--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিড-১৯এ সমগ্ৰ বিশ্বতে এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিলে৷ মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱাৰ দৰে জীৱিকাৰ প্ৰতিও এক প্ৰকাৰৰ ভাবুকি আহি পৰিল৷ ক’ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণৰ পাছত বিভিন্ন দেশে অনিচ্ছা সত্ত্বেও লকডাউনৰ দৰে প্ৰদক্ষেপ গ্ৰহণ কৰিব লগা হ’ল৷ লকডাউনৰ কাৰণে ভাৰতৰ দৰে তৃতীয় বিশ্বৰ উন্নয়নশীল দেশসমূহে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগা হৈছে৷ কিয়নো তৃতীয় বিশ্বৰ দেশসমূহে কেৱল উন্নয়নৰ বাবে নিৰন্তৰভাৱে প্ৰচেষ্টা অব্যাহত ৰাখে, তেনেস্থলত লকডাউনৰ দৰে ব্যৱস্থাই অৰ্থনৈতিক গতি তৰান্বিত কৰাই নহয়, এখন দেশে অৰ্থনৈতিকভাৱে বহু পিছপৰি ৰয়৷ ২০২১ বৰ্ষটো সম্পূৰ্ণৰূপে ক’ভিডৰ বৰ্ষ আছিল বুলি ক’লেও ভুল কোৱা নহ’ব৷ কৰ’নাৰ কৰাল গ্ৰাসত পৰি বহুতে হেৰুৱালে জীৱিকাৰ পথ, আন কোনোৱে হেৰুৱালে নিজৰ আত্মীয়-স্বজনক৷ ক’ভিডৰ প্ৰথম ঢৌক যদিও ভাৰতে সমগ্ৰ পৰিস্থিতিতো নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল যদিও ক’ভিডৰ দ্বিতীয় লহৰে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰিলে৷ এই পৰিস্থিতিত দেশৰ অৰ্থনৈতিক ক্ৰিয়াকৰ্ম স্তব্ধ হৈ পৰিছে৷ লগতে সামগ্ৰীৰ দাম বৃদ্ধি হৈছে৷ এই মহামাৰী কৱলত পৰি বিশ্বৰ সকলো দেশৰ অৰ্থনীতিৰ অৱস্থা একেবাৰে বেয়াৰ দিশলৈ গতি কৰিছে, সেয়া লাগিলে উদ্যোগিক ক্ষেত্ৰতে হওক, কৃষি খণ্ড বা আন অৰ্থনৈতিক ক্ষেত্ৰত সকলোৰে অৱস্থা নাজল-নাথল৷ শেহতীয়াকৈ, ক’ভিড-১৯-ৰ ভয়াৱহ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন ৰাজ্যই সান্ধ্যআইনকে ধৰি বিভিন্ন নিষেধাজ্ঞ জাৰি কৰিছে৷ ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ পৰা সামান্য পৰিমাণে ককাল পোনাবলৈ লোৱা ভাৰতে পুনৰ ক’ভিডৰ তৃতীয় ঢৌৰ আশংকা মাজতে ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰই পুনৰ এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ গতি কৰিবলৈ লৈছে৷ ক’ভিডৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যই নিষেধাজ্ঞ জাৰি কৰাৰ পাছত দেশৰ ব্যৱসায়িক খণ্ডই যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ সৰ্বভাৰতীয় ব্যৱসায়ী সংস্থা কেইটে জনোৱা অনুসৰি বিগত পোন্ধৰ দিনত ৫০ শতাংশ ব্যৱসায়িক লোকচানৰ সন্মুখীন হৈছে ভাৰত৷ যাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক আৰু অৰ্থনৈতিক কাম-কাজসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে সংস্থাটোৱে৷ সংস্থাটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বি চি ভাৰ্টিয়াই কয় যে, পোন্ধৰ দিনত ৫০ শতাংশ ব্যৱসায়িক লোকচান হোৱাৰ পৰিৱৰ্তে ৭ দিনত এই হাৰ হৈছে প্ৰায় ৪৫ শতাংশ৷ এই লোকচানৰ পৰিমাণ সৰ্বাধিক হৈছে এফ এম চি জি, জুয়েলাৰী, সাজ-পোছাক, ৰন্ধন সামগ্ৰী, ইলেক্ট্ৰ’নিকছ, ফাৰ্নিচাৰ আদি খণ্ডসমূহ৷ সংস্থাটোৰ তথ্য অনুসৰি প্ৰায় ৭০ শতাংশৰ ব্যৱসায়িক লোকচানৰ সন্মুখীন হৈছে উপহাৰ আৰু জোতা-চেণ্ডেলৰ বিপণীসমূহ৷ ক’ভিডৰ তৃতীয় ঢৌৰ আশংকাৰ মাজত চৰকাৰে গ্ৰহণ কৰা নিষেধাজ্ঞাৰ পাছত দেশে প্ৰায় ২.৫ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ