--°C
Loading...
Listen to Article
2 min read
80%

লণ্ডন : ক’ভিড-১৯ৰ বিৰুদ্ধে আন এখন যুঁজ আৰম্ভ হ’ল ইংলেণ্ডত। দেশখনত সোমবাৰে আৰম্ভ কৰা হ’ল ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ কাম। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে এষ্ট্ৰাজেনেকাৰ সৈতে উদ্ভাৱন কৰা প্ৰতিষেধকৰ জৰিয়তে এই ক’ভিড প্ৰতিৰোধী যুদ্ধ আৰম্ভ কৰিছে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয় হাস্পতালে টুইটযোগে সদৰী কৰিছে যে ব্ৰিয়ান পিংকাৰ নামৰ এগৰাকী ৮২ বছৰীয়া বৃক্কৰ ৰোগত আক্ৰান্ত ৰোগীক প্ৰথমপালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

আৰু পঢ়িব পাৰিব : ‘ডিজিজ এক্স’ : কৰ’নাৰ পাছত বিশ্বলৈ আফ্ৰিকান ভাইৰাছৰ ভাবুকি!

ছেম ফ’ষ্টাৰ নামক নাৰ্ছগৰাকীয়ে এই প্ৰতিষেধক প্ৰদান কৰে আশীতিপৰ লোকজনক। ‘এই প্ৰতিষেধক লাভ কৰি মই আনন্দিত হৈছোঁ আৰু মই গৰ্বিত যে, এই প্ৰতিষেধক অক্সফ’ৰ্ডত উদ্ভাৱন কৰা হৈছে। নাৰ্ছ, চিকিৎসক সকলোৱে অতি প্ৰশংসনীয় কাম কৰিছে আৰু এতিয়া মই ভৱিষ্যতৰ কথা ভাবিব পৰা হৈছোঁ লগতে এই বছৰৰ শেষৰ ফালে পত্নীৰ সৈতে মোৰ ৪৮সংখ্যক বিবাহ বাৰ্ষিকী পালন কৰিব পাৰিম।’ পিংকাৰে কয়।

আৰু পঢ়িব পাৰিব : বিদ্যালয়ত উপস্থিত থাকিলে ছাত্ৰীসকলে দিনে পাব ১০০ টকাকৈ!

প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা নাৰ্ছ ছেম ফ’ষ্টাৰে কয়, অহা সপ্তাহকেইটাত অধিকসংখ্যক ৰোগী আৰু চিকিৎসক-স্বাস্থ্যকৰ্মীক প্ৰতিষেধক প্ৰদানৰ বাবে সাজু হৈছোঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু