--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ ৰূপালী পৰ্দাত দেখা যাব ৰামচন্দ্ৰক৷ ৰামায়ণ মহাকাব্যৰ আধাৰত এখন আহিবলগীয়া চিনেমা ‘আদিপুৰুষ’৷ ওম ৰাউটে পৰিচালনা কৰা আৰু টি-চিৰিজ ফিল্মছ আৰু ৰেট্ৰোফিলছৰ দ্বাৰা প্ৰযোজিত এই চিনেমাখন হিন্দী আৰু তেলেগু ভাষাত একেলগে দৃশ্যগ্ৰহণ কৰা হৈছে৷

চিনেমাখনত মুখ্য চৰিত্ৰত দেখা যাব দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা প্ৰভাসক৷ প্ৰভাসে ৰাঘৱৰ চৰিত্ৰত, কৃতি চাননে জানকীৰ চৰিত্ৰত আৰু চৈফ আলী খানে লংকেশৰ চৰিত্ৰত অভিনয় কৰিছে। ৫০০ কোটি টকাৰ বিগ বাজেটেৰে নিৰ্মাণ কৰা হৈছে চিনেমাখন৷ 

চিনেমাখনৰ চিত্ৰগ্ৰহণ ২০২১ চনৰ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল আৰু ২০২১ চনৰ নৱেম্বৰত মুম্বাইত প্ৰাথমিক চিত্ৰগ্ৰহণৰ সৈতে সমাপ্ত হৈছিল।

ওম ৰাউটৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰভাস, কৃতি চানন, চেইফ আলী খান আৰু ছানী সিঙে। টীজাৰ মুকলি অনুষ্ঠানত অভিনেতা প্ৰভাস আৰু কৃতি চানন অনুষ্ঠানটোত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। 

প্ৰায় দুবছৰ পূৰ্বে প্ৰভাসে তেওঁৰ সহ:অভিনেতা কৃতি চানন, ছানী সিং আৰু পৰিচালক ওম ৰাউটৰ সৈতে তেওঁৰ ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছিল। পোষ্টটো শ্বেয়াৰ কৰি তেওঁ লিখিছিল, কৃতি চানন আৰু ছানী সিঙক আদিপুৰুষৰ পৰিয়াললৈ স্বাগতম জনাইছোঁ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক