--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে ঘৰত সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক লাফিং বুদ্ধৰ মূৰ্তি ৰাখে। ফেংছুইৰ মতে সকলো লোকেই ঘৰৰ সৌভাগ্য আৰু সমৃদ্ধিৰ বাবে লাফিং বুদ্ধৰ মূৰ্তি ঘৰত ৰাখিব লাগে। 

লাফিং বুদ্ধৰ মূৰ্তি ঘৰত ৰাখিলেও সেই মূৰ্তিত কোনো ধৰণৰ পূজা-অৰ্চনা কৰিব নালাগে। ঘৰৰ এক নিৰ্দিষ্ট স্থানত সেই মূৰ্তি স্থাপন কৰিব লাগে। ঘৰৰ কেনে স্থানত মূৰ্তি স্থাপন কৰা হৈছে তাৰ ওপৰতে ভিত্তি কৰিয়ে লাফিং বুদ্ধৰ মূর্তিয়ে সৃষ্টি কৰা শুভ ফল নিৰ্ভৰ কৰে। লাফিং বুদ্ধৰ মূৰ্তি কেতিয়াও শোৱনি কোঠা বা ৰান্ধনীশালত ৰাখিব নালাগে। লাফিং বুদ্ধৰ মূৰ্তি কেতিয়াও শ্ব'কেচৰ ভিতৰত আন সজোৱা সামগ্ৰীৰ সৈতে সজাই ৰাখিব নালাগে। 

এনেদৰে সজাই ৰখা লাফিং বুদ্ধৰ মূৰ্তিয়ে কোনো শুভ ফল প্রদান নকৰে। লাফিং বুদ্ধৰ মূৰ্তি সদায় ঘৰৰ প্ৰধান দৰ্জাৰ পিনে মুখ কৰি মাটিৰ পৰা কমেও ৩০ ইঞ্চি ওপৰত স্থাপন কৰিব লাগে। ফেংছুইৰ মতে শুভ শক্তি সদায় ঘৰৰ প্ৰধান দুৱাৰেৰে প্ৰৱেশ কৰে। শুভ শক্তিয়ে ঘৰৰ প্রধান দুৱাৰেৰে  প্ৰৱেশ কৰাৰ সময়ত লাফিং বুদ্ধই সেই শুভ শক্তিক আদৰণি জনায়। সেইবাবে প্রধান দুৱাৰৰ মুখামুখিকৈ লাফিং বুদ্ধৰ মূৰ্তি স্থাপন কৰিব লাগে। 

যদি ঘৰৰ প্ৰধান দুৱাৰৰ মুখামুখিকৈ লাফিং বুদ্ধৰ মূৰ্তি ৰখাৰ সুবিধা নাথাকে তেন্তে প্রধান দুৱাৰৰ ওচৰে পাজৰে কোণাকোণিকৈ কোনো সৰু টেবুলৰ ওপৰত লাফিং বুদ্ধৰ মূৰ্তি স্থাপন কৰিব লাগে ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান