--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাইভ টিভিত কংগ্ৰেছৰ এগৰাকী মহিলা  মুখপাত্ৰক গালি-গালাজ কৰাৰ  গুৰুতৰ অভিযোগ উত্থাপন হৈছে দেশৰ এগৰাকী আগশাৰীৰ সাংবাদিকৰ বিৰুদ্ধে। তেওঁ হৈছে ইণ্ডিয়া টিভিৰ মুখ্য সম্পাদক ৰজত শৰ্মা।  কংগ্ৰেছে দলৰ মহিলা মুখপাত্ৰগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ বাবে ৰজত শৰ্মাৰ  পৰা বিনাচৰ্তে ক্ষমা বিচাৰিছে। কংগ্ৰেছৰ মুখপাত্ৰ ৰাগিনী নায়কক লাইভ টিভি শ্ব’ৰ মাজতে গালি-গালাজ কৰাৰ অভিযোগ উঠিছে ৰজত শৰ্মাৰ বিৰুদ্ধে। 

মঙলবাৰে সেয়ে  কংগ্ৰেছে ৰজত শৰ্মাৰ পৰা বিনাচৰ্তে ক্ষমা বিচাৰি দাবী জনায়।অভিযোগ অনুসৰি লাইভ সম্প্ৰচাৰৰ সময়ত কংগ্ৰেছৰ মুখপাত্ৰ ৰাগিনী নায়কক উদ্দেশ্যি ৰজত শৰ্মাই   গালি-গালাজ কৰিছিল। তীব্ৰ বিতৰ্কৰ মাজতে এই ঘটনা সংঘটিত হৈছিল, শৰ্মাই মুখৰ ভিতৰতে  কিবা  বিৰবিৰাই থকা দেখা গৈছিল।  যিটো ৰাগিনী নায়কৰ মতে উত্তৰ ভাৰতত প্ৰচলিত এটা হিন্দী গালি আছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত চলা  টিভি বিতৰ্কৰ সময়ত নায়কে নিজৰ দলক প্ৰতিনিধিত্ব কৰিছিল।  তেতিয়াই এই ঘটনা সংঘটিত হয় বুলি ৰাগিনীয়ে অভিযোগ কৰিছে।নায়কে এক্সত এই সম্পৰ্কীয় অভিযোগ  কৰিছে।

 ইয়াৰ পিছতে  কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক্সত লিখিছে “ৰজত শৰ্মা এজন বিখ্যাত সংবাদ মাধ্যমৰ ব্যক্তিত্ব। তেওঁৰ নিজস্ব ৰাজনৈতিক ধাৰণা আছে যদিও কংগ্ৰেছৰ এগৰাকী মূল মুখপাত্ৰ, যি এগৰাকী মহিলা, তেওঁৰ বাবে এনে অপমানজনক ভাষা ব্যৱহাৰ কৰাটো মানি ল’ব নোৱাৰি আৰু ইয়াক তীব্ৰ গৰিহণা দিয়া উচিত। এই বিষয়ত নিঃচৰ্ত ৰাজহুৱা ক্ষমা প্ৰাৰ্থনাৰ জৰুৰী প্ৰয়োজন আছে”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ