--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জনবিশ্বাস-মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে।

ডিজিটেল ডেস্কঃ আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা। এই পূজা শৰৎকালীন দুৰ্গা পূজা শেষ হোৱাৰ পিছৰ প্ৰথমটো পূৰ্ণিমাৰ দিনা অনুষ্ঠিত হয়। আজি ধন-ঐশ্বৰ্য, সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱীক পূজা-অৰ্চনা কৰিব ৰাজ্যবাসীয়ে।


লক্ষ্মী-পূজা হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উছৰ্গিত পূজা। হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মীপূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ অসম, পশ্চিম বংগ, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জীমতে পাৰম্পৰিকভাৱে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত লক্ষ্মীপূজা পালন কৰে।কাতি মাহত অনুষ্ঠিত লক্ষ্মীপূজা দেৱালীৰ তৃতীয়দিনা উদ্‌যাপিত হয়। ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয়। এইদিনা পূব ভাৰতৰ অঞ্চলসমূহত কালীপূজা অনুষ্ঠিত হয়।


লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ অন্যতম ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা।


জনবিশ্বাস-মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে। ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।


পূব ভাৰতত আহিন মাহৰ দুৰ্গাপূজাৰ পিছত পূৰ্ণিমা তিথিত লক্ষ্মীপূজা অনুষ্ঠিত হয়। এই পূজাক কজাগৰী লক্ষ্মীপূজা বুলিও কোৱা হয়। সধবা তিৰোতাই এইদিনা চাউলৰ গুড়ি আৰু আবীৰেৰে আল্পনা আঁকি লক্ষ্মীপূজা পাতে। লক্ষ্মীপূজাত লক্ষ্মী-চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মীপূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। বহুতৰে ঘৰত প্ৰতি বৃহস্পতিবাৰে লক্ষ্মী দেৱীৰ পূজা অনুষ্ঠিত কৰে।


দেৱী লক্ষ্মীয়ে সকলোকে আশীৰ্বাদ দি ধন-ঐশ্বৰ্য, সমৃদ্ধিৰে সমৃদ্ধ কৰক এয়াই শুভকামনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ