--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত ঝাৰখণ্ডৰ এজন মন্ত্ৰীৰ সচিবৰ এজন লগুৱাৰ বাসগৃহত অভিযান চলাই প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) ২৫ কোটি টকা জব্দ কৰিছে। ইডিৰ বিষয়াসকলে সোমবাৰে পুৱাৰে পৰা ৰাঁচীৰ বিভিন্ন স্থানত অভিযান আৰম্ভ চলায়।  ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিব সঞ্জীৱ লালৰ  এজন লগুৱাৰ ঘৰতো তালাচী চলোৱা হয়। ইডিৰ সূত্ৰৰ মতে পৰিচাৰকৰ ঘৰৰ পৰা ২৫  কোটি টকা উদ্ধাৰ কৰা হৈছে। ইডিয়ে সন্দেহ কৰিছে যে এই ধন  মানি লণ্ডাৰিং গোচৰৰ সৈতে জড়িত।  

 সোমবাৰে  পুৱা  ইডিৰ  বিষয়াসকলে সঞ্জীৱৰ লগুৱাৰ ঘৰত তালাচী চলাই ২৫   কোটি টকা উদ্ধাৰ কৰাৰ ঘটনাই বহুতকে আচৰিত কৰি তুলিছে। ইমান বেছি মাত্ৰাত নগদ ধন লুকুৱাই ৰখাৰ কথাই এয়া যে দুৰ্নীতিৰে সংগ্ৰহ কৰা ধন তাকেই প্ৰমাণ কৰা বুলি বহুতে মন্তব্য কৰিছে।  ইডিৰ মতে গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰ কে ৰামৰ ধন সৰবৰাহৰ  গোচৰত সঞ্জীৱৰ নাম জড়িত আছিল। সেই সংযোগৰ সৈতে সংগতি ৰাখি   সোমবাৰে  পুৱা  ইডিয়ে অভিযান আৰম্ভ কৰে। গ্ৰামোন্নয়ন বিভাগৰ মুখ্য অভিযন্তা বীৰেন্দ্ৰক ২০২৩ চনৰ ফেব্ৰুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।

 তেওঁৰ বিৰুদ্ধে বিভিন্ন আঁচনিৰ  ধন আত্মসাৎ কৰাৰ অভিযোগ আছে। ইডিয়ে দাবী কৰিছে যে সঞ্জীৱো গোচৰটোত জড়িত আছে।  ইডি বিষয়াসকলৰ মতে  সঞ্জীৱ ঝাৰখণ্ডৰ আন মন্ত্ৰীসকলৰ সৈতে  ধনৰ লেনদেনত জড়িত আছিল। সোমবাৰে পুৱা মন্ত্ৰী-সচিবৰ  লগুৱাৰ ঘৰৰ পৰা ধনৰ এই পাহাৰ  উদ্ধাৰ হোৱাৰ দৃশ্য দেখি বহুতে ২০২২ চনৰ ঘটনাবোৰলৈ পুনৰ  মনত পেলাইছে। সেই সময়ত  প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা পশ্চিম বংগৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা চেটাৰ্জীৰ মালিকানাধীন দুটা ফ্লেটৰ পৰা ৫০ কোটি টকা উদ্ধাৰ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু