--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি সন্ধানহীন হৈ পৰা শিশুৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে স্নিফাৰ ডগে। মুম্বাই আৰক্ষীৰ স্নিফাৰ ডগে ৬ বছৰীয়া সন্ধানহীন শিশুটিৰ সন্ধান উলিওৱাৰ পিছতে শিশুটিৰ পৰিয়ালৰ লোকসকলৰ মুখত হাঁহি বিৰিঙিছে।  শিশুটিক ইতিমধ্যে  সুৰক্ষিতভাৱে তেওঁৰ পৰিয়ালক গতাই দিয়া হৈছে।কুকুৰৰ আনুগত্য আৰু কৰ্তব্য পৰায়ণাতাৰ বিষয়ে   সদায় আলোচনা হৈ আহিছে। মুম্বাইৰ পোৱাইৰ পৰা এটা ৬ বছৰীয়া শিশু সন্ধানহীন হৈছিল। 

এই সন্দৰ্ভত  আৰক্ষীৰ ওচৰত এখন এজাহাৰ  পঞ্জীয়ন কৰা হৈছিল। আন্ধেৰী ইষ্টৰ অশোক নগৰ অঞ্চলৰ  ছয় বছৰীয়া শিশুটিয়ে  তেওঁৰ বন্ধুবৰ্গৰ সৈতে খেলিবলৈ গৈছিল । কিন্তু তেওঁ ঘৰলৈ উভতি অহা নাছিল। পৰিয়ালৰ লোকে  শিশুটিক বহু  বিচাৰিও কোনো সন্ধান পোৱা নাছিল।  পিছত পৰিয়ালটোৱে উপায়ন্তৰ হৈ  আৰক্ষী থানাত উপস্থিত হৈছিল।
 
পোৱাই আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এটা গোচৰ ৰুজু কৰিছিল আৰু শিশুটিৰ সন্ধান উলিয়াবলৈ  এটা আৰক্ষীৰ দল গঠন কৰিছিল।  অনুসন্ধান আৰম্ভ হৈছিল। বস্তি এলেকা হোৱাৰ বাবে সেই ঠাইত চিচিটিভি স্থাপন কৰা হোৱা নাছিল। সেয়া আৰক্ষীৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। পোৱাই আৰক্ষীয়ে গোপন সূত্ৰ  আৰু স্থানীয় লোকসকলৰ সহায়ত  তদন্ত চলাই আছিল।

আৰক্ষীয়ে সন্ধানহীন শিশুটোক বিচাৰি উলিয়াবলৈ এটা স্নিফাৰ ডগ নিয়োজিত কৰিছিল।  স্নিফাৰ ডগে  শিশুটোৱে পিন্ধা টি-চাৰ্টৰ গোন্ধৰ ওপৰত ভিত্তি কৰি  অনুসন্ধান অভিযান আৰম্ভ কৰিছিল।স্নিফাৰ ডগ লিঅ'ক প্ৰথমে শিশুটিৰ ঘৰলৈ লৈ যোৱা হৈছিল । কিছু সময়ৰ পিছতে  লিঅ'ই সেই ঠাইত উপস্থিত হৈছিল য'ত শিশুটো  আছিল। শিশুটিক আম্বেদকাৰ উদিয়ান অশোক টাৱাৰ অঞ্চলত উদ্ধাৰ কৰা হয়। শিশুটিয়ে তাত কিদৰে উপস্থিত হ’ল সেই বিষয়ত আৰক্ষীয়ে অনুসন্ধান কৰি আছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement