--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে কূনৈতিক যুঁজত সফল হ’ব নোৱাৰি পাকিস্তানে এইবাৰ কেতবোৰ অতি নিকৃষ্ট মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে৷ শিষ্টাচাৰৰ সকলো সীমা উলংঘা কৰি পাকিস্তানে এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গুজৰাটৰ কছাই আখ্যা দিছে৷ ভাৰতৰ  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত  পাকিস্তানক তীব্ৰ সমালোচনা কৰাৰ পিছতে পাকিস্তানৰ বৈদেশিকমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে বিষ উগাৰি দিছে৷ 

 ভাৰতৰ  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰসংঘত কৈছিল যে "ওছামা বিন লাদেনক আশ্ৰয় দিয়া এখন দেশক সমৰ্থন কৰাটো উচিত নহয়।জয়শংকৰৰ এনে মন্তব্যৰ পিছতে  পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল জাৰ্দাৰী ভুট্টোৱে কয়  "ভাৰত চৰকাৰ হিটলাৰ নীতিৰে পৰিচালিত হৈছে। চৰকাৰে মহাত্মা গান্ধীক বিশ্বাস নকৰে, কিন্তু তেওঁৰ হত্যাকাৰীৰ আদৰ্শত বিশ্বাস কৰে।" ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানৰ বিৰুদ্ধে  তীব্ৰ আক্ৰমণ চলাইছিল। 

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল জাৰ্দাৰী ভুট্টোৱে ৰাষ্ট্ৰসংঘৰ বৈঠকত কোনো ধৰণৰ তথ্য অবিহনেই কাশ্মীৰ সমস্যাৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত, এছ  জয়শংকৰে বিলাৱালক কঠোৰ ভাষাত আক্ৰমণ কৰিছিল। তেওঁৰ ভাষণত  জয়শংকৰে বহুপাক্ষিক সংগঠনসমূহৰ সংস্কাৰৰ বিষয়ে কৈছিল । বিলাৱালে তেতিয়া কৈছিল, "যদি আপুনি বহুপাক্ষিকতাৰ সফলতা দেখিছে, তেন্তে কাশ্মীৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ কাৰ্যকৰী কৰক। অঞ্চলটোত শান্তি স্থাপন কৰক। বিলাৱালৰ মন্তব্যৰ পিছত, জয়শংকৰে বিন লাদেনৰ বিষয়টো উত্থাপন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’