--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নদীমাতৃক ৰাজ্য বুলি কোৱা হয় অসমক৷ অসমৰ ভৌগোলিক পৰিচিতি, সামাজিক-সাংস্কৃতিক বিৱৰ্তন, আৰ্থ-সামাজিক পৰিবেশ-পৰিস্থিতি ইত্যাদি সকলো দিশতে মহাবাহু ব্ৰহ্মপুত্ৰৰ গুৰুত্বক নতুনকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই৷ আৰু এই ব্ৰহ্মপুত্ৰকে চিৰপ্ৰবহমান কৰি ৰাখিছে ইয়াৰ উপনৈসমূহে৷ 

কুলসী নদী হ’ল এই বৰলুইতৰে দক্ষিণ ফালৰ পৰা বৈ অহা উত্তৰ বাহিনী এখন উল্লেখযোগ্য উপনৈ। কুলসী নদীখনৰ প্ৰাচীন নাম আছিল ‘নীলা নদী’। সপ্তদশ শতিকাত ৰচিত শিৱনাথ দ্বিজৰ ‘চণ্ডীৰ পয়াৰ’ত এই তথ্যৰ উল্লেখ পোৱা যায়। জনশ্ৰুতি অনুসৰি কৈলাসৰ পৰা নামি আহি এই নদীখন কৈলাসী নামেৰে অতীতত জনাজাত আছিল, যাৰ পৰাই পৰৱৰ্তী সময়ত এই নদীৰ নাম কুলসী বা কুলচী হৈছে। 

কুলসীৰ প্ৰধান বৈশিষ্ট্য হৈছে নদীখনত পোৱা ৰঙা বালি৷ আৰু এই ৰঙা বালিৰ মূল উৎস মেঘালয়ৰ মালভূমি অঞ্চলৰ পৰা নামি অহা অনা বালিৰ আকৰ আৰু সৰু সৰু কংকৰ। কেইবাটাও জলস্ৰোতে কুলসী নদীৰ বালিৰ পৰিমাণ বৃদ্ধি হোৱাত অৰিহণা যোগাইছে। সকলোৱে জানে যে নদীৰ বালি হৈছে প্ৰচুৰ পৰিমাণে পোৱা প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত অন্যতম৷ অবাধ হাৰত নদীৰ বুকু বিদাৰি বালিখনন কৰিলে প্ৰবাহিত নদীখনত কুপ্ৰভাৱ পৰে আৰু লাহে লাহে চৰিত্ৰ সলনি হয় সেই নদীখনৰ৷  ঠিক তেনেধৰণৰ কিছু ঘটনাই এতিয়া ঘটি আছে কুলসী নদীৰ বুকুত৷

কুলসীৰ ওপৰত চলা একাংশ লোকৰ অসংবেদশীল কাৰ্যকলাপে নদীখনক প্ৰভাৱিত কৰাৰ লগতে ক্ষতিগ্ৰস্ত কৰিছে নদীখনে ধাৰণ কৰা জীৱকুলকো৷ কুলসী নদীৰ বক্ষৰ পৰা ডিজেলচালিত পানী পাম্প আৰু সৰু পাম্পেৰে কৰা অবাধ বালিখনন, নীতি বহিৰ্ভূত ঔদ্যোগিক ক্ৰিয়াকলাপ আৰু অবিজ্ঞানসন্মত নিৰ্মাণকাৰ্যই নদীখনৰ স্বাভাৱিক অৱস্থাক ধ্বংসপ্ৰাপ্ত কৰিছে। যাৰ বাবে নদীখনৰ বিলুপ্তপ্ৰায় শিহুৰ স্পৰ্শকাতৰৰূপে চিহ্নিত বাসস্থানৰৰ এটা গুৰুত্বপূৰ্ণ এটা অংশ প্ৰায় বিলুপ্তি হৈছে।

চলিত সংসদৰ অধিৱেশনত ৰাজ্যসভাত কুলসী নদীৰ বিলুপ্তপ্ৰায় শিহু আৰু কুলসী নদীত চলি থকা অবৈধ বালিখননক প্ৰশ্ন উত্থাপন কৰে সাংসদ অজিত কুমাৰ ভূঞাই৷ নদীখনৰ পৰিবেশতন্ত্ৰ পুনৰুদ্ধাৰ আৰু শিহুসমূহক সুৰক্ষা প্ৰদানৰ বাবে কঠোৰ নিষেধাজ্ঞা জাৰিৰ প্ৰয়োজনীয়তাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত সংসদৰ শূন্যকালীত ঘণ্টাত বিষয়টো উত্থাপন কৰে সাংসদগৰাকীয়ে৷

উল্লেখযোগ্য যে অসম চৰকাৰে ২০০৮ত শিহুক ‘ৰাজ্যিক জলজ প্ৰাণী’ বুলি ঘোষণা কৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰে ২০০৯ত ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে স্বীকৃতি দিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান