--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলন মাস্কে পৰিকল্পনা কৰিছে 'ষ্টাৰশ্বিপ’। অতি দ্ৰুত গতিৰ এই মহাকাশযান নিজৰ ব্যৱহাৰৰ বিষয়েও চিন্তা কৰিছে তেওঁ। শেহতীয়াকৈ ৭৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কংগ্ৰেছত পেনেল আলোচনাত অংশগ্ৰহণ কৰি আছিল এলন মাস্ক। অৱশ্যে আজাৰবাইজানৰ বাকুতৰ উক্ত অনুষ্ঠানত তেওঁ শাৰীৰিকভাৱে উপস্থিত নাছিল।

৫ অক্টোবৰত বাকুত অনুষ্ঠিত হোৱা বৈঠকত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অংশগ্ৰহণ কৰিছিল মাস্কে। এক্স বা পূৰ্বৰ টুইটাৰ অধিগ্ৰহণৰ উপৰিও তেওঁৰ স্পেচএক্স নামৰ কোম্পানী এটাও আছে। সেই কংগ্ৰেছত মাস্কৰ কোম্পানী স্পেচএক্সৰ মংগল গ্ৰহ অভিযানক মূলতঃ প্ৰশ্ন কৰা হৈছিল। স্বাভাৱিকতে এলিয়েনৰ বিষয়টোও আহি পৰে।

দক্ষিণ আফ্ৰিকাৰ কোটিপতি মাস্কে কয় যে স্পেচএক্সৰ মহাকাশযান ‘ষ্টাৰশ্বিপ’ আগন্তুক তিনি-চাৰি বছৰত মংগল গ্ৰহলৈ প্ৰেৰণ কৰিব পৰা যাব। পৰীক্ষামূলক অভিযানৰ বিফলতা হজম কৰিবলগীয়া হৈছে মাস্কে। যোৱা এপ্ৰিল মাহত দক্ষিণ টেক্সাছৰ পৰা উৎক্ষেপণৰ সময়ত বিস্ফোৰণ ঘটিছিল এই ষ্টাৰশ্বিপখন।

‘ষ্টাৰশ্বিপ’ৰ ভৱিষ্যতৰ ওপৰত আলোকপাত কৰাৰ সময়ত মাস্কে ইয়াক যাত্ৰীবাহী বিমানৰ সৈতে তুলনা কৰিছিল। তেওঁৰ দাবী যে ভৱিষ্যতে তেওঁ এই বাহনত উঠি লছ এঞ্জেলছত ব্ৰেকফাষ্ট কৰি লণ্ডনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ছিংগাপুৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰি লছ এঞ্জেলছলৈ উভতি আহি শুব পাৰিব। 'ষ্টাৰশ্বিপ' ইমান দ্ৰুত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি