--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এষ্ট্ৰাজেনিকাৰ  ক’ভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া থকাৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ভাৰততো বিষয়টোকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ত ভেকছিন বিধৰ বিৰুদ্ধে বহুতে আবেদন দাখিল কৰিছে৷ শেহতীয়াকৈ  উচ্চতম ন্যায়ালয়ে ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ দ্বাৰা নিৰ্মিত আৰু এই দেশত ক’ভিশ্বিল্ড হিচাপে বিক্ৰী কৰা ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা যুটীয়াভাৱে বিকশিত কোভিড-১৯ৰ ভেকছিনৰ  পাৰ্শ্বক্ৰিয়াৰ বিষয়ে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে৷

শুনানিৰ বাবে অৱশ্যে এতিয়ালৈকে তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই ৷ উচ্চতম ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে৷  আদালতত দাখিল কৰা আবেদনত ভেকছিন বিধৰ  পাৰ্শ্বক্ৰিয়াৰ অনুসন্ধানৰ বাবে বিশেষজ্ঞ পেনেল গঠনৰ দাবী আৰু ঔষধ গ্ৰহণ কৰাৰ পিছত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক  ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে দাবী জনোৱা হৈছে। 

অৱশ্যে আবেদনখনৰ আগতীয়া শুনানি গ্ৰহণ কৰা নহ’ব। আবেদনখনত এনে উদাহৰণ দাবী দাঙি ধৰা  হৈছে য'ত যিসকলে ভেকছিন গ্ৰহণ কৰি  অক্ষম হৈ পৰাৰ কথা কোৱা হৈছে৷ তেওঁলোকৰ বাবেও ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে  নিৰ্দেশনা দিয়াটো বিচাৰিছে আবেদনকাৰীয়ে৷ উল্লেখ্য শেহতীয়াকৈ এষ্ট্ৰাজেনেকাই কৈছে যে ক’ভিশ্বিল্ড  ভেকছিনৰ  ক্ষেত্ৰত টিটিএছ, বা থ্ৰম্বোচাইটোপেনিয়া চিণ্ড্ৰোমৰ বিৰল পাৰ্শ্বক্ৰিয়া হ’ব পাৰে৷  ই হৈছে এনে এক স্থিতি যাৰ ফলত তেজ গোট মাৰিব পাৰে আৰু প্লেটলেটৰ সংখ্যা হ্ৰাস কৰিব পাৰে৷  জেমি স্কট নামৰ লোকজনে কৰা  অভিযোগৰ  পিছত আদালতত এষ্ট্ৰাজেনিকাই ভেকছিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছিল৷  স্কটে দাবী কৰিছিল যে  ২০২১ চনৰ এপ্ৰিল মাহত ভেকছিন গ্ৰহণৰ পিছত তেওঁৰ মগজুত  তেজ গোট মাৰিছিল, ফলত   স্থায়ী ভাৱে মগজু ক্ষতিগ্ৰস্ত হৈছিল।  ভাৰতত ব্যাপকভাৱে প্ৰয়োগ কৰা হৈছিল  ক’ভিশ্বিল্ড ভেকছিন৷ এই ভেকছিনৰ সম্ভাৱ্য পাৰ্শ্বক্ৰিয়াৰ খবৰে সেয়ে ভাৰতত  উদ্বেগৰ সৃষ্টি কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু