--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ কন্যা  ছানাৰ কথা বহুতেই জানে। পিতৃৰ খ্যাতি আৰু প্ৰতিভাৰ লগতে সৌৰভ কন্যা ছানাৰ বিষয়েও বিভিন্ন সময়ত বহুতে চৰ্চা কৰি আহিছে।ছানাই কেতিয়াও একোৰে অভাৱত ভুগিবলগীয়া হোৱা নাই। 

লাগিলেই সকলো বস্তুৱেই পায় ছানাই।  ক্ৰিকেটাৰ হিচাপে কেৰিয়াৰ সমাপ্ত কৰিলেও সৌৰভ গাংগুলীৰ  উপাৰ্জন মুঠেও কমা নাই, বিপৰীতে  আগৰ তুলনাত  বৃদ্ধিহে পাইছে। তেওঁ বৰ্তমান আই পি এল দল দিল্লী কেপিটেলছৰ ক্ৰিকেট সঞ্চালক।সৌৰভৰ কন্যা  ছানা গাংগুলীয়ে কেতিয়াও পিতৃৰ ধনৰ বাবে আশাপালি নাথাকে। তেওঁ সদায় নিজৰ ভৰিত নিজে কিদৰে থিয় দিব পাৰি সেই বিষয়তহে গুৰুত্ব দিয়ে। সৌৰভ গাংগুলীৰ কন্যা  ছানাই  অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি  আছে। তাত তেওঁ অৰ্থনীতিত স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি  আছে। ছানা গাংগুলী বৰ্তমান কেৱল অধ্যয়নেই  কৰি থকা নাই, তেওঁ নিজৰ খৰচ কিদৰে নিজে উলিয়াব পাৰি সেই বিষয়তো মন দিছে। 

অধ্যয়ন কৰাৰ উপৰি তেওঁ এটা কোম্পানীত  কাম কৰি আছে।  তাৰ পৰাই তেওঁ  প্ৰায় ৩০  লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য অক্সফোৰ্ড বৰ্তমান পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল শিক্ষানুষ্ঠান। তথ্য অনুসৰি তাত তিনি বছৰীয়া পাঠ্যক্ৰম  সম্পূৰ্ণ কৰিবলৈ, ১  কোটি ৬ লাখ ৮০ হাজাৰ টকা পৰিশোধ কৰিব লাগে। ইয়াত টিউচন, বিশ্ববিদ্যালয়ৰ মাচুলো  অন্তৰ্ভুক্ত হৈ আছে। ছানাই আশা কৰিছে যে তেওঁ কোম্পানীত কাম কৰি সেই ধন উলিয়াব পাৰিব। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল