--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাই চেৰ পেলালে বিশ্বৰ ১৯২খন দেশক। ৩ ফ্ৰেব্ৰুৱাৰীলৈকে ভাৰতত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৫ লাখ লোকৰ। ১ জুলাই, ২০২০ত ভাৰতত এই পৰিসংখ্যা আছিল ৪ লাখ। কিন্তু মাত্ৰ ২১৭ দিনতেই এই সংখ্যাই ৫ লাখৰ ঘৰ অতিক্ৰম কৰে। ভাৰতবৰ্ষই দেশৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ দিশটো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনেদৰেই পৰিস্ফুট হৈ পৰিছে। মন কৰিবলগীয়া যে, ২০২০ চনৰ ২ অক্টোবৰত ১ লাখ ব্যক্তিয়ে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল। পৰৱৰ্তী বৰ্ষৰ ২৭ এপ্ৰিলত এই সংখ্যা বৃদ্ধি পাই ২ লাখ অতিক্ৰম কৰে। সেই বৰ্ষৰে ২৩ মে’ত ৩ লাখ আৰু ১ জুলাইত ৪ লাখৰ ঘৰ অতিক্ৰম কৰে। শেহতীয়াকৈ ৩ ফেব্ৰুৱাৰীত এই পৰিসংখ্যা ৫ লাখলৈ বৃদ্ধি পায়। অৰ্থাৎ ৪ লাখৰ পৰা ৫ লাখৰ ঘৰ অতিক্ৰম কৰোঁতে মাজত মাত্ৰ ২১৭টা দিন আছিল। এই পৰিসংখ্যা অনুসৰি ভাৰতবৰ্ষ ক’ভিডত মৃত্যুৰ সংখ্যাৰ ফালৰ পৰা বিশ্বতে তৃতীয়। প্ৰথম আৰু দ্বিতীয় স্থানত ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰাজিলে ৯.২ লাখ আৰু ৬.৩ লাখ মৃত্যুৰ সংখ্যা অতিক্ৰম কৰিছে। উল্লেখযোগ্য যে ভাৰতে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে বুলি দেখুৱাবৰ বাবে মৃতকৰ সংখ্যা লুকুওৱাৰ এক গুৰুতৰ অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে। গংগাৰ তীৰত অসংখ্য মৃতদেহ ভাঁহি অহাৰ সময়তে এই কথা পোহৰলৈ আহিছিল। যি গংগাক হিন্দু সভ্যতাত অনাদি কালৰ পৰা মাতৃজ্ঞান কৰি অহা হৈছে, সেই গংগাৰ তীৰতেই বালিত পোত গৈ থকা এটাৰ পাছত আনটো মৃতদেহ উদ্ধাৰ কৰা গৈছিল। লক্ষ্যণীয়ভাৱে এই গংগাৰ নামতেই বিজেপিয়ে নানা সময়ত ভোটৰ সমীকৰণ প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু অৱশেষত চৰকাৰৰ ব্যৰ্থতা লুকুৱাই ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা কমাই দেখুওৱাৰ স্বাৰ্থত গংগাত পেলাই দিয়া হৈছিল মৃতদেহ। হিন্দু নিয়ম অনুসৰি সত্কাৰৰ নূন্যতম পৰম্পৰাকণো সম্পন্ন কৰা হোৱা নাছিল। কেৱল এয়াই নহয়, ভাৰতীয় লোকক ক’ভিড প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত নীতি-নিয়মৰ আগেয়ে চিনাকী কৰোৱা হৈছিল ‘তালি-থালি’ বজোৱা নিয়ম, ঘৰৰ লাইট নুমুৱাই মমবাতি, চাকি জ্বলোৱাৰ নিয়ম। আচৰ্যজনকভাৱে এনে অন্ধবিশ্বাসৰ বাবে আহ্বান জনাইছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই। পাছলৈ ক’ভিডৰ ভেকচিন উদ্ভাৱন হোৱাত দেশবাসীয়ে ভেকচিন লাভ কৰা আৰম্ভ কৰিলে। বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি আন স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠানসমূহেও ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ ভেকচিনেই উত্তম কাৰ্যকৰী উপায় হিচাপে ঘোষণা কৰে। কিন্তু এতিয়াও দেশৰ সকলো প্ৰাপ্তবয়স্ক ব্যক্তিয়ে ভেকচিন লাভ কৰিবলৈ সক্ষম হোৱা নাই। ১৮ অনূৰ্ধ্ব আৰু শিশুৰ ক্ষেত্ৰতো ১০০ শতাংশ প্ৰতিষেধক প্ৰদানত সক্ষম নহয় কেন্দ্ৰীয় চৰকাৰ। এনে সন্ধিক্ষণত হ্ৰাস পোৱা নাই ক’ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু