--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃলিফ্টত মহিলা-যুৱতীক যৌন আতিশয্য চলোৱাৰ ঘটনা নতুন নহয়। শেহতীয়াকৈ এটা ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো  এজন যুৱকে এগৰাকী যুৱতীৰ সৈতে দুৰ্ব্যৱহাৰ কৰা দেখা গৈছে। তাৰ পিছত যি ঘটিছিল সেয়া তেওঁৰ বাকী জীৱনৰ বাবে মনত থাকিবলগীয়া ঘটনাই হয়তো হ’ব। সচৰাচৰ দেখা যায় যে বহু পুৰুষে বাহিৰত ছোৱালীক হাৰাশাস্তি কৰে।

 বহু সময়ত ৰাস্তাত, ৰেলত বা মেট্ৰ'ত ছোৱালীৰ সৈতে ঘটনা ঘটে, যি বহুতৰে সহনশীলতাৰ সকলো সীমা ভাঙি দিয়ে। বহুতে প্ৰতিবাদ কৰে, বহুতে  ভয়তে প্ৰতিবাদ নকৰা কৈয়ে থাকে।শেহতীয়াকৈ এনে ঘটনাৰ ভিডিঅ' লিফ্টত স্থাপন কৰা চিচিটিভি কেমেৰাৰ পৰা লাভ কৰা হৈছে। ভিডিঅ'টোত, এগৰাকী যুৱতীক লিফ্টত উঠি থকা দেখা গৈছে, য'ত এজন যুৱকো আছিল। যুৱক জনে  কিছু সময়ছোৱালীজনীলৈ চাই পিছ মুহূৰ্তত তেওঁৰ ওচৰলৈ গৈছিল আৰু তেওঁক  হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল। 

যুৱকজনে আনকি ছোৱালীজনীৰ কান্ধত হাত থৈছিল। তাৰ পিছত যুৱতীগৰাকীয়ে  খঙতে  যুৱকজনক এটা পূৰ্ণহতীয়া  চৰ শোধায়। যুৱক জন বাগৰি পৰে। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে যুৱক জনক ভৰিৰে দুটামান লাঠ মাৰে। এই ভাইৰেল ভিডিঅ'টো 'লকাৰমলাল' নামৰ আইডিৰ পৰা টুইটাৰত শ্বেয়াৰ কৰা হৈছে।চিচিটিভি ফুটেজটো এতিয়ালৈকে প্ৰায় ২ লাখ মানুহে চাইছে। ৬,০০০ৰো অধিক লোকে এই ভিডিঅ'টো লাইক কৰিছে। 

নেটিজেনসকলে ছোৱালীজনীৰ সাহসিকতাৰ প্ৰশংসা কৰিছে। বহুলোকে পোষ্টটোত মন্তব্য কৰিছে আৰু কৈছে  যে ছোৱালীবোৰে এনেদৰে বাহিৰত  সাহস প্ৰদৰ্শন কৰিব লাগে। অৱশ্যে, ভিডিঅ'টো ক'ৰ  সেয়া জনা জানিব পৰা হোৱা নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু