--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাল্গুনী পাঠক আৰু নেহা কক্কৰৰ মাজত সৃষ্টি হোৱা বিভাজন ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। নেহা কক্কৰে ফাল্গুনীৰ পুৰণি জনপ্ৰিয় গীত 'মেইনে পায়ল হায় ছনকাই'ৰ ৰিমেক কৰিছিল যিটোৰ বাবে সমালোচনা আৰু ট্ৰলৰ সন্মুখীন হৈছে নেহা। ইফালে ফাল্গুনীৰ পুৰণি গীতবোৰ মানুহে শুনিবলৈ আৰম্ভ কৰিছে। যোৱা এসপ্তাহৰ ভিতৰত বহুতে ইউটিউবত ফাল্গুনী পাঠকৰ গান চাৰ্ছ কৰি শুনিছে। একে সময়তে বহু লোকে ফাল্গুনী পাঠকৰ ব্যক্তিগত জীৱনৰ বিষয়েও অনুসন্ধান কৰি আছে। ফাল্গুনীৰ জীৱনৰ লগত জড়িত কিছুমান তথ্য জানো আহক।

নৱৰাত্ৰিৰ সময়ত ভাৰতীয় কণ্ঠশিল্পী ফাল্গুনী পাঠকৰ আদৰ যথেষ্ট বৃদ্ধি পায়। ফাল্গুনী পাঠক 'ডাণ্ডিয়া কুইন' নামেৰে জনাজাত। খাৰত এটা গুজৰাটী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ফাল্গুনীয়ে। সৰুৰে পৰা তেওঁ গান গোৱাৰ প্ৰতি আকৰ্ষিত আছিল। ৰেডিঅ’ত গীত শুনি শুনি তেওঁৰ মাজত এই চখটো জাগ্ৰত হৈছিল। ৯ বছৰ বয়সতে ফাল্গুনীয়ে ১৫ আগষ্ট উপলক্ষে মঞ্চত গীত পৰিবেশন কৰিছিল, যাৰ বাবে তেওঁৰ পিতৃ অতিশয় ক্ষুব্ধ হৈছিল।

মঞ্চত ফাল্গুনীয়ে গাইছিল 'লেইলা মে লেইলা' গীত। এই কথাত ফাল্গুনীৰ পিতৃৰ বহুত খং উঠিছিল আৰু কণমানি ফাল্গুনীক তেওঁ পিটিছিল। ফাল্গুনীৰ মাতৃয়ে তেওঁৰ গান গোৱা চখটোক সমৰ্থন কৰিছিল। মাতৃৰ পৰা ফাল্গুনীয়ে গুজৰাটী লোকগীত শিকিছিল। তাৰপাছত নৱৰাত্ৰিৰ অনুষ্ঠানত কোৰাছ হিচাপে তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল।

ফাল্গুনী পাঠকক মানুহে সদায় ল’ৰাৰ গেটআপত দেখি আহিছে। ফাল্গুনীক মহিলাৰ সাজ-পোচাক পৰিধান কৰা দেখা নাযায়। তেওঁ চুলিও সদায় বয়কাট কৰি ৰাখে। ল’ৰাৰ গেটআপত থাকি ভাল পায় কণ্ঠশিল্পীগৰাকীয়ে। ইয়াৰ আঁৰৰ কাৰণ ফাল্গুনীয়ে কৈছিল যে ফাল্গুনীৰ ৪ গৰাকী বায়েক আছে। মাক-দেউতাকে ৪ জনী ছোৱালীৰ পাছত এটা ল’ৰা সন্তানৰ কামনা কৰিছিল যদিও ফাল্গুনীৰ ৰূপত পুনৰ জন্ম হ’ল এগৰাকী কন্যা। 

ফাল্গুনীৰ বায়েকহঁতেও এজন ভায়েকৰ আশা কৰিছিল। সেয়েহে তেওঁলোকে ভনীয়েক ফাল্গুনীক ল’ৰাৰ দৰে সাজ-পোছাক পিন্ধাই ৰাখিছিল। এনেদৰে পিন্ধোতে পিন্ধোতে ল’ৰাৰ সাজ-পোছাকতে নিজকে সহজ যেন লগা হ’ল ফাল্গুনীৰ। স্কুলৰ দিনত তেওঁ ছোৱালীৰ ইউনিফৰ্ম কেৱল বাধ্যতামূলকভাৱেহে পিন্ধিছিল। ডাঙৰ হৈয়ো তেওঁ নাৰীৰ পোচাকৰ প্ৰতি কোনো আকৰ্ষণ নকৰা হ’ল। সেয়ে তেওঁ যেনেদৰে থাকি ভালপায় তেনেদৰেই থাকিবলৈ ল’লে। 

ফাল্গুনী পাঠকে এতিয়ালৈকে বিবাহপাশত আৱদ্ধ হোৱা নাই। ১৯৯৮ চনত তেওঁৰ প্ৰথম এলবাম 'য়াদ পিয়া কি আনে লগি'ৰ পাছত তেওঁ ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হৈ উঠে। ফাল্গুনী পাঠকে উপহাৰ দিছিল বেক টু বেক ছুপাৰহিট গান। যিবোৰ গীতে আজিও মানুহৰ বুকুত নিগাজীকৈ বাস কৰি আছে। তেওঁৰ গানবোৰ প্ৰথম মুকলি হওতে মানুহ যিমান আপ্লুত হৈছিল, এতিয়াও সেই গানবোৰ শুনি সিমানেই আপ্লুত হয়। সেয়াই ফাল্গুনী পাঠকৰ গানৰ যাদু। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ