--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি সন্ধানহীন হৈ পৰা শিশুৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে স্নিফাৰ ডগে। মুম্বাই আৰক্ষীৰ স্নিফাৰ ডগে ৬ বছৰীয়া সন্ধানহীন শিশুটিৰ সন্ধান উলিওৱাৰ পিছতে শিশুটিৰ পৰিয়ালৰ লোকসকলৰ মুখত হাঁহি বিৰিঙিছে।  শিশুটিক ইতিমধ্যে  সুৰক্ষিতভাৱে তেওঁৰ পৰিয়ালক গতাই দিয়া হৈছে।কুকুৰৰ আনুগত্য আৰু কৰ্তব্য পৰায়ণাতাৰ বিষয়ে   সদায় আলোচনা হৈ আহিছে। মুম্বাইৰ পোৱাইৰ পৰা এটা ৬ বছৰীয়া শিশু সন্ধানহীন হৈছিল। 

এই সন্দৰ্ভত  আৰক্ষীৰ ওচৰত এখন এজাহাৰ  পঞ্জীয়ন কৰা হৈছিল। আন্ধেৰী ইষ্টৰ অশোক নগৰ অঞ্চলৰ  ছয় বছৰীয়া শিশুটিয়ে  তেওঁৰ বন্ধুবৰ্গৰ সৈতে খেলিবলৈ গৈছিল । কিন্তু তেওঁ ঘৰলৈ উভতি অহা নাছিল। পৰিয়ালৰ লোকে  শিশুটিক বহু  বিচাৰিও কোনো সন্ধান পোৱা নাছিল।  পিছত পৰিয়ালটোৱে উপায়ন্তৰ হৈ  আৰক্ষী থানাত উপস্থিত হৈছিল।
 
পোৱাই আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এটা গোচৰ ৰুজু কৰিছিল আৰু শিশুটিৰ সন্ধান উলিয়াবলৈ  এটা আৰক্ষীৰ দল গঠন কৰিছিল।  অনুসন্ধান আৰম্ভ হৈছিল। বস্তি এলেকা হোৱাৰ বাবে সেই ঠাইত চিচিটিভি স্থাপন কৰা হোৱা নাছিল। সেয়া আৰক্ষীৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। পোৱাই আৰক্ষীয়ে গোপন সূত্ৰ  আৰু স্থানীয় লোকসকলৰ সহায়ত  তদন্ত চলাই আছিল।

আৰক্ষীয়ে সন্ধানহীন শিশুটোক বিচাৰি উলিয়াবলৈ এটা স্নিফাৰ ডগ নিয়োজিত কৰিছিল।  স্নিফাৰ ডগে  শিশুটোৱে পিন্ধা টি-চাৰ্টৰ গোন্ধৰ ওপৰত ভিত্তি কৰি  অনুসন্ধান অভিযান আৰম্ভ কৰিছিল।স্নিফাৰ ডগ লিঅ'ক প্ৰথমে শিশুটিৰ ঘৰলৈ লৈ যোৱা হৈছিল । কিছু সময়ৰ পিছতে  লিঅ'ই সেই ঠাইত উপস্থিত হৈছিল য'ত শিশুটো  আছিল। শিশুটিক আম্বেদকাৰ উদিয়ান অশোক টাৱাৰ অঞ্চলত উদ্ধাৰ কৰা হয়। শিশুটিয়ে তাত কিদৰে উপস্থিত হ’ল সেই বিষয়ত আৰক্ষীয়ে অনুসন্ধান কৰি আছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান