--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দশম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ পৰা ‘পিৰিয়ডিক টেবুল’ বাদ দিয়া হৈছে। নেশ্যনেল কাউন্সিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (NCERT)য়ে প্ৰকাশ কৰা তালিকাত উল্লেখ কৰা হৈছে যে সমগ্ৰ ‘পিৰিয়ডিক টেবুল’ অধ্যায়টো বাদ দিয়া হৈছে। কেৱল সেয়াই নহয়, ‘গণতান্ত্ৰিক ৰাজনীতি’ৰ অন্তৰ্গত কেইবাটাও বিষয়ো বাদ দিয়া হৈছে। গণতন্ত্ৰৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত এটা সম্পূৰ্ণ অধ্যায় বাদ দিয়া হৈছে।

এনচিইআৰটিৰ তথ্য অনুসৰি কৰ’না মহামাৰীৰ পাছত ছাত্ৰ-ছাত্ৰীৰ ওপৰত বোজা কমাবলৈ পাঠ্যক্ৰম কৰ্তন কৰা হৈছে। লগতে এনচিইআৰটিয়ে কয় যে যদি সেই শিতান সংশ্লিষ্ট শ্ৰেণীৰ আন কোনো বিষয়ত থাকে বা সেই শাখাটো যদি কোনো নিম্ন বা উচ্চ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় বা যদি কোনো শিতান ছাত্ৰ-ছাত্ৰীৰ বাবে সহজলভ্য হয় বা যদি কোনো শিতান বৰ্তমানৰ পৰিস্থিতিত অপ্রাসংগিক হয় তেতিয়াহ’লে সেই ধাৰাটো বাদ দিয়া হৈছে।

সেই যুক্তিবোৰৰ মাজতো ‘পৰ্যাবৃত্ত তালিকা’(পিৰিয়ডিক টেবুল)ৰ দৰে অতি গুৰুত্বপূৰ্ণ খণ্ড এটা সম্পূৰ্ণৰূপে বাদ দিয়াৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে। কাৰণ ‘পৰ্যাবৃত্ত তালিকা’ অতি মৌলিক। যাৰ ভিত্তিত পিছত বিভিন্ন বিষয় অধ্যয়ন কৰিবলগীয়া হয়। ফলত যদি ছাত্ৰ-ছাত্ৰীৰ আৰম্ভণিতে কোনো বিষয়ৰ বিষয়ে স্পষ্ট বুজাবুজি নাথাকে, তেন্তে বুনিয়াদটো ঠুনুকা হ’ব।

সংশ্লিষ্ট মহলৰ মতে, ছাত্ৰ-ছাত্ৰীসকলৰ পিছত সমস্যা হ’ব। অৱশ্যে আন একাংশই কয় যে নৱম শ্ৰেণীত ‘পিৰিয়াডিক টেবুল’ আছে। ফলত তাতেই ছাত্ৰ-ছাত্ৰীৰ ধাৰণা গঢ় লৈ উঠিব। গতিকে অপ্ৰয়োজনীয় বিতৰ্ক কৰি লাভ নাই।

কিন্তু এনচিইআৰটি বিতৰ্কৰ আওতালৈ অহা এইটো প্ৰথম নহয়। ১৯৬১ চনত সৃষ্টি হোৱা এই সংগঠনটোৱে স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত চৰকাৰক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। কিন্তু শেহতীয়াকৈ এনচিইআৰটিৰ কেইবাটাও সিদ্ধান্তৰ ওপৰত তীব্ৰ বিতৰ্ক হৈছে। জীৱবিজ্ঞানৰ পাঠ্যপুথিৰ পৰা ডাৰউইনৰ তত্ত্ব বাদ দিয়া হৈছে। যিটো জীৱন বিজ্ঞান সম্পৰ্কীয় মহলৰ অতি মৌলিক বিষয়।

এটা বিশেষ ৰাজনৈতিক মতাদৰ্শৰ প্ৰসাৰৰ বাবে এনচিইআৰটিৰ কেইবাটাও পাঠ্যক্ৰমৰ পৰিৱৰ্তন কৰা বুলিও বিৰোধীয়ে অভিযোগ উত্থাপন কৰে। পাঠ্যক্ৰমৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ অংশ বাদ দিয়া হৈছে। একাধিক অংশ যোগ দিয়া হৈছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ