--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দশম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ পৰা ‘পিৰিয়ডিক টেবুল’ বাদ দিয়া হৈছে। নেশ্যনেল কাউন্সিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (NCERT)য়ে প্ৰকাশ কৰা তালিকাত উল্লেখ কৰা হৈছে যে সমগ্ৰ ‘পিৰিয়ডিক টেবুল’ অধ্যায়টো বাদ দিয়া হৈছে। কেৱল সেয়াই নহয়, ‘গণতান্ত্ৰিক ৰাজনীতি’ৰ অন্তৰ্গত কেইবাটাও বিষয়ো বাদ দিয়া হৈছে। গণতন্ত্ৰৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত এটা সম্পূৰ্ণ অধ্যায় বাদ দিয়া হৈছে।

এনচিইআৰটিৰ তথ্য অনুসৰি কৰ’না মহামাৰীৰ পাছত ছাত্ৰ-ছাত্ৰীৰ ওপৰত বোজা কমাবলৈ পাঠ্যক্ৰম কৰ্তন কৰা হৈছে। লগতে এনচিইআৰটিয়ে কয় যে যদি সেই শিতান সংশ্লিষ্ট শ্ৰেণীৰ আন কোনো বিষয়ত থাকে বা সেই শাখাটো যদি কোনো নিম্ন বা উচ্চ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় বা যদি কোনো শিতান ছাত্ৰ-ছাত্ৰীৰ বাবে সহজলভ্য হয় বা যদি কোনো শিতান বৰ্তমানৰ পৰিস্থিতিত অপ্রাসংগিক হয় তেতিয়াহ’লে সেই ধাৰাটো বাদ দিয়া হৈছে।

সেই যুক্তিবোৰৰ মাজতো ‘পৰ্যাবৃত্ত তালিকা’(পিৰিয়ডিক টেবুল)ৰ দৰে অতি গুৰুত্বপূৰ্ণ খণ্ড এটা সম্পূৰ্ণৰূপে বাদ দিয়াৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে। কাৰণ ‘পৰ্যাবৃত্ত তালিকা’ অতি মৌলিক। যাৰ ভিত্তিত পিছত বিভিন্ন বিষয় অধ্যয়ন কৰিবলগীয়া হয়। ফলত যদি ছাত্ৰ-ছাত্ৰীৰ আৰম্ভণিতে কোনো বিষয়ৰ বিষয়ে স্পষ্ট বুজাবুজি নাথাকে, তেন্তে বুনিয়াদটো ঠুনুকা হ’ব।

সংশ্লিষ্ট মহলৰ মতে, ছাত্ৰ-ছাত্ৰীসকলৰ পিছত সমস্যা হ’ব। অৱশ্যে আন একাংশই কয় যে নৱম শ্ৰেণীত ‘পিৰিয়াডিক টেবুল’ আছে। ফলত তাতেই ছাত্ৰ-ছাত্ৰীৰ ধাৰণা গঢ় লৈ উঠিব। গতিকে অপ্ৰয়োজনীয় বিতৰ্ক কৰি লাভ নাই।

কিন্তু এনচিইআৰটি বিতৰ্কৰ আওতালৈ অহা এইটো প্ৰথম নহয়। ১৯৬১ চনত সৃষ্টি হোৱা এই সংগঠনটোৱে স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত চৰকাৰক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। কিন্তু শেহতীয়াকৈ এনচিইআৰটিৰ কেইবাটাও সিদ্ধান্তৰ ওপৰত তীব্ৰ বিতৰ্ক হৈছে। জীৱবিজ্ঞানৰ পাঠ্যপুথিৰ পৰা ডাৰউইনৰ তত্ত্ব বাদ দিয়া হৈছে। যিটো জীৱন বিজ্ঞান সম্পৰ্কীয় মহলৰ অতি মৌলিক বিষয়।

এটা বিশেষ ৰাজনৈতিক মতাদৰ্শৰ প্ৰসাৰৰ বাবে এনচিইআৰটিৰ কেইবাটাও পাঠ্যক্ৰমৰ পৰিৱৰ্তন কৰা বুলিও বিৰোধীয়ে অভিযোগ উত্থাপন কৰে। পাঠ্যক্ৰমৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ অংশ বাদ দিয়া হৈছে। একাধিক অংশ যোগ দিয়া হৈছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ