--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : লাহে লাহে নিয়ন্ত্ৰণলৈ আহিব ধৰা দেশৰ ক’ভিড পৰিস্থিতি পুনৰ অনিয়ন্ত্ৰিত হাৰত বৃদ্ধি পাইছে! শেহতীয়াকৈ দেশৰ পৰিয়াল আৰু স্বাস্থ্য কল্যাণ মন্ত্ৰণালয়ে ক’ভিড সংক্ৰমিত ৰোগীৰ চিকিৎসা সম্পৰ্কীয় এখন নিৰ্দেশনা প্ৰকাশ কৰিছে। এই নিৰ্দেশনাত কেনে লক্ষণ থকা ৰোগীক চিকিৎসা প্ৰদান কৰা হ’ব আৰু জৰুৰীকালীন স্বাস্থ্যসেৱা প্ৰদান কৰিব সেই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। শেহতীয়াকৈ প্ৰকাশ কৰা এই সংশোধিত নিৰ্দেশনা অনুসৰি যিসকল সংক্ৰমিত ৰোগীৰ উশাহ চুটি বা হাইপোক্সিয়া হোৱা নাই আৰু ক’ভিডৰ আন লক্ষণবোৰ মজলীয়া অনুভৱ কৰিছে তেওঁলোকক ঘৰতে পৃথককৈ থকাৰ পৰামৰ্শ আগবঢ়াইছে। এনে ৰোগীসকলক অসংক্ৰমিত আৰু আন লোকসকলৰ পৰা এক সুৰক্ষিত শাৰীৰিক দূৰত্ব বজাই ৰাখিবলৈ আৰু আন ক’ভিড বিধি যেনে, ভালদৰে হাত ধোৱাৰ লগতে ঘৰৰ ভিতৰতো মাক্স পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আনহাতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে, ক’ভিড ৰোগীসকলে তেতিয়াহে চিকিৎসা সহায় বিচাৰিব লাগে যেতিয়া তেওঁলোকৰ উশাহ লোৱাত সমস্যা হয়, শৰীৰ তাপমাত্ৰা অধিক বৃদ্ধি পায় বা ৫ দিনতকৈ অধিক সময় ধৰি তীব্ৰ কাহৰ সমস্যাত ভোগে। যিসকল ক’ভিড সংক্ৰমিত ডিচপনিয়া বা SPO2 স্তৰ ৯০ৰ পৰা ৯৩%ৰ ভিতৰত থাকে, তেনে সংক্ৰমিতই ক’ভিড চিকিৎসাৰ বাবে ক্লিনিকেল ৱাৰ্ডত ভৰ্তি হ’ব পাৰে। সংশোধিত পৰামৰ্শ অনুসৰি এনে ৰোগীসকলক কৃত্ৰিম অক্সিজেন পোৱাত সহায় কৰিব লাগে। যদি ৰোগীৰ ক্লিনিকেল আৰু পৰীক্ষাগাৰৰ পৰীক্ষা অনুসৰি শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে বা SPO2 স্তৰ ৯০% তকৈ নিম্নগামী হয়, তেনে ক’ভিড ৰোগীসকলক আইচিইউত ভৰ্তি কৰিব লাগিব। ৰোগীৰ ক্লিনিকেল অৱস্থা উন্নতিৰ পাছত, সংশোধিত ডিচচাৰ্জ চৰ্ত অনুসৰি ৰোগী এজনক মুকলি কৰিব লাগে। ক’ভিডৰ চিকিৎসাৰ ক্ষেত্ৰত চৰ্চাত থকা ঔষধ ৰেমডেচিভিৰ ক্ষেত্ৰতো নিৰ্দেশনা জাৰি কৰিছে মন্ত্ৰণালয়ে। এই ঔষধ কেৱল নিম্নলিখিত ৰোগীৰ ক্ষেত্ৰতহে বিবেচনা কৰা হ’ব: ১। মজলীয়াৰ পৰা গুৰুতৰ ৰোগ ২। কোনো বৃক্ক বা হেপাটিক বিকাৰ নথকা ৰোগী ৩। লক্ষণবোৰ আৰম্ভ হোৱাৰ ১০ দিনৰ ভিতৰত থকা ৰোগী অনুমোদিত পালি: প্ৰথম দিনত ২০০ মিঃগ্ৰাঃ IV। পৰৱৰ্তী ৪ দিনৰ বাবে প্ৰতিদিনে ১০০ মিঃগ্ৰাঃ IV। এনেদৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ক’ভিড ৰোগীসকলৰ ক্ষেত্ৰত চিকিৎসা সম্পৰ্কীয় নিৰ্দেশনাবোৰ সাল-সলনি ঘটোৱা দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে সঘনে সাল-সলনি ঘটাই থকা চৰকাৰৰ ক’ভিড চিকিৎসা সম্পৰ্কীয় নীতি-নিৰ্দেশনাই দেশৰ জনসাধাৰণক যথেষ্ট বিমোৰত পেলোৱা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক