--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃলিফ্টত মহিলা-যুৱতীক যৌন আতিশয্য চলোৱাৰ ঘটনা নতুন নহয়। শেহতীয়াকৈ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো  এজন যুৱকে এগৰাকী যুৱতীৰ সৈতে দুৰ্ব্যৱহাৰ কৰা দেখা গৈছে। তাৰ পিছত যি ঘটিছিল সেয়া তেওঁৰ বাকী জীৱনৰ বাবে মনত থাকিবলগীয়া ঘটনাই হয়তো হ’ব। সচৰাচৰ দেখা যায় যে বহু পুৰুষে বাহিৰত ছোৱালীক হাৰাশাস্তি কৰে।

 বহু সময়ত ৰাস্তাত, ৰেলত বা মেট্ৰ'ত ছোৱালীৰ সৈতে ঘটনা ঘটে, যি বহুতৰে সহনশীলতাৰ সকলো সীমা ভাঙি দিয়ে। বহুতে প্ৰতিবাদ কৰে, বহুতে  ভয়তে প্ৰতিবাদ নকৰা কৈয়ে থাকে।শেহতীয়াকৈ এনে ঘটনাৰ ভিডিঅ' লিফ্টত স্থাপন কৰা চিচিটিভি কেমেৰাৰ পৰা লাভ কৰা হৈছে। ভিডিঅ'টোত, এগৰাকী যুৱতীক লিফ্টত উঠি থকা দেখা গৈছে, য'ত এজন যুৱকো আছিল। যুৱক জনে  কিছু সময়ছোৱালীজনীলৈ চাই পিছ মুহূৰ্তত তেওঁৰ ওচৰলৈ গৈছিল আৰু তেওঁক  হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল। 

যুৱকজনে আনকি ছোৱালীজনীৰ কান্ধত হাত থৈছিল। তাৰ পিছত যুৱতীগৰাকীয়ে  খঙতে  যুৱকজনক এটা পূৰ্ণহতীয়া  চৰ শোধায়। যুৱক জন বাগৰি পৰে। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে যুৱক জনক ভৰিৰে দুটামান লাঠ মাৰে। এই ভাইৰেল ভিডিঅ'টো 'লকাৰমলাল' নামৰ আইডিৰ পৰা টুইটাৰত শ্বেয়াৰ কৰা হৈছে।চিচিটিভি ফুটেজটো এতিয়ালৈকে প্ৰায় ২ লাখ মানুহে চাইছে। ৬,০০০ৰো অধিক লোকে এই ভিডিঅ'টো লাইক কৰিছে। 

নেটিজেনসকলে ছোৱালীজনীৰ সাহসিকতাৰ প্ৰশংসা কৰিছে। বহুলোকে পোষ্টটোত মন্তব্য কৰিছে আৰু কৈছে  যে ছোৱালীবোৰে এনেদৰে বাহিৰত  সাহস প্ৰদৰ্শন কৰিব লাগে। অৱশ্যে, ভিডিঅ'টো ক'ৰ  সেয়া জনা জানিব পৰা হোৱা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক