--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত নাৰী নিৰ্যাতনৰ ঘটনাই কথা প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি আহিছে যদিও বহু ক্ষেত্ৰত বহু পতিয়েও পত্নীৰ অকথ্য শাৰিৰীক-মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। পতি নিৰ্যাতনৰ এনেবোৰ ঘটনা প্ৰায়ে পোহৰলৈ নহাকৈ থাকে। এইবাৰ কলিকতা উচ্চন্যায়ালয়ে নিৰ্যাতিত পুৰুষৰ সপক্ষে এক গুৰুত্বপূৰ্ণ ৰায় দিছে। আদালতে স্পষ্টভাবে কৈছে যে কোনো পত্নীয়ে যদি স্বামীক তেওঁৰ পিতৃ-মাতৃৰ পৰা আঁতৰাই আনিব বিচাৰে তেনে পত্নীক স্বামীয়ে বিবাহ বিচ্ছেদ দিব পাৰে। 

কলিকতা উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ৰায় দিছে যে  কোনো যুক্তিসঙ্গত কাৰণ নোহোৱাকৈ স্বামীক পত্নীয়ে মাক-দেউতাকৰ পৰা আঁতৰি থাকিবলৈ বাধ্য কৰিব নোৱাৰে।  এই ক্ষেত্ৰত পত্নীৰ অত্যাচাৰৰ সন্মুখীন হ’লে স্বামীয়ে  শাৰীৰিক- মানসিক নিষ্ঠুৰতাৰ বিৰুদ্ধে  আবেদন দাখিল কৰিব পাৰে। আদালতে এগৰাকী মহিলাই তেওঁৰ স্বামীক  বিবাহ বিচ্ছেদৰ অনুমতি দিয়া পাৰিবাৰিক আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি  কলিকতা উচ্চ ন্যায়ালয়ে এনে ৰায় দিয়ে।

ন্যায়াধীশ সৌমেন সেন আৰু উদয় কুমাৰক লৈ গঠিত এখন  খণ্ড বিচাৰপীঠে মহিলাগৰাকীৰ আবেদন খাৰিজ কৰি কয় যে  "ভাৰতীয় সংস্কৃতি আৰু লোকাচাৰত  পিতৃ-মাতৃৰ সৈতে বাস কৰা পুত্ৰই বাস কৰাটো একেবাৰে স্বাভাৱিক"। আদালতে লগতে কয় "পিতৃ-মাতৃ জীয়াই থকালৈকে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিয়াটো পুত্ৰৰ পবিত্ৰ কৰ্তব্য।" ২০০৯ চনত পশ্চিম বংগৰ পশ্চিম মেদিনীপুৰৰ এখন পাৰিবাৰিক আদালতে প্ৰশান্ত কুমাৰ মণ্ডল আৰু তেওঁৰ পত্নী ঝৰ্ণা মণ্ডলক  বিবাহ বিচ্ছেদ প্ৰদান কৰিছিল। মহিলাগৰাকীয়ে উক্ত ৰায়ৰ বিৰুদ্ধে  উচ্চ ন্যায়ালয়ত উপস্থিত হৈছিল। অৱশ্যে  উচ্চ ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰি  স্বামীৰ  অনুকূলেই  ৰায় প্ৰদান কৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ