--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাসভৱন খালী কৰাৰ নিৰ্দেশনা লাভ কৰিছে মেহবুবা মুফটিয়ে৷ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক অনন্তনাগ জিলাৰ হাউচিং কলনি খানাবল অঞ্চলত তেওঁৰ চৰকাৰী কোৱাৰ্টাৰ খালী কৰিবলৈ কোৱা হৈছে। 

জানিব পৰা মতে পিডিপি সভাপতিগৰাকীক পূৰ্বতে জম্মু-কাশ্মীৰৰ প্ৰশাসনে ১৫ নৱেম্বৰৰ ভিতৰত অথবা তাৰ পূৰ্বে শ্ৰীনগৰৰ গুপকাৰ ৰোডত থকা তেওঁৰ চৰকাৰী বাসভৱন খালী কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। খবৰ অনুসৰি, মেহবুবা মুফতিক শনিবাৰে কাৰ্যবাহী দণ্ডাধীশ (প্ৰথম শ্ৰেণী)এ অনন্তনাগে উপায়ুক্তৰ নিৰ্দেশত উচ্ছেদৰ জাননী প্ৰদান কৰে।

‘ডেক্কান হেৰাল্ড’এ এক প্ৰতিবেদনত কয় যে, মুফতিৰ পিডিপিৰ দুজন প্ৰাক্তন বিধায়ক আৰু কংগ্ৰেছৰ এজনক উচ্ছেদৰ জাননী প্ৰদান কৰা হৈছিল।

প্ৰতিবেদনত উল্লেখ কৰা মতে প্ৰাক্তন বিধায়ক মহম্মদ আলতাফ ৱানী, আব্দুল ৰহিম ৰাথাৰ, আব্দুল মজিদ ভাট আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি, যিয়ে ক্ৰমান্বয়ে ১, ৪, ৬ আৰু ৭ চৰকাৰী কোৱাৰ্টাৰ দখল কৰিছিল, তেওঁলোকক ২৪ ঘণ্টাৰ ভিতৰত কোৱাৰ্টাৰ এৰি যাবলৈ কোৱা হৈছে।  

উল্লেখযোগ্য যে, অনন্তনাগত মুফতিৰ চৰকাৰী আবাসগৃহবোৰ কেইবাবছৰ ধৰি তেওঁৰ খুৰাকৰ পৰিয়ালে দখল কৰি ৰাখিছে।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু গুলাম নবী আজাদে ২০২০ চনতেই তেওঁলোকৰ চৰকাৰী বাসগৃহ খালী কৰিছিল৷

গুপকাৰ চৰকাৰী বাসগৃহ উচ্ছেদ জাননীৰ সঁহাৰি দি পিডিপিৰ মুৰব্বীয়ে আগতে কৈছিল যে সংবাদ মাধ্যমসমূহে অলাগকিয়াল বিষয়বোৰত সময় নষ্ট কৰিছে। মুফতিয়ে কৈছিল যে তেওঁৰ পাছপোৰ্ট জব্দ কৰা, প্ৰৱৰ্তন সঞ্চালকালয়ৰ দ্বাৰা সোধা-পোছা বা উচ্ছেদৰ জাননীবোৰে এতিয়া আৰু তেওঁক আশ্চৰ্যচকিত নকৰে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক