--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনিল আম্বানীৰ জ্যেষ্ঠ পুত্ৰৰ বিবাহ। অনিল পুত্ৰ জয় আনমোল আম্বানী আৰু কৃষ্ণাশ্বাহ বিবাহপাশত আবদ্ধ হয় দেওবাৰে। অনিল পুত্ৰৰ বিয়াত তাৰকাৰ লানি নিছিগা শাৰী। আম্বানীৰ চোতালত বলীউড তাৰকাসকলৰ ভিৰ থকাতো কোনো আশ্চৰ্যকৰ কথা নহয় তাপি বিয়াখনক লৈ চলিছে চৰ্চা। সামাজিক মাধ্যমত বিষয়টোক লৈ চৰ্চা চলাই নহয় ভাইৰেল হৈছে বিয়াৰ ফটো। মুম্বাইৰ কাফ পেৰেডত অনিলৰ বাসগৃহ 'চি-ৱিণ্ড'ত অনুষ্ঠিত হোৱা আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানত বলীউডৰ পৰা ৰাজনীতি বা ফেশ্বনৰ পৃথিৱীলৈকে কোন অহা নাই অনিল পুত্ৰক যুগ্মজীৱনৰ আশীবাৰ্দ দিবলৈ? জয়-কৃষ্ণাৰ জীৱনৰ এই বিশেষ দিনটো উদযাপনৰ সাক্ষী হ’বলৈ উপস্থিত আছিল বচ্চন পৰিয়াল। অমিতাভ-জয়া, অভিষেক-ঐশ্বৰ্য, শ্বেতা, বচ্চন পৰিয়ালক এনেদৰেই দেখিবলৈ পোৱা গ’ল 'চি ৱিণ্ড'ত। দেওবাৰে সন্ধিয়াৰ পূৰ্বেই বিবাহগৃহত উপস্থিত হৈছিল অমিতাভ বচ্চন। পিন্ধনত বগা কুৰ্তা-শ্বেৰৱানীৰ সৈতে পাগুৰি সাজত উপস্থিত হৈছিল বলীউড শ্বেহেনশ্বাহ। এনে লাগিছিল যেন তেওঁৱেই দৰা! পাছ পৰি ৰোৱা নাই অমিতাভ অৰ্ধাংগিনী জয়া। কপালত ৰঙা ফোঁট, হাতত সোণৰ খাৰু, চুলিৰ খোপা, দীঘল নেকলেছেৰে নিজকে সজাই তুলিছিল জয়া বচ্চনেও। ‘শ্বোলে’ৰ জয় থাকিব আৰু বীৰু নাথাকিব তেনে কথা হ’ব পাৰে নে? অমিতাভৰ পাছতে উপস্থিত হয় বীৰু অৰ্থাত্‍ ধৰ্মেন্দ্ৰ। আৰু বাসন্তী? তেওঁৱো আছিল। হেমা মালিনীকো জয়াৰ কাষত কম ধুনীয়া দেখা নাছিল। সোণালী ৰঙৰ সাজত উজলি উঠিছিল হেমা মালিনী। জয়া-হেমাৰ লগতে সাংসদ সুপ্ৰিয়া চুলেকো দেখা গৈছিল। হেমাই ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। সংসদীয় ৰাজনীতিত বিভিন্ন মতাদৰ্শ থাকলিও তেওঁলোক যে এই ক্ষেত্ৰত একত্ৰিত হৈ আছে তাকে সোঁৱৰায় দিলে হেমা মালিনীয়ে। অভিষেক আৰু ঐশ্বৰ্যই অমিতাভ-জয়াৰ সৈতে কন্যা আৰাধ্যাকো লৈ গৈছিল। তেওঁলোক তিনিওজনে প্ৰায় একে ৰঙৰ পোছাক পৰিধান কৰিছিল। আৰাধ্যা ৰঙা লেহেঙ্গাত ঐশ্বৰ্যৰ কাষতে থিয় দি আছিল। নীতা আম্বানীয়েও অতিথি আপ্যায়নত ৰখা নাছিল ক্ৰূটি। আম্বানিৰ আপ্যায়নত মুগ্ধ বিগ-বি। মুঠতে এই ছবিবোৰ এতিয়া সামাজিক মাধ্যমত ভাইৰেল ৰৈ পৰিছে। পৰিয়ালৰ সদস্যক এইদৰে একেলগে দেখা পাই উচ্ছসিত অনুৰাগী। এওঁলোকৰ মাজতে অনুৰাগীয়ে যেন দেখিবলৈ পাইছে বলীউডত জোঁকাৰণি তোলা ‘শ্বোলে’ চলচ্চিত্ৰৰ প্ৰতিটো চৰিত্ৰ। বিভিন্নজনে টুইটাৰত জনাইছে জয়-বীৰু, বাসন্তীক জনাইছে অভিবাদন। দীৰ্ঘ বিৰতিৰ অন্তত বলীউডৰ এই দুই জনপ্ৰিয় যুটিৰ আম্বানীৰ চোতালত এনেদৰে দেখিবলা পাই সন্তোষ লভিছে চলচ্চিত্ৰ প্ৰেমীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু