--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আন এটা গোচৰত সমস্যাৰ সন্মুখিন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল লেখিকা জিন কেৰলে। সেই গোচৰত আমেৰিকাৰ আদালতে ট্ৰাম্পক দোষী সাব্যস্ত কৰে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক যৌন নিৰ্যাতন আৰু লেখিকাৰ মানহানি কৰাৰ অপৰাধত ৫০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৪১০ কোটি টকা জৰিমনা বিহা হৈছে।

উল্লেখ্য যে ৭৯ বছৰীয়া কেৰলে দাবী কৰিছিল যে ১৯৯০ চনৰ মাজভাগত মানহাটনৰ এটা শ্বপিং মলত ট্ৰাম্পে তেওঁক যৌন নিৰ্যাতন চলাইছিল। অভিযোগ অনুসৰি সেই শ্বপিং মলৰ ট্ৰাইল ৰুমত কেৰলক ধৰ্ষণ কৰিছিল ট্ৰাম্পে।

কেৰলৰ অধিবক্তাই দাবী কৰে যে তেওঁৰ ক্লায়েণ্টে ৰখাবলৈ চেষ্টা কৰিছিল যদিও আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ শাৰীৰিক শক্তিক বাধা দিব পৰা নাছিল।

শুনানিৰ সময়ত ট্ৰাম্পে দাবী কৰে যে ‘সেইবোৰ একোৱেই ঘটা নাই।‘ ৰায় ঘোষণাৰ পিছতো ট্ৰাম্পে নিজৰ বক্তব্যত অটল আছিল। তেওঁৰ প্ৰতিক্ৰিয়া, এই ৰায় “অপমানজনক”।

ইয়াৰ পূৰ্বে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল।

আনকি বুধবাৰেও আন এগৰাকী মহিলাই ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। ৮১ বছৰীয়া জেচিকা লিডছে আদালতত কয় যে বিমানৰ বিজনেছ ক্লাছত ট্ৰাম্পে তেওঁৰ স্কাৰ্টৰ ভিতৰেৰে হাত সুমুৱাই দিছিল।তেওঁ অভিযোগ মতে তেওঁলোকৰ মাজত কোনো ধৰণৰ কথাৰ আদান-প্ৰদান হোৱা নাছিল। ট্ৰাম্পে তেওঁৰ কাষলৈ আহি চুমা খাবলৈ চেষ্টা কৰিছিল, তেওঁৰ স্তন দুটা খামুচি ধৰিছিল।

জেচিকাৰ ভাষাত, “গোটেই কথাটো বিনা মেঘে বজ্ৰপাতৰ দৰে আছিল।” মুঠতে এটাৰ পিছত আনটো অভিযোগত বিধ্বস্ত ট্ৰাম্প।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস