--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ’না ভাইৰাছ মহামাৰীৰ নতুন ভেৰিয়েন্ট JN.1য়ে বছৰৰ শেষত শংকাৰ সৃষ্টি কৰিছে। ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা, যিটো সকলোৰে বাবে চিন্তাৰ বিষয় হৈ পৰিছে। কেৰালাৰ পৰা আৰম্ভ হৈছিল যদিও বৰ্তমান এই ভেৰিয়েণ্ট দেশৰ সৰু-ডাঙৰ সকলো চহৰলৈ বিয়পি পৰিছে। এনে পৰিস্থিতিত আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেদৰে বৃদ্ধি কৰি ক’ভিডৰ এই নতুন ভেৰিয়েণ্টৰ পৰা হাত সাৰিব পাৰি জানো আহক।

ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেদৰে বৃদ্ধি কৰিব-
১. স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰকঃ-সুস্বাস্থ্যৰ বাবে খাদ্যাভ্যাস সুস্থ কৰি ৰখাটো উচিত, নহ’লে বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। আমি আমাৰ খাদ্য তালিকাত বিটা কেৰটিন আৰু ভিটামিন-চিকে ধৰি বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰাৰ উপৰি কমলা, নেমু আদি দৈনিক সেৱন কৰক, ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

২. ব্যায়াম কৰকঃ-ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে দৈনিক ব্যায়াম কৰাটো অতি প্ৰয়োজন। ইয়াৰ উপৰি যিমান পাৰি খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক।

৩. হাইড্ৰেটেড হৈ থাকক:-আমাৰ শৰীৰৰ বেছিভাগ অংশ পানীৰে গঠিত, ই কেৱল শৰীৰক জলসঞ্চিত কৰি ৰখাই নহয়, শৰীৰৰ পৰা বিপজ্জনক বিষাক্ত পদাৰ্থ আঁতৰোৱাতো সহায় কৰে। যদি আপুনি দৈনিক ৭ৰ পৰা ৮ গিলাচ পানী বা অনুৰূপ পৰিমাণৰ স্বাস্থ্যকৰ তৰল পদাৰ্থ খায় তেন্তে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে।

৪. পৰ্যাপ্ত পৰিমাণে টোপনি মৰা:-সুস্বাস্থ্য আৰু ৰোগমুক্ত হৈ থাকিবলৈ আমি পৰ্যাপ্ত পৰিমাণে টোপনি মৰাটো অতি গুৰুত্বপূৰ্ণ। বিশেষজ্ঞই এজন সুস্থ প্ৰাপ্তবয়স্কক দৈনিক ৭ৰ পৰা ৮ ঘণ্টা শোৱাৰ পৰামৰ্শ দিয়ে। কম টোপনিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

৫. মানসিক চাপ হ্ৰাস কৰা:-Coronaৰ দৰে ৰোগ এটাক ভয় কৰাটো স্বাভাৱিক, কিন্তু জীৱনত অপ্ৰয়োজনীয় টেনচন আৰু ষ্ট্ৰেছ গ্ৰহণ কৰিলে ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। আপুনি যিমান পাৰে সুখী হ’বলৈ চেষ্টা কৰা উচিত, ইয়াৰ বাবে আপুনি মেডিটেছনৰ সহায় ল’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ