--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ বিশ্বত অব্যাহত আছে মহামাৰী কৰ'নাৰ কাল বিভীষিকা। আক্ৰান্তৰ হাৰ ঊৰ্ধ্ব-নিম্নগামী হৈ থাকিলেও সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই কৰ'না। ইয়াৰ সমান্তৰালকৈ বিশ্বৰ বিভিন্ন প্ৰান্তত চলি আছে গৱেষণা। মহামাৰীবিধ নিৰ্মূলৰ বাবে বিভিন্ন প্ৰকাৰৰ প্ৰতিষেধক ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। এইবাৰ আমেিকাৰ পৰা আহিছে সুখবৰ। ১৮ বছৰ বা তাতকৈ ঊৰ্ধ্বৰ লোকসকলৰ বাবে নোভাভেক্স ভেকছিনৰ অনুমোদন জনাইছে দেশখনে। ইয়াৰ লগে লগে দেশখনে অনুমোদন জনোৱা এইটো পঞ্চমটো কৰ’না ভেকছিন হিচাপে বিবেচিত হৈছে। মন কৰিবলগীয়া যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্মাচিউটিকেল কোম্পানী এটাৰ দ্বাৰা প্ৰস্তুত কৰা নোভাভাক্স হৈছে প্ৰথমটো প্ৰ'টিন সমৃদ্ধ কৰ’না ভেকছিন। আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না প্ৰতিৰোধ কৰাত এই ভেকছিন ৯০ শতাংশ কাৰ্যকৰী বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেডিচিন এন্ড হেল্থ প্রডাক্ট ৰেগুলেটৰী এজেঞ্চী অৰ্থাৎ (এম.এইচ.আৰ.এ.) সদৰী কৰিছে। এমএইচআৰএৰ মুৰব্বী জুন ৰাইনে কয়, ‘পৰীক্ষা-নিৰীক্ষা আৰু কঠোৰ মান নিয়ন্ত্ৰণৰ জৰিয়তে অনুমোদন লাভ কৰিছে নোভাভাক্স ভেকচিনে।’ ইফালে, ব্ৰিটিছ বিজ্ঞানীসকলে কৰ’না চিকিৎসাৰ ক্ষেত্ৰত গোটেই বিশ্বকে নেতৃত্ব দি আহিছে বুলি ইউকেৰ স্বাস্থ্য মন্ত্ৰী ছাজিদ জাভেদে সদৰী কৰিছে। আনহাতে, অষ্ট্ৰেলিয়াই ১৮ বছৰ বা তাতকৈ ঊৰ্ধ্বৰ লোকসকলৰ বাবে নোভাভেক্স ভেকছিনৰ অনুমোদন ইতিমধ্যে জনাইছে। ফলস্বৰূপে, এষ্ট্ৰজেনেকা, মডাৰ্ণা আৰু ফাইজাৰৰ পাছত দেশখনত ব্যৱহাৰৰ বাবে অনুমোদিত নোভাভাক্স চতুৰ্থ ক’ভিড-১৯ ভেকছিন হিচাপে বিবেচিত হৈছে। অষ্ট্ৰেলিয়াৰ টেকনিকেল এডভাইছৰী গ্ৰুপে টিকাকৰণৰ ওপৰত কমেও তিনি সপ্তাহৰ ব্যৱধানত নোভাভেক্স টিকাকৰণৰ দুটা পালি গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু