--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাসভৱন খালী কৰাৰ নিৰ্দেশনা লাভ কৰিছে মেহবুবা মুফটিয়ে৷ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক অনন্তনাগ জিলাৰ হাউচিং কলনি খানাবল অঞ্চলত তেওঁৰ চৰকাৰী কোৱাৰ্টাৰ খালী কৰিবলৈ কোৱা হৈছে। 

জানিব পৰা মতে পিডিপি সভাপতিগৰাকীক পূৰ্বতে জম্মু-কাশ্মীৰৰ প্ৰশাসনে ১৫ নৱেম্বৰৰ ভিতৰত অথবা তাৰ পূৰ্বে শ্ৰীনগৰৰ গুপকাৰ ৰোডত থকা তেওঁৰ চৰকাৰী বাসভৱন খালী কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। খবৰ অনুসৰি, মেহবুবা মুফতিক শনিবাৰে কাৰ্যবাহী দণ্ডাধীশ (প্ৰথম শ্ৰেণী)এ অনন্তনাগে উপায়ুক্তৰ নিৰ্দেশত উচ্ছেদৰ জাননী প্ৰদান কৰে।

‘ডেক্কান হেৰাল্ড’এ এক প্ৰতিবেদনত কয় যে, মুফতিৰ পিডিপিৰ দুজন প্ৰাক্তন বিধায়ক আৰু কংগ্ৰেছৰ এজনক উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছিল।

প্ৰতিবেদনত উল্লেখ কৰা মতে প্ৰাক্তন বিধায়ক মহম্মদ আলতাফ ৱানী, আব্দুল ৰহিম ৰাথাৰ, আব্দুল মজিদ ভাট আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি, যিয়ে ক্ৰমান্বয়ে ১, ৪, ৬ আৰু ৭ চৰকাৰী কোৱাৰ্টাৰ দখল কৰিছিল, তেওঁলোকক ২৪ ঘণ্টাৰ ভিতৰত কোৱাৰ্টাৰ এৰি যাবলৈ কোৱা হৈছে।  

উল্লেখযোগ্য যে, অনন্তনাগত মুফতিৰ চৰকাৰী আবাসগৃহবোৰ কেইবাবছৰ ধৰি তেওঁৰ খুৰাকৰ পৰিয়ালে দখল কৰি ৰাখিছে।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু গুলাম নবী আজাদে ২০২০ চনতেই তেওঁলোকৰ চৰকাৰী বাসগৃহ খালী কৰিছিল৷

গুপকাৰ চৰকাৰী বাসগৃহ উচ্ছেদ জাননীৰ সঁহাৰি দি পিডিপিৰ মুৰব্বীয়ে আগতে কৈছিল যে সংবাদ মাধ্যমসমূহে অলাগকিয়াল বিষয়বোৰত সময় নষ্ট কৰিছে। মুফতিয়ে কৈছিল যে তেওঁৰ পাছপোৰ্ট জব্দ কৰা, প্ৰৱৰ্তন সঞ্চালকালয়ৰ দ্বাৰা সোধা-পোছা বা উচ্ছেদৰ জাননীবোৰে এতিয়া আৰু তেওঁক আশ্চৰ্যচকিত নকৰে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু