--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত এনফোৰ্চটমেণ্ট সঞ্চালকালয়ে (ইডি) অভিযান চলাই বহু লোকক গ্ৰেপ্তাৰ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে সক্ৰিয় সংস্থাটোতেই পিছে আছে বহু দুৰ্নীতিগ্ৰস্ত বিষয়া। কিছুদিন পূৰ্বে ৰাজস্থানত তেনে এগৰাকী ইডিৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ একে ঘটনাই ঘটিছে তামিলনাডুত।

  ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোটৰ  মাদুৰাই শাখাই শেহতীয়াকৈ  ডিণ্ডিগুল-মাদুৰাই ঘাইপথত ইডি বিষয়া অংকিত তিৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ইডিৰ  জ্যেষ্ঠ বিষয়াজনে ২০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰিছে।  ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোচটৰ  মাদুৰাই শাখাই  ইডিৰ বিষয়াজনক ধৰিবলৈ জাল পেলাইছিল।

অংকিত তিৱাৰীয়ে পূৰ্বে  গুজৰাট আৰু মধ্য প্ৰদেশত কাৰ্যনিৰ্বাহ  কৰিছিল। তিৱাৰীক উৎকোচ দিয়া ব্যক্তিজনে ভিজিলেন্স বিষয়াসকলক এই বিষয়ে সতৰ্ক কৰাৰ পিছতে ভিজিলেন্সে বিষয়া জনক হাতেলোটে ধৰিবলৈ পৰিকল্পনা কৰে।  

উল্লেখ্য  ইডিয়ে তামিলনাডুৰ বহু মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া একাংশৰ বিৰুদ্ধে সক্ৰিয়ভাৱে গোচৰৰ তদন্ত কৰি আছে।এনে সময়তে ইডিৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ কথাই আলোড়ণৰ সৃষ্টি কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক