--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলন মাস্কে পৰিকল্পনা কৰিছে 'ষ্টাৰশ্বিপ’। অতি দ্ৰুত গতিৰ এই মহাকাশযান নিজৰ ব্যৱহাৰৰ বিষয়েও চিন্তা কৰিছে তেওঁ। শেহতীয়াকৈ ৭৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কংগ্ৰেছত পেনেল আলোচনাত অংশগ্ৰহণ কৰি আছিল এলন মাস্ক। অৱশ্যে আজাৰবাইজানৰ বাকুতৰ উক্ত অনুষ্ঠানত তেওঁ শাৰীৰিকভাৱে উপস্থিত নাছিল।

৫ অক্টোবৰত বাকুত অনুষ্ঠিত হোৱা বৈঠকত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰিছিল মাস্কে। এক্স বা পূৰ্বৰ টুইটাৰ অধিগ্ৰহণৰ উপৰিও তেওঁৰ স্পেচএক্স নামৰ কোম্পানী এটাও আছে। সেই কংগ্ৰেছত মাস্কৰ কোম্পানী স্পেচএক্সৰ মংগল গ্ৰহ অভিযানক মূলতঃ প্ৰশ্ন কৰা হৈছিল। স্বাভাৱিকতে এলিয়েনৰ বিষয়টোও আহি পৰে।

দক্ষিণ আফ্ৰিকাৰ কোটিপতি মাস্কে কয় যে স্পেচএক্সৰ মহাকাশযান ‘ষ্টাৰশ্বিপ’ আগন্তুক তিনি-চাৰি বছৰত মংগল গ্ৰহলৈ প্ৰেৰণ কৰিব পৰা যাব। পৰীক্ষামূলক অভিযানৰ বিফলতা হজম কৰিবলগীয়া হৈছে মাস্কে। যোৱা এপ্ৰিল মাহত দক্ষিণ টেক্সাছৰ পৰা উৎক্ষেপণৰ সময়ত বিস্ফোৰণ ঘটিছিল এই ষ্টাৰশ্বিপখন।

‘ষ্টাৰশ্বিপ’ৰ ভৱিষ্যতৰ ওপৰত আলোকপাত কৰাৰ সময়ত মাস্কে ইয়াক যাত্ৰীবাহী বিমানৰ সৈতে তুলনা কৰিছিল। তেওঁৰ দাবী যে ভৱিষ্যতে তেওঁ এই বাহনত উঠি লছ এঞ্জেলছত ব্ৰেকফাষ্ট কৰি লণ্ডনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ছিংগাপুৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰি লছ এঞ্জেলছলৈ উভতি আহি শুব পাৰিব। 'ষ্টাৰশ্বিপ' ইমান দ্ৰুত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি