--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এষ্ট্ৰাজেনিকাৰ  ক’ভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া থকাৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ভাৰততো বিষয়টোকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ত ভেকছিন বিধৰ বিৰুদ্ধে বহুতে আবেদন দাখিল কৰিছে৷ শেহতীয়াকৈ  উচ্চতম ন্যায়ালয়ে ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ দ্বাৰা নিৰ্মিত আৰু এই দেশত ক’ভিশ্বিল্ড হিচাপে বিক্ৰী কৰা ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা যুটীয়াভাৱে বিকশিত কোভিড-১৯ৰ ভেকছিনৰ  পাৰ্শ্বক্ৰিয়াৰ বিষয়ে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে৷

শুনানিৰ বাবে অৱশ্যে এতিয়ালৈকে তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই ৷ উচ্চতম ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে৷  আদালতত দাখিল কৰা আবেদনত ভেকছিন বিধৰ  পাৰ্শ্বক্ৰিয়াৰ অনুসন্ধানৰ বাবে বিশেষজ্ঞ পেনেল গঠনৰ দাবী আৰু ঔষধ গ্ৰহণ কৰাৰ পিছত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক  ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে দাবী জনোৱা হৈছে। 

অৱশ্যে আবেদনখনৰ আগতীয়া শুনানি গ্ৰহণ কৰা নহ’ব। আবেদনখনত এনে উদাহৰণ দাবী দাঙি ধৰা  হৈছে য'ত যিসকলে ভেকছিন গ্ৰহণ কৰি  অক্ষম হৈ পৰাৰ কথা কোৱা হৈছে৷ তেওঁলোকৰ বাবেও ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে  নিৰ্দেশনা দিয়াটো বিচাৰিছে আবেদনকাৰীয়ে৷ উল্লেখ্য শেহতীয়াকৈ এষ্ট্ৰাজেনেকাই কৈছে যে ক’ভিশ্বিল্ড  ভেকছিনৰ  ক্ষেত্ৰত টিটিএছ, বা থ্ৰম্বোচাইটোপেনিয়া চিণ্ড্ৰোমৰ বিৰল পাৰ্শ্বক্ৰিয়া হ’ব পাৰে৷  ই হৈছে এনে এক স্থিতি যাৰ ফলত তেজ গোট মাৰিব পাৰে আৰু প্লেটলেটৰ সংখ্যা হ্ৰাস কৰিব পাৰে৷  জেমি স্কট নামৰ লোকজনে কৰা  অভিযোগৰ  পিছত আদালতত এষ্ট্ৰাজেনিকাই ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছিল৷  স্কটে দাবী কৰিছিল যে  ২০২১ চনৰ এপ্ৰিল মাহত ভেকছিন গ্ৰহণৰ পিছত তেওঁৰ মগজুত  তেজ গোট মাৰিছিল, ফলত   স্থায়ী ভাৱে মগজু ক্ষতিগ্ৰস্ত হৈছিল।  ভাৰতত ব্যাপকভাৱে প্ৰয়োগ কৰা হৈছিল  ক’ভিশ্বিল্ড ভেকছিন৷ এই ভেকছিনৰ সম্ভাৱ্য পাৰ্শ্বক্ৰিয়াৰ খবৰে সেয়ে ভাৰতত  উদ্বেগৰ সৃষ্টি কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ