--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনিল আম্বানীৰ জ্যেষ্ঠ পুত্ৰৰ বিবাহ। অনিল পুত্ৰ জয় আনমোল আম্বানী আৰু কৃষ্ণাশ্বাহ বিবাহপাশত আবদ্ধ হয় দেওবাৰে। অনিল পুত্ৰৰ বিয়াত তাৰকাৰ লানি নিছিগা শাৰী। আম্বানীৰ চোতালত বলীউড তাৰকাসকলৰ ভিৰ থকাতো কোনো আশ্চৰ্যকৰ কথা নহয় তাপি বিয়াখনক লৈ চলিছে চৰ্চা। সামাজিক মাধ্যমত বিষয়টোক লৈ চৰ্চা চলাই নহয় ভাইৰেল হৈছে বিয়াৰ ফটো। মুম্বাইৰ কাফ পেৰেডত অনিলৰ বাসগৃহ 'চি-ৱিণ্ড'ত অনুষ্ঠিত হোৱা আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানত বলীউডৰ পৰা ৰাজনীতি বা ফেশ্বনৰ পৃথিৱীলৈকে কোন অহা নাই অনিল পুত্ৰক যুগ্মজীৱনৰ আশীবাৰ্দ দিবলৈ? জয়-কৃষ্ণাৰ জীৱনৰ এই বিশেষ দিনটো উদযাপনৰ সাক্ষী হ’বলৈ উপস্থিত আছিল বচ্চন পৰিয়াল। অমিতাভ-জয়া, অভিষেক-ঐশ্বৰ্য, শ্বেতা, বচ্চন পৰিয়ালক এনেদৰেই দেখিবলৈ পোৱা গ’ল 'চি ৱিণ্ড'ত। দেওবাৰে সন্ধিয়াৰ পূৰ্বেই বিবাহগৃহত উপস্থিত হৈছিল অমিতাভ বচ্চন। পিন্ধনত বগা কুৰ্তা-শ্বেৰৱানীৰ সৈতে পাগুৰি সাজত উপস্থিত হৈছিল বলীউড শ্বেহেনশ্বাহ। এনে লাগিছিল যেন তেওঁৱেই দৰা! পাছ পৰি ৰোৱা নাই অমিতাভ অৰ্ধাংগিনী জয়া। কপালত ৰঙা ফোঁট, হাতত সোণৰ খাৰু, চুলিৰ খোপা, দীঘল নেকলেছেৰে নিজকে সজাই তুলিছিল জয়া বচ্চনেও। ‘শ্বোলে’ৰ জয় থাকিব আৰু বীৰু নাথাকিব তেনে কথা হ’ব পাৰে নে? অমিতাভৰ পাছতে উপস্থিত হয় বীৰু অৰ্থাত্‍ ধৰ্মেন্দ্ৰ। আৰু বাসন্তী? তেওঁৱো আছিল। হেমা মালিনীকো জয়াৰ কাষত কম ধুনীয়া দেখা নাছিল। সোণালী ৰঙৰ সাজত উজলি উঠিছিল হেমা মালিনী। জয়া-হেমাৰ লগতে সাংসদ সুপ্ৰিয়া চুলেকো দেখা গৈছিল। হেমাই ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। সংসদীয় ৰাজনীতিত বিভিন্ন মতাদৰ্শ থাকলিও তেওঁলোক যে এই ক্ষেত্ৰত একত্ৰিত হৈ আছে তাকে সোঁৱৰায় দিলে হেমা মালিনীয়ে। অভিষেক আৰু ঐশ্বৰ্যই অমিতাভ-জয়াৰ সৈতে কন্যা আৰাধ্যাকো লৈ গৈছিল। তেওঁলোক তিনিওজনে প্ৰায় একে ৰঙৰ পোছাক পৰিধান কৰিছিল। আৰাধ্যা ৰঙা লেহেঙ্গাত ঐশ্বৰ্যৰ কাষতে থিয় দি আছিল। নীতা আম্বানীয়েও অতিথি আপ্যায়নত ৰখা নাছিল ক্ৰূটি। আম্বানিৰ আপ্যায়নত মুগ্ধ বিগ-বি। মুঠতে এই ছবিবোৰ এতিয়া সামাজিক মাধ্যমত ভাইৰেল ৰৈ পৰিছে। পৰিয়ালৰ সদস্যক এইদৰে একেলগে দেখা পাই উচ্ছসিত অনুৰাগী। এওঁলোকৰ মাজতে অনুৰাগীয়ে যেন দেখিবলৈ পাইছে বলীউডত জোঁকাৰণি তোলা ‘শ্বোলে’ চলচ্চিত্ৰৰ প্ৰতিটো চৰিত্ৰ। বিভিন্নজনে টুইটাৰত জনাইছে জয়-বীৰু, বাসন্তীক জনাইছে অভিবাদন। দীৰ্ঘ বিৰতিৰ অন্তত বলীউডৰ এই দুই জনপ্ৰিয় যুটিৰ আম্বানীৰ চোতালত এনেদৰে দেখিবলা পাই সন্তোষ লভিছে চলচ্চিত্ৰ প্ৰেমীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু