--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যসভাত সোমবাৰে দিল্লী সেৱা বিধেয়ক গৃহীত হয়। বিধেয়কখনৰ সপক্ষে ১৩১গৰাকী সাংসদে ভোট প্রদান কৰাৰ বিপৰীতে ১০২ গৰাকী সাংসদে বিধেয়কখনৰ বিৰোধিতা কৰে। 

উল্লেখযোগ্য যে যোৱা সপ্তাহত লোকসভাত বিধেয়কখন গৃহীত হৈছিল। বিধেয়কখনৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানীৰ ক্ষেত্ৰত দিল্লী চৰকাৰৰ বিভিন্ন কাম-কাজ, কার্যকাল তথা দিল্লীৰ বিষয়া কৰ্মচাৰীসকলৰ কাম-কাজ তথা সেৱাৰ স্থিতি আৰু চৰ্ত আদি বিভিন্ন বিষয়ৰ সৈতে জড়িত নীতি-নিয়ম প্ৰণয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

সোমবাৰে সংসদত দেখা গ’ল এটা ব্যতিক্ৰমী দৃশ্য৷ দিল্লী সেৱা বিলৰ বিৰুদ্ধে ভোটদান কৰিবলৈ সংসদত উপস্থিত থাকিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং৷ শাৰীৰিকভাবে অসুস্থ ৯০ ঊৰ্ধ্বৰ সাংসদগৰাকী হুইল চেয়াৰত বহি থাকিয়েই উপস্থিত থাকিল সংসদত৷ স্বাস্থ্য অনুকূল নহ’লেও ৰাজ্যসভাত নিজৰ কৰ্তব্য পালন কৰিবলৈ আহিছিল ড° সিং আৰু দিল্লী সেৱা সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভোট দান কৰিছিল৷

বিজেপিয়ে সততে এইগৰাকী ড° মনমোহন সিঙক উপলুঙা কৰি আহিছে৷ আনকি প্ৰধানমন্ত্ৰী মোদীয়েও মৌনমোহন সিং বুলি তাচ্ছিল্য কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক৷ মনমোহন সিং সম্পৰ্কে এটা নেতিবাচক আৰু ভুল ধাৰণা প্ৰতিষ্ঠা কৰাত বহুলাংশে সফল হৈছিল শাসকীয় দলটো৷ কিন্তু, সময়ৰ কষটি শিলত উদ্ভাসিত হৈ পৰিছিল মনমোহন সিঙৰ বিৰল ব্যক্তিত্ব৷

নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত ৰাজ্যসভাত মনমোহন সিঙে ভোটদান কৰিবলৈ অহা বিষয়টো বিশেষভাবে চৰ্চিত হৈ পৰিছে৷ আপ সাংসদ ৰাঘৱ চাদ্ধাই সোমবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, আজি ৰাজ্যসভাত ড° মনমোহন সিঙে সততাৰ প্ৰতিভূ হিচাপে থিয় দিছিল আৰু বিশেষকৈ ক’লা অধ্যাদেশৰ বিৰুদ্ধে ভোট দিবলৈ আহিছিল। গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি তেওঁৰ অটল প্ৰতিশ্ৰুতি আমাৰ বাবে গভীৰ অনুপ্ৰেৰণা। তেওঁৰ অমূল্য সমৰ্থনৰ বাবে মোৰ আন্তৰিক কৃতজ্ঞতা। ধন্যবাদ মহাশয়।’

অৱশ্যে অকল মনমোহন সিঙেই নহয়৷ এনেদৰে এদিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিবলৈ আহিছিল আন এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে৷ সেয়া ২০০৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ৰ কথা। এই নিৰ্বাচনত প্ৰতিভা পাটিলে ৬,৩৮,১১৬টা ভোট আৰু ভৈৰোঁ সিং শ্বেখাৱতে ৩,৩১,৩০৬টা ভোট লাভ কৰিছিল। ভোটদান কৰোঁতে বাজপেয়ীয়ে হুইলচেয়াৰ এৰি ভিতৰলৈ যাব লগা হৈছিল। বিজেপি নিশ্চিত আছিল যে ভৈৰোঁ সিং নিৰ্বাচনত পৰাজিত হ’ব, কিন্তু তথাপি বাজপেয়ীক ভোট দিবলৈ অনা হৈছিল৷

এইখিনিতে ভাৰতীয় গণতন্ত্ৰৰ সৌন্দৰ্য নতুন ৰঙেৰে সমৃদ্ধ হৈ উঠে৷ দেখা যায় অন্য সংসদীয় নিৰ্বাচনতো গাঁৱে-ভূঞে অশীতিপৰ লোকক ভোট দিবলৈ লৈ যোৱা হয়৷ সংবাদ মাধ্যমেও গুৰুত্বসহকাৰে সম্প্ৰচাৰ কৰে তেনে বাতৰি৷ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি দায়বদ্ধতা দেখুৱাই ভোটদান কৰা বিষয়টো চিৰশ্ৰদ্ধেয় হিচাপে বিবেচিত হৈ আহিছে৷ যিয়ে শক্তিশালী কৰিছে ভাৰতীয় গণতন্ত্ৰ আৰু উজ্জীৱিত কৰি ৰাখিছে গণতান্ত্ৰিক প্ৰমূল্যৰ যুগমীয়া চেতনাক ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ