--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ গ্ৰেপ্তাৰৰ পিছতে পাকিস্তানত তোলপাৰ লাগিছে। শেহতীয়াকৈ ইমৰাণে তেওঁৰ ওপৰত বিহ প্ৰয়োগ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে। আদালতত থিয় হৈ ইমৰানে কয় যে জিম্মাত তেওঁৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হৈছে।

ইমৰাণ খানক দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে। ইছলামবাদৰ আদালতে তেওঁক ৮ দিনৰ বাবে দুৰ্নীতি বিৰোধী শাখাৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

মঙলবাৰে গ্ৰেপ্তাৰ হোৱাৰ পিছত বুধবাৰে আদালতত হাজিৰ কৰোৱা হয় ইমৰাণক। তাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে। শ্বাহবাজ শ্বৰীফৰ আৰ্থিক প্ৰৱঞ্চনাৰ গোচৰৰ সাক্ষী মকছুদ চাপ্ৰাছিৰ মৃত্যুৰ দৰে একেই ভাগ্য তেওঁৰো হ’ব পাৰে বুলি আশংকা কৰিছে ইমৰাণ খানে।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আদালতত কয়, ‘যোৱা ২৪ ঘন্টাত এবাৰো শৌচাগাৰলৈ যাবলৈ দিয়া হোৱা নাই। দেখাত মই মকছুদ চাপ্ৰাছিৰ দৰে বলি হ’ম। তেওঁক বিশেষ বেজী দিয়া হৈছিল। ফলত তেওঁৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছিল। শেষত হৃদৰোগত মৃত্যু হয়। মইও অনুভৱ কৰোঁ যে একেটা বিষাক্ত বেজীয়ে মোক লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিব।”

ইমৰাণক ১৪ দিনৰ বাবে জিম্মাত ৰখাৰ অনুমতি বিচাৰিছিল যদিও পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৮ দিন জিম্মাত থাকিব। তেওঁ আদালতত কয় যে তেওঁৰ ব্যক্তিগত চিকিৎসকক জিম্মাত লৈ যাত্ৰা কৰিবলৈ দিয়া উচিত। অৱশ্যে ইমৰাণৰ এই আবেদন গ্ৰহণ কৰা হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস