--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ কন্যা  ছানাৰ কথা বহুতেই জানে। পিতৃৰ খ্যাতি আৰু প্ৰতিভাৰ লগতে সৌৰভ কন্যা ছানাৰ বিষয়েও বিভিন্ন সময়ত বহুতে চৰ্চা কৰি আহিছে।ছানাই কেতিয়াও একোৰে অভাৱত ভুগিবলগীয়া হোৱা নাই। 

লাগিলেই সকলো বস্তুৱেই পায় ছানাই।  ক্ৰিকেটাৰ হিচাপে কেৰিয়াৰ সমাপ্ত কৰিলেও সৌৰভ গাংগুলীৰ  উপাৰ্জন মুঠেও কমা নাই, বিপৰীতে  আগৰ তুলনাত  বৃদ্ধিহে পাইছে। তেওঁ বৰ্তমান আই পি এল দল দিল্লী কেপিটেলছৰ ক্ৰিকেট সঞ্চালক।সৌৰভৰ কন্যা  ছানা গাংগুলীয়ে কেতিয়াও পিতৃৰ ধনৰ বাবে আশাপালি নাথাকে। তেওঁ সদায় নিজৰ ভৰিত নিজে কিদৰে থিয় দিব পাৰি সেই বিষয়তহে গুৰুত্ব দিয়ে। সৌৰভ গাংগুলীৰ কন্যা  ছানাই  অক্সফোৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি  আছে। তাত তেওঁ অৰ্থনীতিত স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণ কৰি  আছে। ছানা গাংগুলী বৰ্তমান কেৱল অধ্যয়নেই  কৰি থকা নাই, তেওঁ নিজৰ খৰচ কিদৰে নিজে উলিয়াব পাৰি সেই বিষয়তো মন দিছে। 

অধ্যয়ন কৰাৰ উপৰি তেওঁ এটা কোম্পানীত  কাম কৰি আছে।  তাৰ পৰাই তেওঁ  প্ৰায় ৩০  লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য অক্সফোৰ্ড বৰ্তমান পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল শিক্ষানুষ্ঠান। তথ্য অনুসৰি তাত তিনি বছৰীয়া পাঠ্যক্ৰম  সম্পূৰ্ণ কৰিবলৈ, ১  কোটি ৬ লাখ ৮০ হাজাৰ টকা পৰিশোধ কৰিব লাগে। ইয়াত টিউচন, বিশ্ববিদ্যালয়ৰ মাচুলো  অন্তৰ্ভুক্ত হৈ আছে। ছানাই আশা কৰিছে যে তেওঁ কোম্পানীত কাম কৰি সেই ধন উলিয়াব পাৰিব। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ