--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে ভিচিংছা গাঁৱৰ বাহাৰুল আলম মজুমদাৰ (২৮) আৰু ছায়েখ হুছেইন লস্কৰ (২৫)।

ডিজিটেল ডেস্ক: হাইলাকান্দিত পুনৰ জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট। জব্দ হৈছে ৬০ লাখ টকাৰ য়াবা টেবলেট। বাউৰোঘাট অঞ্চলত অভিযান চলাই আৰক্ষীয়ে ৮১৬.৯ গ্ৰাম য়াবা টেবলেট জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে। 


গ্ৰেপ্তাৰ হোৱা লোক দুজন হৈছে ভিচিংছা গাঁৱৰ বাহাৰুল আলম মজুমদাৰ (২৮) আৰু ছায়েখ হুছেইন লস্কৰ (২৫)। অভিযানত য়াবা টেবলেটখিনিৰ লগতে তিনিটা ম'বাইল ফোন আৰু এখন বলেৰো বাহনো জব্দ কৰা হয়।


জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা দুজনৰ ভিতৰত এজন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী আৰু আনজন চৰকাৰী কৰ্মচাৰী। জব্দ কৰা য়াবাখিনি ক'ৰ পৰা অনা হৈছিল আৰু ইয়াৰ আঁৰত কোনো বৃহৎ চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।


উল্লেখ্য, হাইলাকান্দি জিলাত বিগত কিছুদিন ধৰি নিষিদ্ধ য়াবাৰ বিৰুদ্ধে আৰক্ষী তথা বিভিন্ন নিৰাপত্তা সংস্থাই অভিযান তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ মাজতে বাউৰোঘাটত বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দৰ ঘটনাই জিলাখনত চলি থকা মাদক বেহাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?