--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ পঞ্জাৱত নিৰ্বাচনী বা বলিছে। প্ৰতিটো দলৰ মাজতে দেখিবলৈ পোৱা গৈছে ভীষণ ব্যস্ততা। নিৰ্বাচনী পৰিকল্পনা, প্ৰচাৰৰ মাজতে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে অন্যতম বিৰোধী দল আম আদমী পাৰ্টীয়ে। দলটোৱে পঞ্জাৱৰ সৰ্বোত্তৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ পছন্দৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে জনতাৰ পৰা বিচাৰিছিল পৰামৰ্শ। সেইমৰ্মে, টেলিফোন লাইন খোলাৰ কেইদিনমান পাছতে চূড়ান্ত সিদ্ধান্তত উপনীত হয় আম আদমী পাৰ্টী। বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনৰ প্ৰচাৰ প্ৰক্ৰিয়াত আম আদমী পাৰ্টীয়ে প্ৰায় ২২লাখ জনতাৰ সঁহাৰি লাভ কৰা বুলি সদৰী কৰিছে। অনুষ্ঠানটো সম্বোধন কৰি আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে কয় যে, ‘পঞ্জাৱৰ সৰহ সংখ্যক জনতাই ভগৱন্ত মানকে দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন আগবঢ়াইছে। আনহাতে, ভগৱন্ত মানৰ তুলনাত মাত্ৰ ৩ শতাংশ জনতাইহে পঞ্জাৱ কংগ্ৰেছ গোটৰ মুৰব্বী নৱজ্যোত্‍ সিং সিদ্ধুক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিচাৰিছে।’ কেজৰিৱালে বিগত সপ্তাহতে দলটোৰ ৰাজ্যিক গোটৰ মুৰব্বী ভগৱন্ত মানক পঞ্জাৱ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ কথা কৈছিল। কেজৰিৱালৰ এই ঘোষণাৰ পাছতো চাংৰুৰ সাংসদে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্ব কাক আগবঢ়োৱা উচিত সেয়া জনতাৰ ওপৰত এৰি দিয়া ভাল বুলি কয়। মন কৰিবলগীয়া যে, ২০১৭ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা নকৰাকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কিন্তু দলটোৱে চৰকাৰ গঠন কৰাত ব্যৰ্থ হৈছিল। ২০খন আখনত জয়লাভ কৰা আম আদমী পাৰ্টীয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেও ৰাজ্যখনৰ প্ৰধান বিৰোধী দল হৈ পৰিছিল। এইবাৰ দলটোৱে পূৰ্বৰ ভুলৰ পুনৰাবৃত্তি কৰিব বিচৰা নাই। নিৰ্বাচনী গতি বিধিলৈ লক্ষ্য ৰাখিয়েই আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়কে নিৰ্বাচনৰ পূৰ্বে দলটোৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ’ব সেয়া আগতীয়াকৈ ঘোষণা কৰিছে। ইফালে কেজৰিৱালৰ বিৰুদ্ধে সৰব হৈ পৰিছে নৱজ্যোত্‍ সিং সিদ্ধু। পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বীজনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সমালোচনাত সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে। তেওঁ কয়, ‘ কেজৰিৱাল পৰিভ্ৰমী চৰাই। বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি ভুৱা প্ৰতিশ্ৰুতিৰে জনতাক আকৰ্ষিত কৰাটোৱে তেওঁৰ লক্ষ্য।’ নিজৰ বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি কেজৰিৱালে পঞ্জাৱৰ জনসাধাৰণক মিথ্যা প্ৰতিশ্ৰুতি দিয়া বুলিও কটাক্ষ সিদ্ধুৰ।কেবল সেয়াই নহয়, যাৰ মন্ত্ৰীসভাত এজনো পঞ্জাৱী নাই তেনে এগৰাকী মুখ্যমন্ত্ৰীয়ে পঞ্জাৱৰ জনতাৰ হিত চিন্তা কৰা কথাটো সহজে মানি ল’ব পৰা নাই সিদ্ধুৱে। ভগৱন্ত মানক মুখমন্ত্ৰীৰ প্ৰাৰ্থীত্ব আগবঢ়োৱাতো এখন নাটক। বন্ধু ভগৱন্ত মানৰ প্ৰতি মোৰ গভীৰ সন্মান আছে। তেওঁ মোক গুৰু বুলি ভাৱে। দিল্লীত কেজৰিৱালে জনসাধাৰণৰ পৰামৰ্শ বিচাৰি মুখ্যমন্ত্ৰী হোৱা নাছিল। ইত্যাদি বহু কথাৰ অৱতাৰণা কৰা সিদ্ধুৰ সাময়িক স্থিতিক লৈ প্ৰশ্ন উঠিছে একাংশৰ। কংগ্ৰেছ দলৰ উত্থানৰ বিপৰীতে সিদ্ধুৰ বৰ্তমানত দলটো বিপথে পৰিচালিত হোৱাহে দেখিবলৈ পোৱা গৈছে বুলিও সংবাদ মাধ্যমত চৰ্চা হৈছে। তেনে ক্ষেত্ৰত দলটোৱে অনাগত সময়ত পঞ্জাৱত কি ধৰণৰ পন্থা হাতত হয় সেয়াহে হ’ব লক্ষ্যণীয়! নে সিদ্ধুৰ বাবেই বেলি ডুব যাৱ পঞ্জাৱ কংগ্ৰেছৰ!
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে