--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত নাৰী নিৰ্যাতনৰ ঘটনাই কথা প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি আহিছে যদিও বহু ক্ষেত্ৰত বহু পতিয়েও পত্নীৰ অকথ্য শাৰিৰীক-মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। পতি নিৰ্যাতনৰ এনেবোৰ ঘটনা প্ৰায়ে পোহৰলৈ নহাকৈ থাকে। এইবাৰ কলিকতা উচ্চন্যায়ালয়ে নিৰ্যাতিত পুৰুষৰ সপক্ষে এক গুৰুত্বপূৰ্ণ ৰায় দিছে। আদালতে স্পষ্টভাবে কৈছে যে কোনো পত্নীয়ে যদি স্বামীক তেওঁৰ পিতৃ-মাতৃৰ পৰা আঁতৰাই আনিব বিচাৰে তেনে পত্নীক স্বামীয়ে বিবাহ বিচ্ছেদ দিব পাৰে। 

কলিকতা উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ৰায় দিছে যে  কোনো যুক্তিসঙ্গত কাৰণ নোহোৱাকৈ স্বামীক পত্নীয়ে মাক-দেউতাকৰ পৰা আঁতৰি থাকিবলৈ বাধ্য কৰিব নোৱাৰে।  এই ক্ষেত্ৰত পত্নীৰ অত্যাচাৰৰ সন্মুখীন হ’লে স্বামীয়ে  শাৰীৰিক- মানসিক নিষ্ঠুৰতাৰ বিৰুদ্ধে  আবেদন দাখিল কৰিব পাৰে। আদালতে এগৰাকী মহিলাই তেওঁৰ স্বামীক  বিবাহ বিচ্ছেদৰ অনুমতি দিয়া পাৰিবাৰিক আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি  কলিকতা উচ্চ ন্যায়ালয়ে এনে ৰায় দিয়ে।

ন্যায়াধীশ সৌমেন সেন আৰু উদয় কুমাৰক লৈ গঠিত এখন  খণ্ড বিচাৰপীঠে মহিলাগৰাকীৰ আবেদন খাৰিজ কৰি কয় যে  "ভাৰতীয় সংস্কৃতি আৰু লোকাচাৰত  পিতৃ-মাতৃৰ সৈতে বাস কৰা পুত্ৰই বাস কৰাটো একেবাৰে স্বাভাৱিক"। আদালতে লগতে কয় "পিতৃ-মাতৃ জীয়াই থকালৈকে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিয়াটো পুত্ৰৰ পবিত্ৰ কৰ্তব্য।" ২০০৯ চনত পশ্চিম বংগৰ পশ্চিম মেদিনীপুৰৰ এখন পাৰিবাৰিক আদালতে প্ৰশান্ত কুমাৰ মণ্ডল আৰু তেওঁৰ পত্নী ঝৰ্ণা মণ্ডলক  বিবাহ বিচ্ছেদ প্ৰদান কৰিছিল। মহিলাগৰাকীয়ে উক্ত ৰায়ৰ বিৰুদ্ধে  উচ্চ ন্যায়ালয়ত উপস্থিত হৈছিল। অৱশ্যে  উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰি  স্বামীৰ  অনুকূলেই  ৰায় প্ৰদান কৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ