--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বুটিঙৰ সময়তে মেকআপ ৰূমত আত্মহত্যা কৰা তুনিশা শৰ্মাৰ সম্পৰ্ক আছিল এগৰাকী সহঃ অভিনেতাৰ সৈতে৷ সেই বিষয়ত  আৰক্ষী ইতিমধ্যে নিষ্চিত হৈছে৷ আৰক্ষীয়ে ইতিমধ্যে খান উপাধিৰ সহঃ অভিনেতাজনক গ্ৰেপ্তাৰ কৰিছে৷ বহুতে অনুমাণ কৰিছিল যে  অভিনেত্ৰীগৰাকী হয়তো মৃত্যুৰ সময়ত  গৰ্ভৱতী আছিল। এই বিষয়ে সোধাত ডিচিপিয়ে কৈছিল যে তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সকলো কথা স্পষ্ট হ’ব৷ 

২৫ ডিচেম্বৰৰ পুৱতি নিশা মুম্বাইৰ জে জে চিকিৎসালয়ত অভিনেত্ৰীগৰাকীৰ মৃতদেহৰ  মৰণোত্তৰ পৰীক্ষাৰ সম্পন্ন কৰা হৈছে৷ মৰণোত্তৰ পৰীক্ষাৰৰ প্ৰতিবেদনত অভিনেত্ৰী তুনিশা শৰ্মা গৰ্ভৱতী আছিল বুলি বহুতে কৰা ধাৰণা ভুল প্ৰমাণিত হৈছে৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে অভিনেত্ৰীগৰাকীৰ ফাঁচী লগোৱাৰ পিছত শ্বাসৰুদ্ধ হোৱাৰ ফলত মৃত্যু হৈছে৷

তুনিশা  শৰ্মাৰ মৰণোত্তৰ পৰীক্ষাৰ সময়ত  মুম্বাইৰ জেজে চিকিৎসালয়ৰ  ৪-৫  জনীয়া চিকিৎসকৰ এটা দল উপস্থিত আছিল। অভিনেত্ৰীগৰাকীৰ নশ্বৰ দেহ আজি  পৰিয়ালক হস্তান্তৰ কৰাৰ কথা আছিল যদিও  সোমবাৰেহে প্ৰয়ালক মৃতদেহ চমজাই দিয়া হ’ব বুলি জানিব পৰা গৈছে৷  অভিনেত্ৰীগৰাকীৰ  নশ্বৰ দেহ ২৬ ডিচেম্বৰত সৎকাৰ কৰাৰ সম্ভাৱনা আছে৷ 

উল্লেখ্য  তুনিশাৰ আত্মহত্যাৰ  পিছতে আৰক্ষীয়ে তেওঁৰ সহ-অভিনেতা শ্বীজান মহম্মদ খানক ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩০৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি তুনিশাই  শ্বীজান খানৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছিল ৷ ইয়াৰ পিছতে আৰম্ভ হৈছিল অভিনেতাজনৰ সৈতে সংঘাত৷ সেই সংঘাতৰ পৰিণতিতে তুনিশাই আত্মহত্যা কৰা বুলি বহুতে সন্দেহ কৰিছে৷ অভিযোগ অনুসৰি  শ্বীজান খানে তুনিশাক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰিছিল৷   

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু