জয় ৰাউটক সাক্ষাতৰ বাবে আৰ্থাৰ ৰোড কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা অনুমতি বিচাৰিছিল। কিন্তু কাৰাগাৰ কৰ্তৃপক্ষই ঠাকৰেৰ অনুৰোধ প্ৰত্যাখ্যান কৰি তেওঁক ৰাউটক সাক্ষাতত বাধা দিয়ে।

শিৱসেনাৰ মুৰব্বী গৰাকীয়ে লগতে ৰাউটৰ সৈতে জেইলাৰৰ কেবিনত এক বৈঠকত ভাগ লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও কাৰাগাৰ কৰ্তৃপক্ষই এই বিষয়তো অনুমতি দিবলৈ অস্বীকাৰ কৰে। কৰ্তৃপক্ষই কয় যে বৈঠকৰ বাবে আদালতৰ পৰা অনুমতি বিচাৰিব লাগিব আৰু কাৰাগাৰৰ নিয়ম অনুসৰিহে বৈঠক সম্ভৱ হ'ব।

উল্লেখ্য যে বিগত সময়চোৱাত কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা দলৰ বিৰুদ্ধে সৰৱ হৈ অহা শিৱসেনা নেতাগৰাকীক যোৱা ১ আগষ্টত পাত্ৰ চাওলৰ পুনৰ্বিকাশত বিত্তীয় অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাউটৰ মুম্বাইস্থিত বাসগৃহত দিনজোৰা অভিযানৰ পিছত ৰাউটক প্ৰথমে আটক কৰা হৈছিল যদিও সেইদিনাই নিশালৈ তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাউট আৰু পত্নীৰ লগতে আন কেইগৰাকীমান লোকৰ বিৰুদ্ধে পাত্ৰ চাওল ভূমি কেলেংকাৰীত জড়িত থকা বুলি অভিযোগ কৰিছিল। ইডি- এ গৃহ পুনৰ্বিকাশ প্ৰকল্পত বিত্তীয় অনিয়মৰ জৰিয়তে ৰাউট আৰু তেওঁৰ পৰিয়ালে এক কোটি টকাৰো অধিক মূল্য উপাৰ্জন কৰিছিল বুলিও দাবী তুলিছিল।

এই গোচৰৰ শুনানিৰ পিছতে মঙ্গলবাৰে আদালতে পুনৰ ৰাউটক ১৯ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।  উল্লেখ্য যে ১ আগষ্টত ৰাউটক গ্ৰেপ্তাৰ কৰাৰ পাছতে সাংসদগৰাকী প্ৰথম আঠ দিন এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰৰ জিম্মাত আছিল। তাৰ পিছত তেওঁক ৮ আগষ্টত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ১৪ দিনৰ জিম্মা শেষ হোৱাৰ পিছত যোৱা ২২ আগষ্টত পুনৰ ৫ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি কৰিছিল আদালতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু