--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড-১৯ মহামাৰীৰ সময়ত কভিশ্বিল্ড ভেকছিন মুকলি কৰা ছিৰাম ইনষ্টিটিউট অব্ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছিল। ‘ৰয়টাৰ’ৰ এক প্ৰতিবেদন অনুসৰি এই পৰিমাণৰ যথেষ্ট অংশ বিজেপিক দান কৰা হৈছিল। ২০২২ত ছিৰাম ইনষ্টিউটে এদিনতে বৃহৎ পৰিমাণৰ ধনৰাশি বিজেপিক অনুদান দিছিল বুলি জানিব পৰা গৈছে। 

৪৮ ঘণ্টাৰ ভিতৰত তেওঁলোকে আৰু ৫০ কোটিৰ অৰিহণা আগবঢ়াইছিল। পৰৱৰ্তী ১৫ দিনত তেওঁলোকে বিজেপিক ৫২ কোটি টকা দান কৰিছিল। প্ৰুডেণ্ট ইলেক্ট'ৰেল ট্ৰাষ্ট কমিছনৰ দ্বাৰা ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা তথ্যৰ পৰ্যালোচনা কৰাৰ পাছত ৰয়টাৰে এই তথ্য প্ৰকাশ কৰিছে। 

২০২২ৰ আগষ্টত ছিৰামে তিনিটা কিস্তিত মুঠ ৫২.৫ কোটি টকা প্ৰুডেণ্ট ট্ৰাষ্টলৈ স্থানান্তৰ কৰিছিল৷ ১ আগষ্টত ৪০ কোটি, ২ আগষ্টত ১০ কোটি আৰু ১৭ আগষ্টত ২.৫ কোটি টকা৷ প্ৰুডেণ্ট ট্ৰাষ্টে তেতিয়া ১৮ আগষ্টত সমগ্ৰ ধনৰাশি ভাৰতীয় জনতা পাৰ্টিলৈ স্থানান্তৰ কৰিছিল। ভাৰতীয় ছিৰাম ইনষ্টিটিউটত ২০২২ত ভাৰতীয় বজাৰৰ পৰা ৰাজহ ৮০% বৃদ্ধি পাইছিল৷  

লক্ষণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰ ক’ভিডৰ টিকাকৰণ অভিযানৰ প্ৰায় ৭৯% ছিৰাম ইনষ্টিটিউটৰ কভিশ্বিল্ডৰ ওপৰত নিৰ্ভৰশীল আছিল৷ ভাৰত চৰকাৰে কভিশ্বিল্ড বৃহৎ পৰিমাণৰ পালি অৰ্ডাৰ দিছিল, যাৰ ভিতৰত আছে ২০২১ৰ জানুৱাৰীত এক কোটি দহ লাখ পালি আৰু একে বছৰৰ মাৰ্চত অতিৰিক্ত দহ কোটি পালি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু