--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভ্লাদিমিৰ পুটিনে ক্ষমতাৰ পৰা আঁতৰিবলৈ উলাইছে! শেহতীয়াকৈ ৰাছিয়াত এনেধৰণৰ বাতৰিয়ে চৰ্চা লাভ কৰিছে। একাধিক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ শাৰীৰিক অৱস্থাৰ তীব্ৰ অৱনতি ঘটিছে। যোৱা কেইদিনমানত পৰিস্থিতি অধিক অৱনতি ঘটিছে। গতিকে পুটিনে ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ মাজতে ৰাষ্ট্ৰপতি পদ এৰিব পাৰে। অৱশ্যে, ৰাছিয়ান চৰকাৰৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ মতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পাৰ্কিনছন আৰু কৰ্কট ৰোগত আক্ৰান্ত। তেওঁৰ শাৰীৰিক অৱস্থা দ্ৰুতগতিত অৱনতি হৈছে। এনে পৰিস্থিতিত  তেওঁ ৰাষ্ট্ৰপতিৰ চকী এৰাক লৈ ৰাছিয়াৰ কূটনৈতিক চক্ৰৰ মাজত তীব্ৰ চৰ্চা চলি আছে।

প্ৰশ্ন উঠিছে পুটিনৰ পাছত কোন?  এইটো এতিয়াও নিশ্চিত নহয়।

ইফালে, পুটিনক ৰাষ্ট্ৰপতি পদৰ পৰা আঁতৰোৱাৰ আঁৰত আন কিছুমান কাৰণো আছে। সূত্ৰ অনুসৰি, পুটিন চৰকাৰৰ পতন সোনকালেই হ'ব পাৰে। কিয়নো তেওঁৰ চৰকাৰৰে বহুতে  ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ বিৰোধিতা কৰি আহিছে। পুটিনে আশংকা কৰিছে যে যুদ্ধৰ বিৰোধীসকলে যিকোনো সময়তে চৰকাৰক উফৰাই দিব পাৰে। ফলস্বৰূপে পুটিনৰ ৰাজনৈতিক ভৱিষ্যত প্রশ্নৰ আৱৰ্তলৈ আহিছে। এই পৰিস্থিতি এৰাই চলিবলৈকে তেওঁ শাৰীৰিক অসুস্থতাৰ অজুহাতত ৰাষ্ট্ৰপতিৰ সিংহাসন ত্যাগ কৰিব বিচাৰে। তাৰ পৰিৱৰ্তে তেওঁ তেওঁৰ পচন্দৰ কাৰোবাক সেই পদত ৰাখিব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান