--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শিক্ষা, স্বাস্থ্যৰ পাছত আইন-শৃংখলাতো শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিছে কেৰালাই৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে কয় যে ৰাজ্যখনত দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ আইন-শৃংখলা ব্যৱস্থা পৰিচালিত হৈ আছে আৰু সাম্প্ৰদায়িক সম্প্ৰীতি আৰু বিভিন্ন সম্প্ৰদায়ৰ শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে বিগত কেইাবছৰো ৰাজ্যখনত কোনোধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱা নাই৷
এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ কনক্লেভৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি বিজয়নে কয়, আমাৰ ৰাজ্যখনৰ সৰ্বশ্ৰেষ্ঠ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে৷

বিজয়নে কৈছিল যে কেনেদৰে তেওঁৰ চৰকাৰে ঘৰুৱা আৰু আন্তৰ্জাতিক পৰ্যটকসকলক আকৰ্ষিত কৰাৰ পৰিকল্পনা কৰিছে৷ ক’ভিডৰ পাছত ৰাজ্যখনলৈ পৰ্যটন ব্যৱস্থাত সুদিন ঘূৰি আহিছে। 

বিজয়নে লগতে কয় যে পৰ্যটন খণ্ডই ২০১৯ চনত মুঠ ৪৫,০০০ কোটি টকা উপাৰ্জন কৰিছিল৷ কেৰালা পৰ্যটনে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ক্ষেত্ৰত নিজৰ গৌৰৱ সুৰক্ষিত কৰিছে। নিউয়ৰ্ক টাইমছত পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটন ক্ষেত্ৰ হিচাপে দেখুওৱা হৈছে কেৰালাক৷

তেওঁ কয় যে শেহতীয়াকৈ দেশৰ প্ৰথমখন ই-শাসিত ৰাজ্য হিচাপে পৰিগণিত হোৱা কেৰালা হৈছে এটা ঐতিহাসিক যাত্ৰাৰ মাইলৰ খুঁটি। ই-গৱৰ্ণেন্সৰ জৰিয়তে আমি স্বচ্ছতা, দক্ষতাক আমি আগুৱাই নিছোঁ৷ তেওঁ কয়, আমি বিভিন্ন ৰাজহুৱা সেৱাৰ অবিৰাম প্ৰৱেশাধিকাৰ নিশ্চিত কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আহিছোঁ, যাৰ ভিতৰত ৯০০তকৈও অধিক সেৱা অনলাইনত উপলব্ধ।

চৰকাৰী কাৰ্যালয়কে ধৰি ৰাজহুৱা স্থানত ২,০০০ বিনামূলীয়া ৱাই-ফাই হটস্পট স্থাপন কৰা হৈছে। তেওঁ কৈছিল যে তেওঁৰ চৰকাৰে ইণ্টাৰনেটক নাগৰিকৰ অধিকাৰ হিচাপে ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, আমি কেৰালাৰ ফাইবাৰ-অপটিক নেটৱৰ্ক কে4 প্ৰৱৰ্তন কৰিছোঁ, যিয়ে সকলো পৰিয়াল আৰু চৰকাৰী কাৰ্যালয়লৈ ব্ৰডবেণ্ড সংযোগ প্ৰদান কৰে।

শাসনাধিষ্ঠিত বাওঁ গণতান্ত্ৰিক মৰ্চা (এলডিএফ) চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি বিজয়নে কয় যে কেৰালা হৈছে একমাত্ৰ ৰাজ্য, যিয়ে প্ৰতিটো পৰিয়ালক বিদ্যুৎ যোগান ধৰিছে। কেৰালা হৈছে দেশৰ একমাত্ৰ ৰাজ্য য’ত চৰম দৰিদ্ৰতা দূৰ কৰাৰ কাৰ্যসূচী আছে। নীতি আয়োগৰ এক প্ৰতিবেদন অনুসৰি, কেৰালাবাসীৰ মাত্ৰ ০.৭ শতাংশই বহুমাত্ৰিক দৰিদ্ৰতাৰ সন্মুখীন হৈছে৷ 

তেওঁ কয় যে প্ৰায় ৬৩ লাখ কল্যাণমূলক পেঞ্চন হিতাধিকাৰীয়ে প্ৰতি মাহে ১,৬০০ টকা লাভ কৰিছে, যি হৈছে দেশৰ ভিতৰত সৰ্বাধিক। আমাৰ ৪৩ লাখ লোকৰ বাবে স্বাস্থ্যবীমা আছে, যাৰ ভিতৰত আছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসহ ৩০লাখ চৰকাৰী কৰ্মচাৰী৷ 

তেওঁ পুনৰ কয় যে সংযোগ উন্নত কৰিবলৈ আৰু নিযুক্তিৰ সুযোগ সৃষ্টিৰ বাবে পাহাৰ আৰু উপকূলীয় ঘাইপথ নিৰ্মাণৰ বাবে মুঠ ৭,০০০ কোটি টকা মঞ্জুৰ কৰা হৈছে।

মুখ্যমন্ত্ৰী বিজয়নে লগতে কয় যে যেতিয়া ২০১৬ চনত এলডিএফ চৰকাৰ প্ৰথমবাৰৰ বাবে শাসনলৈ আহিছিল, নিবনুৱাৰ হাৰ আছিল ১২ শতাংশ। এতিয়া ইয়াক ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে৷

তেওঁ কৈছিল যে ৰাজ্যখনত ভূমিৰ অভাৱ সত্ত্বেও চৰকাৰে সেৱা আৰু ঔদ্যোগিক খণ্ডত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement