--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰৰ স’তে খেলি থাকোতেই হৃদৰোগত আক্ৰান্ত হ’ল থাইলেণ্ডৰ ৰাজকুমাৰী বজ্ৰাকতিয়াভা। জানিব পৰা মতে, যোৱা বুধবাৰে হৃদৰোগত আক্ৰান্ত হয় ৪৪ বছৰীয়া ৰাজকুমাৰীগৰাকী।

হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছতে  বেংককৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰাজপ্ৰসাদৰ তৰফৰ পৰা এক বিবৃতি যোগে শেহতীয়াকৈ ৰাজকুমাৰীৰ স্বাস্থ্য কিছু পৰিমাণে সুস্থিৰ বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে ৰাজকুমাৰী বজ্ৰাকতিয়াভা ৰজাৰ প্ৰথমা পত্নী ৰাজকুমাৰী সোমসাৱালীৰ জ্যেষ্ঠ কন্যা। বহুকেইটা ৰাজকাৰ্যৰ স’তে জড়িত হৈ আহিছে ৰাজকুমাৰীগৰাকী। ২০১২ চনৰ পৰা ২০১৪ চনলৈকে ৰাজকুমাৰী বজ্ৰাকতিয়াভাই অষ্ট্ৰিয়াত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব পালন কৰিছিল।

আমেৰিকাৰ দুখন বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৰাজকুমাৰীগৰাকীয়ে। বজ্ৰাকতিয়াভা ৰাজপৰিয়ালৰ ভিতৰৰ আটাইতকৈ সক্ৰিয় আৰু সপ্ৰতিভ ব্যক্তি। 

ৰজা বাজিৰালংকৰ্ণেৰ পাছত ৰাজকুমাৰী বজ্ৰকতিয়াভাকে সৰ্বাধিক উপযুক্ত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’