--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিষ্টিয়ানো ৰোনাল্দোৰ পিছত এইবাৰ লিয়োনেল মেছিৰো পৰৱৰ্তী গন্তব্য স্থান হ’ব নেকি চৌদি আৰৱ? ইংলেণ্ড আৰু স্পেইনৰ কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদনত এনে ধৰণৰ এটা অনুমানৰ সৃষ্টি হৈছে। ৰোণাল্ডোৰ দল আল-নাছেৰৰ মুখ্য প্ৰতিদ্বন্দী আল হিলালে মেছিক ল'বলৈ আগ্ৰহ দেখুৱাইছে। আনকি তেওঁলোকে ৰোনাল্ডোতকৈ বহুত বেছি ধনেৰে মেছিক স্বাক্ষৰ কৰিব বিচাৰে। মেছিৰ দেউতাক জৰ্গেই ইতিমধ্যে এই বিষয়ত মীমাংসা কৰিবলৈ ৰিয়াধত উপস্থিত হৈছে।

মেছিয়ে এতিয়া পেৰিছ ছেইণ্ট জাৰ্মেইনত খেলে।  পেৰিছ ক্লাবৰ সৈতে তেওঁৰ চুক্তি ছয় মাহৰ পিছত সমাপ্ত হয়। পিএছজিয়ে অৱশ্যে বাৰে বাৰে কৈছে যে মেছিয়ে তেওঁলোকৰ সৈতে তেওঁৰ চুক্তি সম্প্ৰসাৰিত কৰিব। কিন্তু মেছিও এটা বিকল্প উপায় বিচাৰিবলৈও আগ্ৰহী। সেইকাৰণে তেওঁ তেওঁৰ দেউতাকক আলোচনাৰ বাবে চৌদি আৰৱলৈ পঠিয়াইছে। চৌদিৰ এখন বাতৰি কাকতেও বাতৰিটো নিশ্চিত কৰিছে।

স্পেইনৰ এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, আল হিলালে মেছিক বছৰি ২৪৩৮ কোটি টকা দিব। দৰাচলতে, ৰোনাল্ডোৱে আল নাছেৰৰ পৰা বছৰি ১৭৪১ কোটি টকা লাভ কৰিব। অৰ্থাৎ প্ৰায় ৭০০ কোটি অধিক। মেছি নিজেও এই প্ৰস্তাৱটোত আগ্ৰহী বুলি সংবাদপত্ৰত প্ৰকাশ।

যদি মেছি চৌদি আৰৱলৈ যায়, তেন্তে বিশ্বই আকৌ এবাৰ মেছি-ৰোনাল্ডোৰ দ্বৈত যুদ্ধ দেখিব। স্পেইনৰ ৰিয়েল মাদ্ৰিদ আৰু বাৰ্চিলোনাত খেলি থাকোতে দুয়োজন তাৰকা প্ৰায়ে ইজনে সিজনৰ মুখামুখি হৈছিল। ৰোনাল্ডোৱে স্পেইন এৰি যোৱাৰ পিছত, তেওঁলোকে চেম্পিয়নছ লীগত ইজনে সিজনৰ মুখামুখি হৈছিল

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক