--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভাত সোমবাৰে দিল্লী সেৱা বিধেয়ক গৃহীত হয়। বিধেয়কখনৰ সপক্ষে ১৩১গৰাকী সাংসদে ভোট প্রদান কৰাৰ বিপৰীতে ১০২ গৰাকী সাংসদে বিধেয়কখনৰ বিৰোধিতা কৰে। 

উল্লেখযোগ্য যে যোৱা সপ্তাহত লোকসভাত বিধেয়কখন গৃহীত হৈছিল। বিধেয়কখনৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানীৰ ক্ষেত্ৰত দিল্লী চৰকাৰৰ বিভিন্ন কাম-কাজ, কার্যকাল তথা দিল্লীৰ বিষয়া কৰ্মচাৰীসকলৰ কাম-কাজ তথা সেৱাৰ স্থিতি আৰু চৰ্ত আদি বিভিন্ন বিষয়ৰ সৈতে জড়িত নীতি-নিয়ম প্ৰণয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

সোমবাৰে সংসদত দেখা গ’ল এটা ব্যতিক্ৰমী দৃশ্য৷ দিল্লী সেৱা বিলৰ বিৰুদ্ধে ভোটদান কৰিবলৈ সংসদত উপস্থিত থাকিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং৷ শাৰীৰিকভাবে অসুস্থ ৯০ ঊৰ্ধ্বৰ সাংসদগৰাকী হুইল চেয়াৰত বহি থাকিয়েই উপস্থিত থাকিল সংসদত৷ স্বাস্থ্য অনুকূল নহ’লেও ৰাজ্যসভাত নিজৰ কৰ্তব্য পালন কৰিবলৈ আহিছিল ড° সিং আৰু দিল্লী সেৱা সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভোট দান কৰিছিল৷

বিজেপিয়ে সততে এইগৰাকী ড° মনমোহন সিঙক উপলুঙা কৰি আহিছে৷ আনকি প্ৰধানমন্ত্ৰী মোদীয়েও মৌনমোহন সিং বুলি তাচ্ছিল্য কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক৷ মনমোহন সিং সম্পৰ্কে এটা নেতিবাচক আৰু ভুল ধাৰণা প্ৰতিষ্ঠা কৰাত বহুলাংশে সফল হৈছিল শাসকীয় দলটো৷ কিন্তু, সময়ৰ কষটি শিলত উদ্ভাসিত হৈ পৰিছিল মনমোহন সিঙৰ বিৰল ব্যক্তিত্ব৷

নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত ৰাজ্যসভাত মনমোহন সিঙে ভোটদান কৰিবলৈ অহা বিষয়টো বিশেষভাবে চৰ্চিত হৈ পৰিছে৷ আপ সাংসদ ৰাঘৱ চাদ্ধাই সোমবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, আজি ৰাজ্যসভাত ড° মনমোহন সিঙে সততাৰ প্ৰতিভূ হিচাপে থিয় দিছিল আৰু বিশেষকৈ ক’লা অধ্যাদেশৰ বিৰুদ্ধে ভোট দিবলৈ আহিছিল। গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি তেওঁৰ অটল প্ৰতিশ্ৰুতি আমাৰ বাবে গভীৰ অনুপ্ৰেৰণা। তেওঁৰ অমূল্য সমৰ্থনৰ বাবে মোৰ আন্তৰিক কৃতজ্ঞতা। ধন্যবাদ মহাশয়।’

অৱশ্যে অকল মনমোহন সিঙেই নহয়৷ এনেদৰে এদিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিবলৈ আহিছিল আন এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে৷ সেয়া ২০০৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ৰ কথা। এই নিৰ্বাচনত প্ৰতিভা পাটিলে ৬,৩৮,১১৬টা ভোট আৰু ভৈৰোঁ সিং শ্বেখাৱতে ৩,৩১,৩০৬টা ভোট লাভ কৰিছিল। ভোটদান কৰোঁতে বাজপেয়ীয়ে হুইলচেয়াৰ এৰি ভিতৰলৈ যাব লগা হৈছিল। বিজেপি নিশ্চিত আছিল যে ভৈৰোঁ সিং নিৰ্বাচনত পৰাজিত হ’ব, কিন্তু তথাপি বাজপেয়ীক ভোট দিবলৈ অনা হৈছিল৷

এইখিনিতে ভাৰতীয় গণতন্ত্ৰৰ সৌন্দৰ্য নতুন ৰঙেৰে সমৃদ্ধ হৈ উঠে৷ দেখা যায় অন্য সংসদীয় নিৰ্বাচনতো গাঁৱে-ভূঞে অশীতিপৰ লোকক ভোট দিবলৈ লৈ যোৱা হয়৷ সংবাদ মাধ্যমেও গুৰুত্বসহকাৰে সম্প্ৰচাৰ কৰে তেনে বাতৰি৷ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি দায়বদ্ধতা দেখুৱাই ভোটদান কৰা বিষয়টো চিৰশ্ৰদ্ধেয় হিচাপে বিবেচিত হৈ আহিছে৷ যিয়ে শক্তিশালী কৰিছে ভাৰতীয় গণতন্ত্ৰ আৰু উজ্জীৱিত কৰি ৰাখিছে গণতান্ত্ৰিক প্ৰমূল্যৰ যুগমীয়া চেতনাক ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন