--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে (১০ এপ্ৰিল) অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ গৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহৰ এই ভ্ৰমণক লৈ আপত্তি প্ৰকাশ কৰিছে চীনে। চীনৰ বৈদেশিক মন্ত্ৰীৰ এগৰাকী মুখপাত্ৰই কয় যে ই সীমান্ত অনুকূল নহয়, গৃহমন্ত্ৰীৰ ভ্ৰমণে চীনৰ ভূখণ্ডৰ সাৰ্বভৌমত্ব উলংঘা কৰিছে আৰু চীনে ইয়াৰ বিৰোধিতা কৰিছে কাৰণ জাংনানৰ অঞ্চলটো চীনৰ ভূখণ্ড।

ইয়াৰ পূৰ্বে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমৰ ডিব্ৰুগড়ত উপস্থিত হয়। য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক আদৰণি জনায়। ইয়াৰ পৰা অমিত শ্বাহ অৰুণাচল প্ৰদেশলৈ যায় য’ত তেওঁ ভাৰত-চীন সীমান্তৰ কিবিথু নামৰ এখন গাঁওত ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ আৰম্ভ কৰিব। এইবছৰৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল এই ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম। উল্লেখযোগ্য যে কিবিথু গাঁৱৰ পৰা মাত্ৰ এক কিলোমিটাৰ দূৰত্বত চীনৰ সীমান্ত।


শনিবাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ৪৮০০ কোটি টকাৰ কেন্দ্ৰীয় আবণ্টনৰে ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ নামৰ এক আৰম্ভ কৰিছে য’ত পথ সংযোগৰ বাবে বিশেষভাৱে ২,৫০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে৷

ভিভিপি হৈছে কেন্দ্ৰই পৃষ্ঠপোষকতা কৰা আঁচনি, যাৰ অধীনত উত্তৰৰ সীমান্তৱৰ্তী ৰাজ্য অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ ১৯খন জিলাৰ ৪৬টা ব্লকত সৰ্বাংগীন উন্নয়নৰ বাবে ২৯৬৭খন গাঁও চিনাক্ত কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে ২০২০ চনত লাডাখৰ গালৱানত সংঘটিত হোৱা সংঘৰ্ষৰ পিছত চীন আৰু ভাৰতৰ জোৱানৰ মাজত অচলাৱস্থাৰ সৃষ্টি হৈছে। যোৱা বছৰো ডিচেম্বৰ মাহত অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত ভাৰত আৰু চীনৰ জোৱানৰ মাজত সংঘৰ্ষ হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল