--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত নিৰামিষভোজীতকৈ আমিষভোজী খাদ্য খোৱাৰ সংখ্যা বেছি। ২০১৫-১৬ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা অনুসৰি ভাৰতৰ ৭৮ শতাংশ মহিলা আৰু ৭০ শতাংশ পুৰুষে আমিষ খাদ্য খায়। কুকুৰা মাংস বেছিভাগ মানুহৰে পছন্দ কাৰণ ইয়াত ৰেড মীটতকৈ কম চৰ্বি থাকে আৰু ইয়াৰ খৰচো বেছি নহয়, কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল কুকুৰা খালে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হয় নেকি... জানো আহক৷

ৰেড মীটত থকা সংপৃক্ত চৰ্বিৰ বাবে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়, গতিকে বহু খাদ্য বিশেষজ্ঞইও কুকুৰাক ৰেড মীটতকৈ অধিক স্বাস্থ্যকৰ বুলি গণ্য কৰে। কুকুৰা খালে শৰীৰৰ প্ৰটিনৰ প্ৰয়োজনীয়তা পূৰণ হয়, কিন্তু অতিৰিক্ত যিকোনো বস্তু খোৱাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হয়, কুকুৰাৰ ক্ষেত্ৰতো একেই কথা।

কুকুৰা খোৱাটো উপকাৰী নে ক্ষতিকাৰক?

কুকুৰা আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী বা ক্ষতিকাৰক হ’ব পাৰে, ই নিৰ্ভৰ কৰিব আপুনি এই নন-ভেজ খাদ্যটো কেনেকৈ ৰান্ধিছে তাৰ ওপৰত। যদি আপুনি কুকুৰা ৰন্ধাত অধিক তেল ব্যৱহাৰ কৰিছে, য’ত অধিক সংপৃক্ত চৰ্বি থাকে, তেন্তে ই কলেষ্টেৰল বৃদ্ধি কৰিব।

কুকুৰাত পোৱা পুষ্টিকৰ উপাদান

-প্ৰটিন- ২৭.০৭ গ্ৰাম
কলেষ্টেৰল - ৮৭ মিলিগ্ৰাম
-চৰ্বি- ১৩.৫ গ্ৰাম
-কেলৰি- ২৩৭ মিলিগ্ৰাম
-কেলচিয়াম- ১৫ মিলিগ্ৰাম
-ছডিয়াম ৪০৪ মিলিগ্ৰাম
-ভিটামিন এ - ১৬০ মাইক্ৰ’গ্ৰাম
-আয়ৰন- ১.২৫ মিলিগ্ৰাম
-পটাছিয়াম- ২২১ মিলিগ্ৰাম

এই কুকুৰা মাংসৰ ৰেচিপিবোৰত কলেষ্টেৰল বৃদ্ধি পায়

যদি আপুনি কুকুৰা প্ৰস্তুত কৰাত মাখন, তেল বা আন যিকোনো সংপৃক্ত চৰ্বি বেছিকৈ ব্যৱহাৰ কৰে, তেন্তে নিশ্চয় কলেষ্টেৰল বৃদ্ধি পাব। বাটাৰ চিকেন, চিকেন চাংজী, দৈ চিকেন আৰু আফগানী চিকেনে চৰ্বি আৰু কলেষ্টেৰল বৃদ্ধি কৰাত সহায় কৰে। গতিকে যিমান পাৰি কমকৈ খাব লাগে।

এই কুকুৰা মাংসৰ ৰেচিপিবোৰত কলেষ্টেৰল ঠিকে থাকে

যদি আপুনি বিচাৰে যে কুকুৰা খোৱাৰ পাছত বেয়া কলেষ্টেৰল বৃদ্ধি হ’ব নালাগে, তেন্তে ইয়াৰ বাবে আপুনি কিছুমান বিশেষ ৰেচিপি বাছি ল’ব পাৰে, যেনে চিকেন চূপ, কম তেলত বনোৱা চিকেন তণ্ডুৰী, কম তেল-মচলাৰে ৰন্ধা চিকেন কাৰী, চিকেন কাবাব আদি। এই সকলোবোৰ খাদ্যবস্তুতে ৰন্ধন তেল আৰু ঘিউৰ ব্যৱহাৰ অতি কম, গতিকে ইহঁতে স্বাস্থ্যৰ ক্ষতি নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক