--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড-১৯ মহামাৰীৰ সময়ত কভিশ্বিল্ড ভেকছিন মুকলি কৰা ছিৰাম ইনষ্টিটিউট অব্ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱালাই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছিল। ‘ৰয়টাৰ’ৰ এক প্ৰতিবেদন অনুসৰি এই পৰিমাণৰ যথেষ্ট অংশ বিজেপিক দান কৰা হৈছিল। ২০২২ত ছিৰাম ইনষ্টিউটে এদিনতে বৃহৎ পৰিমাণৰ ধনৰাশি বিজেপিক অনুদান দিছিল বুলি জানিব পৰা গৈছে। 

৪৮ ঘণ্টাৰ ভিতৰত তেওঁলোকে আৰু ৫০ কোটিৰ অৰিহণা আগবঢ়াইছিল। পৰৱৰ্তী ১৫ দিনত তেওঁলোকে বিজেপিক ৫২ কোটি টকা দান কৰিছিল। প্ৰুডেণ্ট ইলেক্ট'ৰেল ট্ৰাষ্ট কমিছনৰ দ্বাৰা ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা তথ্যৰ পৰ্যালোচনা কৰাৰ পাছত ৰয়টাৰে এই তথ্য প্ৰকাশ কৰিছে। 

২০২২ৰ আগষ্টত ছিৰামে তিনিটা কিস্তিত মুঠ ৫২.৫ কোটি টকা প্ৰুডেণ্ট ট্ৰাষ্টলৈ স্থানান্তৰ কৰিছিল৷ ১ আগষ্টত ৪০ কোটি, ২ আগষ্টত ১০ কোটি আৰু ১৭ আগষ্টত ২.৫ কোটি টকা৷ প্ৰুডেণ্ট ট্ৰাষ্টে তেতিয়া ১৮ আগষ্টত সমগ্ৰ ধনৰাশি ভাৰতীয় জনতা পাৰ্টিলৈ স্থানান্তৰ কৰিছিল। ভাৰতীয় ছিৰাম ইনষ্টিটিউটত ২০২২ত ভাৰতীয় বজাৰৰ পৰা ৰাজহ ৮০% বৃদ্ধি পাইছিল৷  

লক্ষণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰ ক’ভিডৰ টিকাকৰণ অভিযানৰ প্ৰায় ৭৯% ছিৰাম ইনষ্টিটিউটৰ কভিশ্বিল্ডৰ ওপৰত নিৰ্ভৰশীল আছিল৷ ভাৰত চৰকাৰে কভিশ্বিল্ড বৃহৎ পৰিমাণৰ পালি অৰ্ডাৰ দিছিল, যাৰ ভিতৰত আছে ২০২১ৰ জানুৱাৰীত এক কোটি দহ লাখ পালি আৰু একে বছৰৰ মাৰ্চত অতিৰিক্ত দহ কোটি পালি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ