--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন সংসদ ভৱনত প্ৰথমবাৰৰ বাবে ভাষণ দিলে  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ আদৰণি ভাষণত নতুন দিল্লীত জি-২০ সন্মিলনৰ পৰা চন্দ্ৰযানৰ সফলতালৈকে বিভিন্ন বিষয়ক  স্পৰ্শ কৰি যায়। ৰাষ্ট্ৰপতিয়ে  ৰাম মন্দিৰক লৈও তেওঁৰ  উৎসাহ প্ৰদৰ্শন কৰে। সংসদৰ বাজেট অধিৱেশনৰ  আদৰণি ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে কয় "মানুহে বহু শতাব্দী ধৰি অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে অপেক্ষা কৰি আছিল। সেই সপোনটো এতিয়া পূৰণ হৈছে। মানুহে জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ ৰ সমাপ্তিও বিচাৰিছিল। আজি অনুচ্ছেদ ৩৭০ এক ইতিহাস’’। মুৰ্মুৱে তেওঁৰ ভাষণত  তিনি তালাক ৰদ কৰাৰ বিষয়তো  আনন্দ প্ৰকাশ কৰে।

 ইফালে, 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ কথা উল্লেখ কৰি দ্ৰৌপদী মুৰ্মুৱে কয় যে পৰ্যটনৰ ক্ষেত্ৰত দেশ   আগবাঢ়ি  গৈছে। যদিও পৰ্যটকসকলে আন্দামান আৰু লক্ষদ্বীপলৈ যাবলৈ আগ্ৰহী, মানুহে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈও হিলদল ভাঙি  আহিছে। 

মুৰ্মুৱে কয় "পৰ্যটন হৈছে এনে এক খণ্ড য'ত যুৱ সকলৰ চাকৰিৰ সুযোগ আছে। উত্তৰ-পূবলৈ অভিলেখ সংখ্যক পৰ্যটক আহিছে। আন্দামান দ্বীপপুঞ্জ বা লাক্ষদ্বীপ ভ্ৰমণ কৰিবলৈ মানুহে  যথেষ্ট আগ্ৰহ দেখুৱাইছে। ইয়াৰ উপৰি, 'প্ৰাণ প্ৰতিষ্ঠা'ৰ পিছত অযোধ্যা ধামত ১৩ লাখ ভক্ত সমবেত হৈছে। "

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় "নতুন সংসদ ভৱনত এইটো মোৰ প্ৰথম ভাষণ। এই সুন্দৰ ভৱনটো অমৃত কালৰ আৰম্ভণিতে নিৰ্মাণ কৰা হৈছে। ইয়াত 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ সুবাস আছে। ইয়াত গণতান্ত্ৰিক আৰু সংসদীয় পৰম্পৰাক সন্মান কৰাৰ সংকল্পও আছে। "

তেওঁ কয় "ভাৰতে যোৱা বছৰত বহু কৃতিত্ব অৰ্জন কৰিছে। ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হৈ পৰিছে। চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা ভাৰত হৈছে প্ৰথম খন দেশ। জি-২০ৰ সফল আয়োজনে বিশ্বত ভাৰতৰ ভূমিকা অধিক শক্তিশালী কৰিছে। ভাৰতৰ খেলুৱৈয়ে  এছিয়ান গেমছত ১০০ তকৈও অধিক পদক জিকিছে। অটল টানেল নিৰ্মাণ কৰা হৈছে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত ভাৰতীয় শিক্ষার্থী দলৰ চমক
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement