--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখত চীনৰ সেনাই আগ্ৰাসন চলোৱাত লৈ বিগত কিছু বছৰ ধৰি ভাৰত আৰু চীনৰ মাজত সংঘাত অব্যাহত আছে। এনে সংঘাতৰ পৰিণতিতে কুৰি জনকৈ ভাৰতীয় সেনাৰ প্ৰাণো গৈছে। ইয়াৰ মাজতে ভাৰত আৰু চীনৰ মাজত লাডাখ সংকটকলৈ ১৬ লানি আলোচনা অনুষ্ঠিত হৈছে। শেহতীয়া আলোচনামৰ্মে আজিৰে পৰা দুয়োখন দেশে পূব লাডাখৰ গোগ্ৰা আৰু হট স্প্ৰিং অঞ্চলৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰা আৰম্ভ কৰিছে।

 প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে দুয়োখন দেশৰ মাজত অনুষ্ঠিত ১৬ সংখ্যক বৈঠকত হোৱা সহমতৰ ভিত্তিত সৈন্য প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে অহা সপ্তাহত উজবেকিস্তানত অনুষ্ঠিত হ'বলগীয়া এছচিঅ' সন্মিলনত  বৈঠক অনুষ্ঠিত কৰিব বুলি অনুমান কৰা হৈছে।দুবছৰ আগতে, ১৫ জুনত পূব লাডাখৰ গালোৱান উপত্যকাত  ভাৰতীয় সেনা আৰু চীনা সেনাৰ (পিএলএ) মাজত এক ৰক্তক্ষয়ী সংঘৰ্ষ হৈছিল। পৰৱৰ্তী পৰ্যায়ত, উত্তেজনা হ্ৰাস কৰিবলৈ সামৰিক আৰু কূটনৈতিক পৰ্যায়ত আলোচনা আৰম্ভ হয়। আলোচনাৰ আধাৰত দুয়োখন দেশে   সৈন্যৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লয়।অৱশ্যে বহু লানি আলোচনাৰ পিছতো চীনে লাডাখৰ পৰা সেনা আঁতৰাই নিয়া নাছিল। 

দুয়োখন দেশে আজি  এক যুটীয়া বিবৃতিত কয়, "শেহতীয়া ১৬ লানি বৈঠকৰ আধাৰত গোগ্ৰা-হটস্প্ৰিং (পেট্ৰলিং পইণ্ট-১৫)ৰ পৰা  পৰিকল্পিত ভাৱে সৈন্য প্ৰত্যাহাৰ আৰম্ভ হৈছে।" দুয়োপক্ষই আশা ব্যক্ত কৰে যে এই পদক্ষেপে সীমান্ত অঞ্চলত শান্তি বৰ্তাই ৰখাত সহায় কৰিব।লাডাখ প্ৰসংগত দুয়োখন দেশৰ  ইতিবাচক পদক্ষেপে এছচিঅ'ত একেখন মঞ্চত উপস্থিত থকা দুয়োখন দেশৰ নেতাৰ মাজত  বৈঠক অনুষ্ঠিত হোৱাৰ  সম্ভাৱনা বৃদ্ধি কৰিছে।কূটনৈতিক সূত্ৰৰ মতে মোদী  আৰু জিনপিঙে কিছু সময়ৰ বাবে লাডাখ সমস্যাকলৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। 

অৱশ্যে চীনা সেনা এতিয়াও লাডাখ সীমান্তৰ কেইবাটাও অংশত নিয়োজিত হৈ আছে। ফলস্বৰূপে, কূটনৈতিক শিবিৰে কয় যে যদি সীমান্তৰ পৰিস্থিতি আগৰ দৰে স্বাভাৱিক নহয় তেন্তে দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰখাটো সম্ভৱ নহয়। দুবছৰ আগতে  চীনা সৈন্যবাহিনীয়ে লাডাখৰ  ফিংগাৰ-৪দখল কৰি লৈছিল। চীনা সেনাই পাংগং হ্ৰদৰ কাষৰীয়া স্থানতো  প্ৰৱেশ কৰিছিল। দ্বিপাক্ষিক আলোচনাৰ আধাৰত, চীনৰ সেনাই  পিছত ফিংগাৰ-৫ ৰ পৰা  পিছুৱাই যায়। পূৰ্বে  ভাৰতীয় সেনাই লাডাখৰ  ফিংগাৰ-8 লৈকে টহল দিছিল। চীনৰ সেনাই সেই ঠায়ো দখলৰ চেষ্টা কৰিছিল।ইয়াৰ উপৰি চীনা সেনাই উত্তৰ লাডাখৰ দৌলত বেটি বিমান ঘাটিৰ ওচৰৰ ডেপচাং উপত্যকাৰ নিয়ন্ত্ৰণ ৰেখাৰ ভিতৰলৈ প্ৰায় ডেৰ কিলোমিটাৰ সোমাই আহিছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?