--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ ভাৰতত লিথিয়াম খনি আৱিষ্কাৰৰ পিছৰে পৰা এই বহুমূলীয়া ধাতুকৈ চৰ্চা চলি আছে। উৎসাহিত হৈ পৰিছে উদ্যোগপতীসকল। কিন্তু বহু আগতেই এই আৱিষ্কাৰৰ আনন্দ লাভ কৰিব পৰা গ’লহেঁতেন।

ভাৰতত লিথিয়াম খনিৰ অস্তিত্ব প্ৰায় ২৬ বছৰ আগতে অনুমান কৰা হৈছিল। ভাৰতীয় ভূতাত্ত্বিক জৰীপে (GSI) ১৯৯৭ চনত এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল।

১৯৯৭ চনৰ সেই প্ৰতিবেদনত কোৱা হৈছিল যে দেশৰ কেইবাটাও ঠাইত বক্সাইট খনি আছে। বিশ্বাস কৰা হৈছিল যে এই দেশত লিথিয়ামৰ উপস্থিতিৰ সম্ভাৱনাও অতি উজ্জ্বল।

১৯৯৫ চনৰ পৰা ১৯৯৭ চনলৈকে জি এছ আইয়ে বিভিন্ন অধ্যয়ন চলাইছিল। ইয়াৰ পিছত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল। কিন্তু প্ৰতিবেদনৰ ভিত্তিত কাম আগবাঢ়িব নোৱাৰিলে।

অভিযোগ অনুসৰি ১৯৯৭ চনৰ পিছত লিথিয়াম অভিযানক আগুৱাই নিয়াৰ বাবে আৰু কোনো পদক্ষেপ লোৱা নহ’ল। একাংশই ইয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে দোষাৰোপ কৰিছে।

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত জি এছ আইয়ে ৫৯ লাখ টন লিথিয়াম আৱিষ্কাৰ কৰিছে। বৃহস্পতিবাৰে এক বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰাৰ পিছত বিভিন্ন মহলত চৰ্চা চলিছে। ইয়াৰ আগতে ভাৰতৰ ক’তো লিথিয়ামৰ অস্তিত্ব কোনেও নাজানিছিল।

লিথিয়াম এক অতি মূল্যৱান ধাতু। এই ধাতু মূলতঃ বেটাৰী তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। লিথিয়াম বেটাৰী অবিহনে বৈদ্যুতিক গাড়ী অবাস্তৱ। মোবাইল বেটাৰী তৈয়াৰ কৰিবলৈও লিথিয়াম ব্যৱহাৰ কৰা হয়।

মোবাইলৰ বাহিৰেও গাড়ী, ডিজিটেল কেমেৰা, লেপটপৰ বেটাৰীৰ বাবে লিথিয়ামৰ প্ৰয়োজন। এই ধাতুৰ ব্যৱহাৰ বাইপোলাৰ ডিছঅৰ্ডাৰৰ দৰে মানসিক বিকাৰৰ চিকিৎসাতো ব্যৱহাৰ হয়।

বৰ্তমান ভাৰতে বহিঃৰাজ্যৰ পৰা লিথিয়াম আমদানি কৰে। গতিকে এই ধাতুৰ দাম ভাৰতত আকাশলংঘী। দেশত এই মূল্যৱান ধাতুৰ খনি থকাৰ বাবে এইবাৰ লিথিয়াম সস্তা হ’ব বুলি আশা কৰা হৈছে।

জি এছ আইৰ শেহতীয়া এই আৱিষ্কাৰ অনুসৰি, ভাৰতৰ উত্তৰ-পশ্চিম উপত্যকাসমূহৰ গভীৰতাত মজুত থকা লিথিয়ামৰ পৰিমাণে ভাৰতক এই আপুৰুগীয়া ধাতুৰ সপ্তম বৃহত্তম ভাণ্ডাৰ হিচাপে গঢ়ি তুলিব পাৰে।

কিন্তু ভাৰতত লিথিয়ামৰ আৱিষ্কাৰক আদৰণি জনোৱাৰ পাছতো একাংশ বিশেষজ্ঞই ইয়াক লৈ সূক্ষ্ম পৰ্যবেক্ষণ চলাই আছে। তেওঁলোকে কৈছে যে উচ্ছাসৰ বশৱৰ্তী হোৱাতকৈ সাৱধানেৰে লিথিয়াম অভিযান চলাব লাগিব।

ৰাষ্ট্ৰসংঘৰ ধাতুবিজ্ঞান উপাদানৰ শ্ৰেণীবিভাজন অনুসৰি, যিকোনো আৱিষ্কাৰ-অন্বেষণৰ মুঠ চাৰিটা পদক্ষেপ থাকে। বৰ্তমান জি এছ আই লিথিয়ামৰ ওপৰত দ্বিতীয় পৰ্যায়ৰ গৱেষণাত আছে। আৰু দুটা পদক্ষেপ ল’ব পাৰিলে এই অধ্যয়ন সম্পূৰ্ণ হ’ব।

বৰ্তমান ভাৰতত লিথিয়াম খনিৰ পৰা অক্সিজেন উলিয়াব পৰা প্ৰযুক্তি নাই। এই ক্ষেত্ৰত জম্মু-কাশ্মীৰ চৰকাৰে প্ৰথমে এটা ব্যক্তিগত কোম্পানীক লিথিয়াম উদ্যোগলৈ প্ৰেৰণ কৰা উচিত। ইয়াৰ পিছত কাম আগবাঢ়িব।

লিথিয়াম খনিসমূহ মূলতঃ দক্ষিণ আমেৰিকাত অৱস্থিত। বিশ্বৰ ৫০ শতাংশ লিথিয়ামৰ মজুত মহাদেশখনৰ তিনিখন দেশত পোৱা যায়। আৰ্জেণ্টিনা, বলিভিয়া আৰু চিলিত বৃহৎ পৰিমাণৰ লিথিয়াম আছে।

জম্মু-কাশ্মীৰৰ অন্যতম পুৰণি চহৰ ৰিয়াছি। যিটো জম্মু সংমণ্ডলৰ অন্তৰ্গত। এই নৈসৰ্গিক চহৰ জম্মুৰ পৰা ৬৪ কিলোমিটাৰ দূৰত্বত। এই জিলাত বৈষ্ণোদেৱী, শিৱ খোৰি আদি তীৰ্থস্থান আছে। আপাততঃ লিথিয়াম খননৰ বাবে জিলাখনে অধিক গুৰুত্ব লাভ কৰিলে।

উপত্যকাৰ দুৰ্গম অঞ্চলৰ বাসিন্দাসকলে লিথিয়াম খনি লাভ কৰি আনন্দিত হৈ পৰিছে। চাৰিওফালে সিঁচৰতি হৈ থকা শিলবোৰে যে এদিন তেওঁলোকৰ ভাগ্যৰ চকা ঘূৰাই দিব পাৰে, সেই কথা কোনেও অনুমান কৰিব নোৱাৰিছিল। লিথিয়ামৰ ওপৰত নিৰ্ভৰ কৰি গাঁওবাসীয়ে এতিয়া নিবনুৱা সমস্যাৰ সমাধানৰ সপোন দেখিছে।

ভাৰত চৰকাৰো লিথিয়াম আৱিষ্কাৰক লৈ উৎসাহী। এই ধাতুই দেশৰ বেটাৰী উদ্যোগত জোৱাৰ আনিব পাৰে। লিথিয়ামৰ ওপৰত নিৰ্ভৰ কৰি দেশ ‘আত্মনিৰ্ভৰশীল’ হ’ব। লিথিয়ামে প্ৰধানমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন বাস্তৱায়িত কৰিব বুলি চৰকাৰৰ বিশ্বাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক