--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ ৰূপালী পৰ্দাত দেখা যাব ৰামচন্দ্ৰক৷ ৰামায়ণ মহাকাব্যৰ আধাৰত এখন আহিবলগীয়া চিনেমা ‘আদিপুৰুষ’৷ ওম ৰাউটে পৰিচালনা কৰা আৰু টি-চিৰিজ ফিল্মছ আৰু ৰেট্ৰোফিলছৰ দ্বাৰা প্ৰযোজিত এই চিনেমাখন হিন্দী আৰু তেলেগু ভাষাত একেলগে দৃশ্যগ্ৰহণ কৰা হৈছে৷

চিনেমাখনত মুখ্য চৰিত্ৰত দেখা যাব দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা প্ৰভাসক৷ প্ৰভাসে ৰাঘৱৰ চৰিত্ৰত, কৃতি চাননে জানকীৰ চৰিত্ৰত আৰু চৈফ আলী খানে লংকেশৰ চৰিত্ৰত অভিনয় কৰিছে। ৫০০ কোটি টকাৰ বিগ বাজেটেৰে নিৰ্মাণ কৰা হৈছে চিনেমাখন৷ 

চিনেমাখনৰ চিত্ৰগ্ৰহণ ২০২১ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল আৰু ২০২১ চনৰ নৱেম্বৰত মুম্বাইত প্ৰাথমিক চিত্ৰগ্ৰহণৰ সৈতে সমাপ্ত হৈছিল।

ওম ৰাউটৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰভাস, কৃতি চানন, চেইফ আলী খান আৰু ছানী সিঙে। টীজাৰ মুকলি অনুষ্ঠানত অভিনেতা প্ৰভাস আৰু কৃতি চানন অনুষ্ঠানটোত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। 

প্ৰায় দুবছৰ পূৰ্বে প্ৰভাসে তেওঁৰ সহ:অভিনেতা কৃতি চানন, ছানী সিং আৰু পৰিচালক ওম ৰাউটৰ সৈতে তেওঁৰ ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছিল। পোষ্টটো শ্বেয়াৰ কৰি তেওঁ লিখিছিল, কৃতি চানন আৰু ছানী সিঙক আদিপুৰুষৰ পৰিয়াললৈ স্বাগতম জনাইছোঁ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?