--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জনবিশ্বাস-মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে।

ডিজিটেল ডেস্কঃ আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা। এই পূজা শৰৎকালীন দুৰ্গা পূজা শেষ হোৱাৰ পিছৰ প্ৰথমটো পূৰ্ণিমাৰ দিনা অনুষ্ঠিত হয়। আজি ধন-ঐশ্বৰ্য, সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱীক পূজা-অৰ্চনা কৰিব ৰাজ্যবাসীয়ে।


লক্ষ্মী-পূজা হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উছৰ্গিত পূজা। হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মীপূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ অসম, পশ্চিম বংগ, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জীমতে পাৰম্পৰিকভাৱে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মীপূজা পালন কৰে।কাতি মাহত অনুষ্ঠিত লক্ষ্মীপূজা দেৱালীৰ তৃতীয়দিনা উদ্‌যাপিত হয়। ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয়। এইদিনা পূব ভাৰতৰ অঞ্চলসমূহত কালীপূজা অনুষ্ঠিত হয়।


লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ অন্যতম ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা।


জনবিশ্বাস-মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে। ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।


পূব ভাৰতত আহিন মাহৰ দুৰ্গাপূজাৰ পিছত পূৰ্ণিমা তিথিত লক্ষ্মীপূজা অনুষ্ঠিত হয়। এই পূজাক কজাগৰী লক্ষ্মীপূজা বুলিও কোৱা হয়। সধবা তিৰোতাই এইদিনা চাউলৰ গুড়ি আৰু আবীৰেৰে আল্পনা আঁকি লক্ষ্মীপূজা পাতে। লক্ষ্মীপূজাত লক্ষ্মী-চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মীপূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। বহুতৰে ঘৰত প্ৰতি বৃহস্পতিবাৰে লক্ষ্মী দেৱীৰ পূজা অনুষ্ঠিত কৰে।


দেৱী লক্ষ্মীয়ে সকলোকে আশীৰ্বাদ দি ধন-ঐশ্বৰ্য, সমৃদ্ধিৰে সমৃদ্ধ কৰক এয়াই শুভকামনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু