--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ বিশ্বত অব্যাহত আছে মহামাৰী কৰ'নাৰ কাল বিভীষিকা। আক্ৰান্তৰ হাৰ ঊৰ্ধ্ব-নিম্নগামী হৈ থাকিলেও সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই কৰ'না। ইয়াৰ সমান্তৰালকৈ বিশ্বৰ বিভিন্ন প্ৰান্তত চলি আছে গৱেষণা। মহামাৰীবিধ নিৰ্মূলৰ বাবে বিভিন্ন প্ৰকাৰৰ প্ৰতিষেধক ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। এইবাৰ আমেিকাৰ পৰা আহিছে সুখবৰ। ১৮ বছৰ বা তাতকৈ ঊৰ্ধ্বৰ লোকসকলৰ বাবে নোভাভেক্স ভেকছিনৰ অনুমোদন জনাইছে দেশখনে। ইয়াৰ লগে লগে দেশখনে অনুমোদন জনোৱা এইটো পঞ্চমটো কৰ’না ভেকছিন হিচাপে বিবেচিত হৈছে। মন কৰিবলগীয়া যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্মাচিউটিকেল কোম্পানী এটাৰ দ্বাৰা প্ৰস্তুত কৰা নোভাভাক্স হৈছে প্ৰথমটো প্ৰ'টিন সমৃদ্ধ কৰ’না ভেকছিন। আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না প্ৰতিৰোধ কৰাত এই ভেকছিন ৯০ শতাংশ কাৰ্যকৰী বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেডিচিন এন্ড হেল্থ প্রডাক্ট ৰেগুলেটৰী এজেঞ্চী অৰ্থাৎ (এম.এইচ.আৰ.এ.) সদৰী কৰিছে। এমএইচআৰএৰ মুৰব্বী জুন ৰাইনে কয়, ‘পৰীক্ষা-নিৰীক্ষা আৰু কঠোৰ মান নিয়ন্ত্ৰণৰ জৰিয়তে অনুমোদন লাভ কৰিছে নোভাভাক্স ভেকচিনে।’ ইফালে, ব্ৰিটিছ বিজ্ঞানীসকলে কৰ’না চিকিৎসাৰ ক্ষেত্ৰত গোটেই বিশ্বকে নেতৃত্ব দি আহিছে বুলি ইউকেৰ স্বাস্থ্য মন্ত্ৰী ছাজিদ জাভেদে সদৰী কৰিছে। আনহাতে, অষ্ট্ৰেলিয়াই ১৮ বছৰ বা তাতকৈ ঊৰ্ধ্বৰ লোকসকলৰ বাবে নোভাভেক্স ভেকছিনৰ অনুমোদন ইতিমধ্যে জনাইছে। ফলস্বৰূপে, এষ্ট্ৰজেনেকা, মডাৰ্ণা আৰু ফাইজাৰৰ পাছত দেশখনত ব্যৱহাৰৰ বাবে অনুমোদিত নোভাভাক্স চতুৰ্থ ক’ভিড-১৯ ভেকছিন হিচাপে বিবেচিত হৈছে। অষ্ট্ৰেলিয়াৰ টেকনিকেল এডভাইছৰী গ্ৰুপে টিকাকৰণৰ ওপৰত কমেও তিনি সপ্তাহৰ ব্যৱধানত নোভাভেক্স টিকাকৰণৰ দুটা পালি গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু