--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বুটিঙৰ সময়তে মেকআপ ৰূমত আত্মহত্যা কৰা তুনিশা শৰ্মাৰ সম্পৰ্ক আছিল এগৰাকী সহঃ অভিনেতাৰ সৈতে৷ সেই বিষয়ত  আৰক্ষী ইতিমধ্যে নিষ্চিত হৈছে৷ আৰক্ষীয়ে ইতিমধ্যে খান উপাধিৰ সহঃ অভিনেতাজনক গ্ৰেপ্তাৰ কৰিছে৷ বহুতে অনুমাণ কৰিছিল যে  অভিনেত্ৰীগৰাকী হয়তো মৃত্যুৰ সময়ত  গৰ্ভৱতী আছিল। এই বিষয়ে সোধাত ডিচিপিয়ে কৈছিল যে তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সকলো কথা স্পষ্ট হ’ব৷ 

২৫ ডিচেম্বৰৰ পুৱতি নিশা মুম্বাইৰ জে জে চিকিৎসালয়ত অভিনেত্ৰীগৰাকীৰ মৃতদেহৰ  মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰা হৈছে৷ মৰণোত্তৰ পৰীক্ষাৰৰ প্ৰতিবেদনত অভিনেত্ৰী তুনিশা শৰ্মা গৰ্ভৱতী আছিল বুলি বহুতে কৰা ধাৰণা ভুল প্ৰমাণিত হৈছে৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে অভিনেত্ৰীগৰাকীৰ ফাঁচী লগোৱাৰ পিছত শ্বাসৰুদ্ধ হোৱাৰ ফলত মৃত্যু হৈছে৷

তুনিশা  শৰ্মাৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত  মুম্বাইৰ জেজে চিকিৎসালয়ৰ  ৪-৫  জনীয়া চিকিৎসকৰ এটা দল উপস্থিত আছিল। অভিনেত্ৰীগৰাকীৰ নশ্বৰ দেহ আজি  পৰিয়ালক হস্তান্তৰ কৰাৰ কথা আছিল যদিও  সোমবাৰেহে প্ৰয়ালক মৃতদেহ চমজাই দিয়া হ’ব বুলি জানিব পৰা গৈছে৷  অভিনেত্ৰীগৰাকীৰ  নশ্বৰ দেহ ২৬ ডিচেম্বৰত সৎকাৰ কৰাৰ সম্ভাৱনা আছে৷ 

উল্লেখ্য  তুনিশাৰ আত্মহত্যাৰ  পিছতে আৰক্ষীয়ে তেওঁৰ সহ-অভিনেতা শ্বীজান মহম্মদ খানক ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩০৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি তুনিশাই  শ্বীজান খানৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছিল ৷ ইয়াৰ পিছতে আৰম্ভ হৈছিল অভিনেতাজনৰ সৈতে সংঘাত৷ সেই সংঘাতৰ পৰিণতিতে তুনিশাই আত্মহত্যা কৰা বুলি বহুতে সন্দেহ কৰিছে৷ অভিযোগ অনুসৰি  শ্বীজান খানে তুনিশাক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰিছিল৷   

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক