--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত বজাৰলৈ গ’লে সকলো আকাৰৰ তৰমুজ দেখা যায়। গ্ৰীষ্মকালত শৰীৰটো সবল কৰি ৰাখিবলৈ বহুতে এই ফল দৈনন্দিন খাদ্য তালিকাত ৰাখে। বজাৰত তৰমুজ প্ৰতি কেজিত ৩০ৰ পৰা ৪০ টকাত বিক্ৰী হয়। খুব দৰদাম কৰিলে কেজিত ২০ টকা পাব পাৰি। কিন্তু আপুনি জানেনে যে বজাৰত লাখ টকাৰ তৰমুজো পোৱা যায়? ভাবিছেনে পৃথিৱীৰ আটাইতকৈ দামী তৰমুজ কিমান?

জাপানত ডেনছুকে তৰমুজৰ খেতি কৰা হয়, জাপানীসকলেও ইয়াক ক’লা তৰমুজ বুলি কয়। এই তৰমুজবোৰক যিটোৱে পৃথক কৰি তোলে সেয়া হ’ল ইয়াৰ অনন্য খেতি প্ৰক্ৰিয়া। জাপানৰ হোকাইডো দ্বীপৰ উত্তৰ অংশত একান্তভাৱে ডেনছুকা তৰমুজৰ খেতি কৰা হয়।

সাধাৰণ বজাৰত এই তৰমুজ বিক্ৰী নহয়। এই তৰমুজ সাধাৰণতে নিলাম কৰা হয়। নিলামত সৰ্বাধিক দৰদাম কৰা ব্যক্তিয়ে ক্ৰয় কৰিব এই বহুমূলীয়া তৰমুজ। Covid পৰ্যায়ৰ পূৰ্বে এই তৰমুজবোৰ প্ৰায় ৪.৫ লাখ টকাত বিক্ৰী হৈছিল। কিন্তু covid ৰ পিছত এই ফলৰ দাম কমিছে। এই তৰমুজৰ বাহিৰৰ ছালৰ ৰং সেউজীয়া নহয়, ক’লা।

ইয়াৰ গুটিও কম থাকে। এইবিধ তৰমুজ আন প্ৰকাৰৰ তৰমুজৰ তুলনাত বহুত বেছি মিঠা। covid ৰ পিছত মূল্য হ্ৰাস পোৱাৰ পিছতো এই প্ৰজাতিৰ তৰমুজ এতিয়াও ১ লাখৰো অধিক মূল্যত বিক্ৰী হয়। জাপানকে ধৰি বিশ্বৰ বিভিন্ন ঠাইত এই তৰমুজৰ চাহিদা আছে যদিও উৎপাদন কম হোৱাৰ বাবে ইয়াৰ দাম অতি বেছি।




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান