--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাইভ টিভিত কংগ্ৰেছৰ এগৰাকী মহিলা  মুখপাত্ৰক গালি-গালাজ কৰাৰ  গুৰুতৰ অভিযোগ উত্থাপন হৈছে দেশৰ এগৰাকী আগশাৰীৰ সাংবাদিকৰ বিৰুদ্ধে। তেওঁ হৈছে ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মা।  কংগ্ৰেছে দলৰ মহিলা মুখপাত্ৰগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ বাবে ৰজত শৰ্মাৰ  পৰা বিনাচৰ্তে ক্ষমা বিচাৰিছে। কংগ্ৰেছৰ মুখপাত্ৰ ৰাগিনী নায়কক লাইভ টিভি শ্ব’ৰ মাজতে গালি-গালাজ কৰাৰ অভিযোগ উঠিছে ৰজত শৰ্মাৰ বিৰুদ্ধে। 

মঙলবাৰে সেয়ে  কংগ্ৰেছে ৰজত শৰ্মাৰ পৰা বিনাচৰ্তে ক্ষমা বিচাৰি দাবী জনায়।অভিযোগ অনুসৰি লাইভ সম্প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ মুখপাত্ৰ ৰাগিনী নায়কক উদ্দেশ্যি ৰজত শৰ্মাই   গালি-গালাজ কৰিছিল। তীব্ৰ বিতৰ্কৰ মাজতে এই ঘটনা সংঘটিত হৈছিল, শৰ্মাই মুখৰ ভিতৰতে  কিবা  বিৰবিৰাই থকা দেখা গৈছিল।  যিটো ৰাগিনী নায়কৰ মতে উত্তৰ ভাৰতত প্ৰচলিত এটা হিন্দী গালি আছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত চলা  টিভি বিতৰ্কৰ সময়ত নায়কে নিজৰ দলক প্ৰতিনিধিত্ব কৰিছিল।  তেতিয়াই এই ঘটনা সংঘটিত হয় বুলি ৰাগিনীয়ে অভিযোগ কৰিছে।নায়কে এক্সত এই সম্পৰ্কীয় অভিযোগ  কৰিছে।

 ইয়াৰ পিছতে  কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক্সত লিখিছে “ৰজত শৰ্মা এজন বিখ্যাত সংবাদ মাধ্যমৰ ব্যক্তিত্ব। তেওঁৰ নিজস্ব ৰাজনৈতিক ধাৰণা আছে যদিও কংগ্ৰেছৰ এগৰাকী মূল মুখপাত্ৰ, যি এগৰাকী মহিলা, তেওঁৰ বাবে এনে অপমানজনক ভাষা ব্যৱহাৰ কৰাটো মানি ল’ব নোৱাৰি আৰু ইয়াক তীব্ৰ গৰিহণা দিয়া উচিত। এই বিষয়ত নিঃচৰ্ত ৰাজহুৱা ক্ষমা প্ৰাৰ্থনাৰ জৰুৰী প্ৰয়োজন আছে”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু