--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত বজাৰলৈ গ’লে সকলো আকাৰৰ তৰমুজ দেখা যায়। গ্ৰীষ্মকালত শৰীৰটো সবল কৰি ৰাখিবলৈ বহুতে এই ফল দৈনন্দিন খাদ্য তালিকাত ৰাখে। বজাৰত তৰমুজ প্ৰতি কেজিত ৩০ৰ পৰা ৪০ টকাত বিক্ৰী হয়। খুব দৰদাম কৰিলে কেজিত ২০ টকা পাব পাৰি। কিন্তু আপুনি জানেনে যে বজাৰত লাখ টকাৰ তৰমুজো পোৱা যায়? ভাবিছেনে পৃথিৱীৰ আটাইতকৈ দামী তৰমুজ কিমান?

জাপানত ডেনছুকে তৰমুজৰ খেতি কৰা হয়, জাপানীসকলেও ইয়াক ক’লা তৰমুজ বুলি কয়। এই তৰমুজবোৰক যিটোৱে পৃথক কৰি তোলে সেয়া হ’ল ইয়াৰ অনন্য খেতি প্ৰক্ৰিয়া। জাপানৰ হোকাইডো দ্বীপৰ উত্তৰ অংশত একান্তভাৱে ডেনছুকা তৰমুজৰ খেতি কৰা হয়।

সাধাৰণ বজাৰত এই তৰমুজ বিক্ৰী নহয়। এই তৰমুজ সাধাৰণতে নিলাম কৰা হয়। নিলামত সৰ্বাধিক দৰদাম কৰা ব্যক্তিয়ে ক্ৰয় কৰিব এই বহুমূলীয়া তৰমুজ। Covid পৰ্যায়ৰ পূৰ্বে এই তৰমুজবোৰ প্ৰায় ৪.৫ লাখ টকাত বিক্ৰী হৈছিল। কিন্তু covid ৰ পিছত এই ফলৰ দাম কমিছে। এই তৰমুজৰ বাহিৰৰ ছালৰ ৰং সেউজীয়া নহয়, ক’লা।

ইয়াৰ গুটিও কম থাকে। এইবিধ তৰমুজ আন প্ৰকাৰৰ তৰমুজৰ তুলনাত বহুত বেছি মিঠা। covid ৰ পিছত মূল্য হ্ৰাস পোৱাৰ পিছতো এই প্ৰজাতিৰ তৰমুজ এতিয়াও ১ লাখৰো অধিক মূল্যত বিক্ৰী হয়। জাপানকে ধৰি বিশ্বৰ বিভিন্ন ঠাইত এই তৰমুজৰ চাহিদা আছে যদিও উৎপাদন কম হোৱাৰ বাবে ইয়াৰ দাম অতি বেছি।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস