--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ‘Most Eligible Bachelor’ বুলি কোৱা হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীক। ৰাহুল গান্ধীৰ বৰ্তমান বয়স ৫৩ বছৰ। কিন্তু এতিয়াও তেওঁ বিবাহপাশত আৱদ্ধ হোৱা নাই। ৰাহুল গান্ধীয়ে বিয়া কেতিয়া পাতিব সেইটো এই সময়ত এক লাখটকীয়া প্ৰশ্ন হৈ পৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিবাহক লৈ বহু সময়ত প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছ, বিজেপি হওক বা সাধাৰণ মানুহেই হওক, ৰাহুল গান্ধীৰ বিয়া কেতিয়া হ’ব বুলি সকলোৱে সদায় প্ৰশ্ন কৰি আহিছে।

জুন মাহত পাটনাত অনুষ্ঠিত বিৰোধী দলৰ বৈঠকৰ সময়ত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ উচ্চতম মন্ত্ৰী লালু প্ৰসাদ যাদৱে ৰাহুল গান্ধীক বিয়া পাতিবলৈ পৰামৰ্শ দিছিল। ৰাহুলক গান্ধীক বিবাহৰ বিষয়ে সুধিলে তেওঁ কয় যে ‘‘বিয়া পতাত মোৰ কোনো আপত্তি নাই। উপযুক্ত যুৱতী বিচাৰি পালে নিশ্চয় মই বিয়া পাতিম। মোৰ মা-দেউতাৰ বিয়াখন আছিল অসাধাৰণ। সেইবাবেই মোৰ বিবাহৰ চিন্তা বহুত উচ্চ। ময়ো বিচাৰো মনে মিলা এগৰাকী জীৱনসংগী। কোনো যুৱতীৰ নাম নোলোৱাকৈ তেওঁ কয় যে যেতিয়াই তেওঁৰ বাবে উপযু্ক্ত যুৱতী বিচাৰি পাব তেতিয়াই তেওঁ বিয়াত বহিব।’’ 

৫৩ বৰ্ষীয় ৰাহুল গান্ধীক এবাৰ এক সাক্ষাৎকাৰত সোধা হৈছিল যে জীৱনসংগীৰ ক্ষেত্ৰত ৰাহুল গান্ধীয়ে কোনো বিশেষত্ব বিচাৰে নেকি? সেই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে তেনে কোনো কথা নাই, মাত্ৰ জীৱনসংগীগৰাকী মৰমিয়াল আৰু বুদ্ধিমান হোৱা প্ৰয়োজন।
 
উল্লেখ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহতো ৰাহুল গান্ধীয়ে এক ইউটিউব চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁৰ জীৱনসংগীৰ ক্ষেত্ৰত তেওঁৰ মাতৃ ছোনিয়া গান্ধী আৰু আইতাক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ গুণ থকাটো বিচাৰে বুলি মন্তব্য কৰিছিল।

নিজৰ বিয়া পলম হোৱাকলৈ ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁৰ বিয়া পলম হোৱাৰ কাৰণ তেওঁৰ পিতৃ-মাতৃ। ৰাহুলে কয় যে ‘‘মোৰ পিতৃ-মাতৃ অৰ্থাৎ ৰাজীৱ-ছোনিয়াৰ যুটি ইমানেই ভাল আছিল যে তেওঁলোকে প্ৰেমৰ উচ্চ স্তৰ স্থাপন কৰিছিল,ইজনে সিজনৰ প্ৰতি অতিশয় প্ৰেম আছিল। সেইবাবেই মোৰ আশাও বহুত বেছি। তেওঁলোকক দেখিয়ে কোনো ছোৱালীক হঠাতে মোৰ ভাল লাগি নাযায়।’’ ইয়াৰ লগতে ৰাহুল গান্ধীয়ে নিজকে কেতিয়াও বিবাহৰ বিৰোধী নহয় বুলি মন্তব্য কৰে। 

বৰ্তমান ৰাহুল গান্ধীৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে পৰৱৰ্তী লোকসভা নিৰ্বাচনত দলটোৰ চৰকাৰ পুনৰ গঠন কৰা। ইয়াৰ বাবে তেওঁ সক্ৰিয় হৈ পৰিছে। নিৰ্বাচনৰ পূৰ্বে তেওঁ ৰাজ্যভিত্তিক ভ্ৰমণ কৰি সমগ্ৰ দেশৰ শ্ৰমিকসকলক সাক্ষাৎ কৰিছে। ৰাহুলে বহুবাৰ স্পষ্ট কৰি দিছে যে তেওঁ প্ৰথমে দলটোক শক্তিশালী কৰিব বিচাৰে, তাৰপাছতহে বাকীবোৰ চিন্তা কৰিব। ৰাহুলে যিয়েই নকওক কিয়, সকলোৱে জানে যে বৰ্তমান সময়ত ভাৰতৰ ‘Most Eligible Bachelor’ ৰাহুল গান্ধী। এতিয়া সকলোৱে ৰাহুল গান্ধীয়ে দেহত মাহ-হালধি সনা দিনটোলৈ আৰু বিয়াৰ চেহনাই বাজি উঠা দিনটোলৈ বাট চাইছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ