--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন সংসদ ভৱনত প্ৰথমবাৰৰ বাবে ভাষণ দিলে  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁৰ আদৰণি ভাষণত নতুন দিল্লীত জি-২০ সন্মিলনৰ পৰা চন্দ্ৰযানৰ সফলতালৈকে বিভিন্ন বিষয়ক  স্পৰ্শ কৰি যায়। ৰাষ্ট্ৰপতিয়ে  ৰাম মন্দিৰক লৈও তেওঁৰ  উৎসাহ প্ৰদৰ্শন কৰে। সংসদৰ বাজেট অধিৱেশনৰ  আদৰণি ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে কয় "মানুহে বহু শতাব্দী ধৰি অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে অপেক্ষা কৰি আছিল। সেই সপোনটো এতিয়া পূৰণ হৈছে। মানুহে জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ ৰ সমাপ্তিও বিচাৰিছিল। আজি অনুচ্ছেদ ৩৭০ এক ইতিহাস’’। মুৰ্মুৱে তেওঁৰ ভাষণত  তিনি তালাক ৰদ কৰাৰ বিষয়তো  আনন্দ প্ৰকাশ কৰে।

 ইফালে, 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ কথা উল্লেখ কৰি দ্ৰৌপদী মুৰ্মুৱে কয় যে পৰ্যটনৰ ক্ষেত্ৰত দেশ   আগবাঢ়ি  গৈছে। যদিও পৰ্যটকসকলে আন্দামান আৰু লক্ষদ্বীপলৈ যাবলৈ আগ্ৰহী, মানুহে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈও হিলদল ভাঙি  আহিছে। 

মুৰ্মুৱে কয় "পৰ্যটন হৈছে এনে এক খণ্ড য'ত যুৱ সকলৰ চাকৰিৰ সুযোগ আছে। উত্তৰ-পূবলৈ অভিলেখ সংখ্যক পৰ্যটক আহিছে। আন্দামান দ্বীপপুঞ্জ বা লাক্ষদ্বীপ ভ্ৰমণ কৰিবলৈ মানুহে  যথেষ্ট আগ্ৰহ দেখুৱাইছে। ইয়াৰ উপৰি, 'প্ৰাণ প্ৰতিষ্ঠা'ৰ পিছত অযোধ্যা ধামত ১৩ লাখ ভক্ত সমবেত হৈছে। "

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় "নতুন সংসদ ভৱনত এইটো মোৰ প্ৰথম ভাষণ। এই সুন্দৰ ভৱনটো অমৃত কালৰ আৰম্ভণিতে নিৰ্মাণ কৰা হৈছে। ইয়াত 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত'ৰ সুবাস আছে। ইয়াত গণতান্ত্ৰিক আৰু সংসদীয় পৰম্পৰাক সন্মান কৰাৰ সংকল্পও আছে। "

তেওঁ কয় "ভাৰতে যোৱা বছৰত বহু কৃতিত্ব অৰ্জন কৰিছে। ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হৈ পৰিছে। চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা ভাৰত হৈছে প্ৰথম খন দেশ। জি-২০ৰ সফল আয়োজনে বিশ্বত ভাৰতৰ ভূমিকা অধিক শক্তিশালী কৰিছে। ভাৰতৰ খেলুৱৈয়ে  এছিয়ান গেমছত ১০০ তকৈও অধিক পদক জিকিছে। অটল টানেল নিৰ্মাণ কৰা হৈছে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু