--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আন এটা গোচৰত সমস্যাৰ সন্মুখিন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল লেখিকা জিন কেৰলে। সেই গোচৰত আমেৰিকাৰ আদালতে ট্ৰাম্পক দোষী সাব্যস্ত কৰে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক যৌন নিৰ্যাতন আৰু লেখিকাৰ মানহানি কৰাৰ অপৰাধত ৫০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৪১০ কোটি টকা জৰিমনা বিহা হৈছে।

উল্লেখ্য যে ৭৯ বছৰীয়া কেৰলে দাবী কৰিছিল যে ১৯৯০ চনৰ মাজভাগত মানহাটনৰ এটা শ্বপিং মলত ট্ৰাম্পে তেওঁক যৌন নিৰ্যাতন চলাইছিল। অভিযোগ অনুসৰি সেই শ্বপিং মলৰ ট্ৰাইল ৰুমত কেৰলক ধৰ্ষণ কৰিছিল ট্ৰাম্পে।

কেৰলৰ অধিবক্তাই দাবী কৰে যে তেওঁৰ ক্লায়েণ্টে ৰখাবলৈ চেষ্টা কৰিছিল যদিও আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ শাৰীৰিক শক্তিক বাধা দিব পৰা নাছিল।

শুনানিৰ সময়ত ট্ৰাম্পে দাবী কৰে যে ‘সেইবোৰ একোৱেই ঘটা নাই।‘ ৰায় ঘোষণাৰ পিছতো ট্ৰাম্পে নিজৰ বক্তব্যত অটল আছিল। তেওঁৰ প্ৰতিক্ৰিয়া, এই ৰায় “অপমানজনক”।

ইয়াৰ পূৰ্বে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল।

আনকি বুধবাৰেও আন এগৰাকী মহিলাই ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। ৮১ বছৰীয়া জেচিকা লিডছে আদালতত কয় যে বিমানৰ বিজনেছ ক্লাছত ট্ৰাম্পে তেওঁৰ স্কাৰ্টৰ ভিতৰেৰে হাত সুমুৱাই দিছিল।তেওঁ অভিযোগ মতে তেওঁলোকৰ মাজত কোনো ধৰণৰ কথাৰ আদান-প্ৰদান হোৱা নাছিল। ট্ৰাম্পে তেওঁৰ কাষলৈ আহি চুমা খাবলৈ চেষ্টা কৰিছিল, তেওঁৰ স্তন দুটা খামুচি ধৰিছিল।

জেচিকাৰ ভাষাত, “গোটেই কথাটো বিনা মেঘে বজ্ৰপাতৰ দৰে আছিল।” মুঠতে এটাৰ পিছত আনটো অভিযোগত বিধ্বস্ত ট্ৰাম্প।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু