--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰৰ স’তে খেলি থাকোতেই হৃদৰোগত আক্ৰান্ত হ’ল থাইলেণ্ডৰ ৰাজকুমাৰী বজ্ৰাকতিয়াভা। জানিব পৰা মতে, যোৱা বুধবাৰে হৃদৰোগত আক্ৰান্ত হয় ৪৪ বছৰীয়া ৰাজকুমাৰীগৰাকী।

হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছতে  বেংককৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰাজপ্ৰসাদৰ তৰফৰ পৰা এক বিবৃতি যোগে শেহতীয়াকৈ ৰাজকুমাৰীৰ স্বাস্থ্য কিছু পৰিমাণে সুস্থিৰ বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে ৰাজকুমাৰী বজ্ৰাকতিয়াভা ৰজাৰ প্ৰথমা পত্নী ৰাজকুমাৰী সোমসাৱালীৰ জ্যেষ্ঠ কন্যা। বহুকেইটা ৰাজকাৰ্যৰ স’তে জড়িত হৈ আহিছে ৰাজকুমাৰীগৰাকী। ২০১২ চনৰ পৰা ২০১৪ চনলৈকে ৰাজকুমাৰী বজ্ৰাকতিয়াভাই অষ্ট্ৰিয়াত থাইলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব পালন কৰিছিল।

আমেৰিকাৰ দুখন বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৰাজকুমাৰীগৰাকীয়ে। বজ্ৰাকতিয়াভা ৰাজপৰিয়ালৰ ভিতৰৰ আটাইতকৈ সক্ৰিয় আৰু সপ্ৰতিভ ব্যক্তি। 

ৰজা বাজিৰালংকৰ্ণেৰ পাছত ৰাজকুমাৰী বজ্ৰকতিয়াভাকে সৰ্বাধিক উপযুক্ত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ