--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে কূনৈতিক যুঁজত সফল হ’ব নোৱাৰি পাকিস্তানে এইবাৰ কেতবোৰ অতি নিকৃষ্ট মন্তব্য কৰিবলৈ আৰম্ভ কৰিছে৷ শিষ্টাচাৰৰ সকলো সীমা উলংঘা কৰি পাকিস্তানে এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গুজৰাটৰ কছাই আখ্যা দিছে৷ ভাৰতৰ  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত  পাকিস্তানক তীব্ৰ সমালোচনা কৰাৰ পিছতে পাকিস্তানৰ বৈদেশিকমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে বিষ উগাৰি দিছে৷ 

 ভাৰতৰ  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাষ্ট্ৰসংঘত কৈছিল যে "ওছামা বিন লাদেনক আশ্ৰয় দিয়া এখন দেশক সমৰ্থন কৰাটো উচিত নহয়।জয়শংকৰৰ এনে মন্তব্যৰ পিছতে  পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল জাৰ্দাৰী ভুট্টোৱে কয়  "ভাৰত চৰকাৰ হিটলাৰ নীতিৰে পৰিচালিত হৈছে। চৰকাৰে মহাত্মা গান্ধীক বিশ্বাস নকৰে, কিন্তু তেওঁৰ হত্যাকাৰীৰ আদৰ্শত বিশ্বাস কৰে।" ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানৰ বিৰুদ্ধে  তীব্ৰ আক্ৰমণ চলাইছিল। 

পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল জাৰ্দাৰী ভুট্টোৱে ৰাষ্ট্ৰসংঘৰ বৈঠকত কোনো ধৰণৰ তথ্য অবিহনেই কাশ্মীৰ সমস্যাৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত, এছ  জয়শংকৰে বিলাৱালক কঠোৰ ভাষাত আক্ৰমণ কৰিছিল। তেওঁৰ ভাষণত  জয়শংকৰে বহুপাক্ষিক সংগঠনসমূহৰ সংস্কাৰৰ বিষয়ে কৈছিল । বিলাৱালে তেতিয়া কৈছিল, "যদি আপুনি বহুপাক্ষিকতাৰ সফলতা দেখিছে, তেন্তে কাশ্মীৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ কাৰ্যকৰী কৰক। অঞ্চলটোত শান্তি স্থাপন কৰক। বিলাৱালৰ মন্তব্যৰ পিছত, জয়শংকৰে বিন লাদেনৰ বিষয়টো উত্থাপন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক