--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ’না ভাইৰাছ মহামাৰীৰ নতুন ভেৰিয়েন্ট JN.1য়ে বছৰৰ শেষত শংকাৰ সৃষ্টি কৰিছে। ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা, যিটো সকলোৰে বাবে চিন্তাৰ বিষয় হৈ পৰিছে। কেৰালাৰ পৰা আৰম্ভ হৈছিল যদিও বৰ্তমান এই ভেৰিয়েণ্ট দেশৰ সৰু-ডাঙৰ সকলো চহৰলৈ বিয়পি পৰিছে। এনে পৰিস্থিতিত আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেদৰে বৃদ্ধি কৰি ক’ভিডৰ এই নতুন ভেৰিয়েণ্টৰ পৰা হাত সাৰিব পাৰি জানো আহক।

ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেদৰে বৃদ্ধি কৰিব-
১. স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰকঃ-সুস্বাস্থ্যৰ বাবে খাদ্যাভ্যাস সুস্থ কৰি ৰখাটো উচিত, নহ’লে বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। আমি আমাৰ খাদ্য তালিকাত বিটা কেৰটিন আৰু ভিটামিন-চিকে ধৰি বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰাৰ উপৰি কমলা, নেমু আদি দৈনিক সেৱন কৰক, ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

২. ব্যায়াম কৰকঃ-ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে দৈনিক ব্যায়াম কৰাটো অতি প্ৰয়োজন। ইয়াৰ উপৰি যিমান পাৰি খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক।

৩. হাইড্ৰেটেড হৈ থাকক:-আমাৰ শৰীৰৰ বেছিভাগ অংশ পানীৰে গঠিত, ই কেৱল শৰীৰক জলসঞ্চিত কৰি ৰখাই নহয়, শৰীৰৰ পৰা বিপজ্জনক বিষাক্ত পদাৰ্থ আঁতৰোৱাতো সহায় কৰে। যদি আপুনি দৈনিক ৭ৰ পৰা ৮ গিলাচ পানী বা অনুৰূপ পৰিমাণৰ স্বাস্থ্যকৰ তৰল পদাৰ্থ খায় তেন্তে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে।

৪. পৰ্যাপ্ত পৰিমাণে টোপনি মৰা:-সুস্বাস্থ্য আৰু ৰোগমুক্ত হৈ থাকিবলৈ আমি পৰ্যাপ্ত পৰিমাণে টোপনি মৰাটো অতি গুৰুত্বপূৰ্ণ। বিশেষজ্ঞই এজন সুস্থ প্ৰাপ্তবয়স্কক দৈনিক ৭ৰ পৰা ৮ ঘণ্টা শোৱাৰ পৰামৰ্শ দিয়ে। কম টোপনিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

৫. মানসিক চাপ হ্ৰাস কৰা:-Coronaৰ দৰে ৰোগ এটাক ভয় কৰাটো স্বাভাৱিক, কিন্তু জীৱনত অপ্ৰয়োজনীয় টেনচন আৰু ষ্ট্ৰেছ গ্ৰহণ কৰিলে ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। আপুনি যিমান পাৰে সুখী হ’বলৈ চেষ্টা কৰা উচিত, ইয়াৰ বাবে আপুনি মেডিটেছনৰ সহায় ল’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে