ডিজিটেল ডেস্কঃ কোভিড ভেকছিনৰ গ্ৰহণযোগ্যতাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে এলন মাস্কে। টুইটাৰত দিয়া মাস্কৰ এই মতামতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।
এলন মাস্কে দাবী কৰিছে যে তেওঁ কৰোনা ভেকছিনৰ দ্বিতীয় বুষ্টাৰ পালি লোৱাৰ পাছতে অসুস্থ অনুভৱ কৰিছিল। তেওঁ ভাবিছিল যে তেওঁৰ জীৱন শেষ হৈছে!
কোভিড ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে টুইটাৰত আলোচনা কৰা হৈছিল। তাত এটা প্ৰশ্নৰ উত্তৰত মাস্কে দাবী কৰিছে যে ভেকছিনৰ বুষ্টাৰ পালিৰ পাৰ্শ্বক্ৰিয়া আছে। তেওঁ লিখে- "দ্বিতীয় বুষ্টাৰ পালি লোৱাৰ পিছত মোৰ যথেষ্ট শক্তিশালী পাৰ্শ্বক্ৰিয়া হৈছিল। মই কেইবাদিনো অসুস্থ অনুভৱ কৰিছিলো। মই ভাবিছিলো যে মই মৰি থাকিম। সৌভাগ্যক্ৰমে শৰীৰৰ কোনো ক্ষতি হোৱা নাছিল।"

মাস্কে আৰু দাবী কৰে যে তেওঁৰ আত্মীয়ও কৰোনা ভেকছিনৰ দ্বাৰা অসুস্থ হৈ পৰিছিল। কয়- "মোৰ এজন আত্মীয় সম্পূৰ্ণ সুস্থ আৰু স্বাস্থ্যৱান আছিল। কিন্তু হঠাতে তেওঁ অসুস্থ হৈ পৰিল। তেওঁলোকক আনকি চিকিৎসালয়লৈ লৈ যোৱা হ’ল।’’
বিশ্বৰ প্ৰভাৱশালী লোকসকলৰ ভিতৰত অন্যতম এলন মাস্কে কৰোণা ভেকচিনৰ সন্দৰ্ভত এইদৰে অভিমত ব্যক্ত কৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। বহুলোকে কয় যে ভেকচিনক লৈ এইদৰে অপপ্ৰচাৰ কৰিব নালাগে।