--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত এনফোৰ্চটমেণ্ট সঞ্চালকালয়ে (ইডি) অভিযান চলাই বহু লোকক গ্ৰেপ্তাৰ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে সক্ৰিয় সংস্থাটোতেই পিছে আছে বহু দুৰ্নীতিগ্ৰস্ত বিষয়া। কিছুদিন পূৰ্বে ৰাজস্থানত তেনে এগৰাকী ইডিৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ একে ঘটনাই ঘটিছে তামিলনাডুত।

  ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোটৰ  মাদুৰাই শাখাই শেহতীয়াকৈ  ডিণ্ডিগুল-মাদুৰাই ঘাইপথত ইডি বিষয়া অংকিত তিৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ইডিৰ  জ্যেষ্ঠ বিষয়াজনে ২০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰিছে।  ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোচটৰ  মাদুৰাই শাখাই  ইডিৰ বিষয়াজনক ধৰিবলৈ জাল পেলাইছিল।

অংকিত তিৱাৰীয়ে পূৰ্বে  গুজৰাট আৰু মধ্য প্ৰদেশত কাৰ্যনিৰ্বাহ  কৰিছিল। তিৱাৰীক উৎকোচ দিয়া ব্যক্তিজনে ভিজিলেন্স বিষয়াসকলক এই বিষয়ে সতৰ্ক কৰাৰ পিছতে ভিজিলেন্সে বিষয়া জনক হাতেলোটে ধৰিবলৈ পৰিকল্পনা কৰে।  

উল্লেখ্য  ইডিয়ে তামিলনাডুৰ বহু মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া একাংশৰ বিৰুদ্ধে সক্ৰিয়ভাৱে গোচৰৰ তদন্ত কৰি আছে।এনে সময়তে ইডিৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ কথাই আলোড়ণৰ সৃষ্টি কৰিছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন