--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে তৎপৰতাৰে আহতসকলক উদ্ধাৰ কৰি লিডু ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়। প্ৰাথমিক চিকিৎসাৰ অন্তত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে মাৰ্ঘেৰিটা এফ আৰ ইউলৈ প্ৰেৰণ কৰা হয়।

ডিজিটেল ডেস্ক: মাৰ্ঘেৰিটা সম জিলাৰ লিডুত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। লিডু বৈদ্যুতিক বিভাগৰ কাৰ্যালয়ৰ সন্মুখত শিল কঢ়িয়াই অনা এখন দ্ৰুতবেগী ডাম্পাৰ আৰু মাকুমৰ পৰা জাগুন অভিমুখে গৈ থকা এখন টাটা মাঞ্জা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।


সংঘৰ্ষৰ ফলত টাটা মাঞ্জা বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। দুৰ্ঘটনাত বাহনখনৰ চালকসহ মুঠ তিনিজন লোক গুৰুতৰভাৱে আহত হয়।


দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে তৎপৰতাৰে আহতসকলক উদ্ধাৰ কৰি লিডু ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়। প্ৰাথমিক চিকিৎসাৰ অন্তত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে মাৰ্ঘেৰিটা এফ আৰ ইউলৈ প্ৰেৰণ কৰা হয়।


আহতসকলক সুকুৰ আলি, মায়া ঠাকুৰীয়া আৰু মিজলি বুলি জানিব পৰা গৈছে। ইফালে, দুৰ্ঘটনাৰ পাছতে ডাম্পাৰখনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে।


ঘটনাস্থলীত সংশ্লিষ্ট কৰ্তৃপক্ষ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু