--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : লাহে লাহে নিয়ন্ত্ৰণলৈ আহিব ধৰা দেশৰ ক’ভিড পৰিস্থিতি পুনৰ অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পাইছে! শেহতীয়াকৈ দেশৰ পৰিয়াল আৰু স্বাস্থ্য কল্যাণ মন্ত্ৰণালয়ে ক’ভিড সংক্ৰমিত ৰোগীৰ চিকিৎসা সম্পৰ্কীয় এখন নিৰ্দেশনা প্ৰকাশ কৰিছে। এই নিৰ্দেশনাত কেনে লক্ষণ থকা ৰোগীক চিকিৎসা প্ৰদান কৰা হ’ব আৰু জৰুৰীকালীন স্বাস্থ্যসেৱা প্ৰদান কৰিব সেই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। শেহতীয়াকৈ প্ৰকাশ কৰা এই সংশোধিত নিৰ্দেশনা অনুসৰি যিসকল সংক্ৰমিত ৰোগীৰ উশাহ চুটি বা হাইপোক্সিয়া হোৱা নাই আৰু ক’ভিডৰ আন লক্ষণবোৰ মজলীয়া অনুভৱ কৰিছে তেওঁলোকক ঘৰতে পৃথককৈ থকাৰ পৰামৰ্শ আগবঢ়াইছে। এনে ৰোগীসকলক অসংক্ৰমিত আৰু আন লোকসকলৰ পৰা এক সুৰক্ষিত শাৰীৰিক দূৰত্ব বজাই ৰাখিবলৈ আৰু আন ক’ভিড বিধি যেনে, ভালদৰে হাত ধোৱাৰ লগতে ঘৰৰ ভিতৰতো মাক্স পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আনহাতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে, ক’ভিড ৰোগীসকলে তেতিয়াহে চিকিৎসা সহায় বিচাৰিব লাগে যেতিয়া তেওঁলোকৰ উশাহ লোৱাত সমস্যা হয়, শৰীৰ তাপমাত্ৰা অধিক বৃদ্ধি পায় বা ৫ দিনতকৈ অধিক সময় ধৰি তীব্ৰ কাহৰ সমস্যাত ভোগে। যিসকল ক’ভিড সংক্ৰমিত ডিচপনিয়া বা SPO2 স্তৰ ৯০ৰ পৰা ৯৩%ৰ ভিতৰত থাকে, তেনে সংক্ৰমিতই ক’ভিড চিকিৎসাৰ বাবে ক্লিনিকেল ৱাৰ্ডত ভৰ্তি হ’ব পাৰে। সংশোধিত পৰামৰ্শ অনুসৰি এনে ৰোগীসকলক কৃত্ৰিম অক্সিজেন পোৱাত সহায় কৰিব লাগে। যদি ৰোগীৰ ক্লিনিকেল আৰু পৰীক্ষাগাৰৰ পৰীক্ষা অনুসৰি শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে বা SPO2 স্তৰ ৯০% তকৈ নিম্নগামী হয়, তেনে ক’ভিড ৰোগীসকলক আইচিইউত ভৰ্তি কৰিব লাগিব। ৰোগীৰ ক্লিনিকেল অৱস্থা উন্নতিৰ পাছত, সংশোধিত ডিচচাৰ্জ চৰ্ত অনুসৰি ৰোগী এজনক মুকলি কৰিব লাগে। ক’ভিডৰ চিকিৎসাৰ ক্ষেত্ৰত চৰ্চাত থকা ঔষধ ৰেমডেচিভিৰ ক্ষেত্ৰতো নিৰ্দেশনা জাৰি কৰিছে মন্ত্ৰণালয়ে। এই ঔষধ কেৱল নিম্নলিখিত ৰোগীৰ ক্ষেত্ৰতহে বিবেচনা কৰা হ’ব: ১। মজলীয়াৰ পৰা গুৰুতৰ ৰোগ ২। কোনো বৃক্ক বা হেপাটিক বিকাৰ নথকা ৰোগী ৩। লক্ষণবোৰ আৰম্ভ হোৱাৰ ১০ দিনৰ ভিতৰত থকা ৰোগী অনুমোদিত পালি: প্ৰথম দিনত ২০০ মিঃগ্ৰাঃ IV। পৰৱৰ্তী ৪ দিনৰ বাবে প্ৰতিদিনে ১০০ মিঃগ্ৰাঃ IV। এনেদৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ক’ভিড ৰোগীসকলৰ ক্ষেত্ৰত চিকিৎসা সম্পৰ্কীয় নিৰ্দেশনাবোৰ সাল-সলনি ঘটোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে সঘনে সাল-সলনি ঘটাই থকা চৰকাৰৰ ক’ভিড চিকিৎসা সম্পৰ্কীয় নীতি-নিৰ্দেশনাই দেশৰ জনসাধাৰণক যথেষ্ট বিমোৰত পেলোৱা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন