--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ ভাৰতত লিথিয়াম খনি আৱিষ্কাৰৰ পিছৰে পৰা এই বহুমূলীয়া ধাতুকৈ চৰ্চা চলি আছে। উৎসাহিত হৈ পৰিছে উদ্যোগপতীসকল। কিন্তু বহু আগতেই এই আৱিষ্কাৰৰ আনন্দ লাভ কৰিব পৰা গ’লহেঁতেন।

ভাৰতত লিথিয়াম খনিৰ অস্তিত্ব প্ৰায় ২৬ বছৰ আগতে অনুমান কৰা হৈছিল। ভাৰতীয় ভূতাত্ত্বিক জৰীপে (GSI) ১৯৯৭ চনত এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল।

১৯৯৭ চনৰ সেই প্ৰতিবেদনত কোৱা হৈছিল যে দেশৰ কেইবাটাও ঠাইত বক্সাইট খনি আছে। বিশ্বাস কৰা হৈছিল যে এই দেশত লিথিয়ামৰ উপস্থিতিৰ সম্ভাৱনাও অতি উজ্জ্বল।

১৯৯৫ চনৰ পৰা ১৯৯৭ চনলৈকে জি এছ আইয়ে বিভিন্ন অধ্যয়ন চলাইছিল। ইয়াৰ পিছত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল। কিন্তু প্ৰতিবেদনৰ ভিত্তিত কাম আগবাঢ়িব নোৱাৰিলে।

অভিযোগ অনুসৰি ১৯৯৭ চনৰ পিছত লিথিয়াম অভিযানক আগুৱাই নিয়াৰ বাবে আৰু কোনো পদক্ষেপ লোৱা নহ’ল। একাংশই ইয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে দোষাৰোপ কৰিছে।

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত জি এছ আইয়ে ৫৯ লাখ টন লিথিয়াম আৱিষ্কাৰ কৰিছে। বৃহস্পতিবাৰে এক বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰাৰ পিছত বিভিন্ন মহলত চৰ্চা চলিছে। ইয়াৰ আগতে ভাৰতৰ ক’তো লিথিয়ামৰ অস্তিত্ব কোনেও নাজানিছিল।

লিথিয়াম এক অতি মূল্যৱান ধাতু। এই ধাতু মূলতঃ বেটাৰী তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। লিথিয়াম বেটাৰী অবিহনে বৈদ্যুতিক গাড়ী অবাস্তৱ। মোবাইল বেটাৰী তৈয়াৰ কৰিবলৈও লিথিয়াম ব্যৱহাৰ কৰা হয়।

মোবাইলৰ বাহিৰেও গাড়ী, ডিজিটেল কেমেৰা, লেপটপৰ বেটাৰীৰ বাবে লিথিয়ামৰ প্ৰয়োজন। এই ধাতুৰ ব্যৱহাৰ বাইপোলাৰ ডিছঅৰ্ডাৰৰ দৰে মানসিক বিকাৰৰ চিকিৎসাতো ব্যৱহাৰ হয়।

বৰ্তমান ভাৰতে বহিঃৰাজ্যৰ পৰা লিথিয়াম আমদানি কৰে। গতিকে এই ধাতুৰ দাম ভাৰতত আকাশলংঘী। দেশত এই মূল্যৱান ধাতুৰ খনি থকাৰ বাবে এইবাৰ লিথিয়াম সস্তা হ’ব বুলি আশা কৰা হৈছে।

জি এছ আইৰ শেহতীয়া এই আৱিষ্কাৰ অনুসৰি, ভাৰতৰ উত্তৰ-পশ্চিম উপত্যকাসমূহৰ গভীৰতাত মজুত থকা লিথিয়ামৰ পৰিমাণে ভাৰতক এই আপুৰুগীয়া ধাতুৰ সপ্তম বৃহত্তম ভাণ্ডাৰ হিচাপে গঢ়ি তুলিব পাৰে।

কিন্তু ভাৰতত লিথিয়ামৰ আৱিষ্কাৰক আদৰণি জনোৱাৰ পাছতো একাংশ বিশেষজ্ঞই ইয়াক লৈ সূক্ষ্ম পৰ্যবেক্ষণ চলাই আছে। তেওঁলোকে কৈছে যে উচ্ছাসৰ বশৱৰ্তী হোৱাতকৈ সাৱধানেৰে লিথিয়াম অভিযান চলাব লাগিব।

ৰাষ্ট্ৰসংঘৰ ধাতুবিজ্ঞান উপাদানৰ শ্ৰেণীবিভাজন অনুসৰি, যিকোনো আৱিষ্কাৰ-অন্বেষণৰ মুঠ চাৰিটা পদক্ষেপ থাকে। বৰ্তমান জি এছ আই লিথিয়ামৰ ওপৰত দ্বিতীয় পৰ্যায়ৰ গৱেষণাত আছে। আৰু দুটা পদক্ষেপ ল’ব পাৰিলে এই অধ্যয়ন সম্পূৰ্ণ হ’ব।

বৰ্তমান ভাৰতত লিথিয়াম খনিৰ পৰা অক্সিজেন উলিয়াব পৰা প্ৰযুক্তি নাই। এই ক্ষেত্ৰত জম্মু-কাশ্মীৰ চৰকাৰে প্ৰথমে এটা ব্যক্তিগত কোম্পানীক লিথিয়াম উদ্যোগলৈ প্ৰেৰণ কৰা উচিত। ইয়াৰ পিছত কাম আগবাঢ়িব।

লিথিয়াম খনিসমূহ মূলতঃ দক্ষিণ আমেৰিকাত অৱস্থিত। বিশ্বৰ ৫০ শতাংশ লিথিয়ামৰ মজুত মহাদেশখনৰ তিনিখন দেশত পোৱা যায়। আৰ্জেণ্টিনা, বলিভিয়া আৰু চিলিত বৃহৎ পৰিমাণৰ লিথিয়াম আছে।

জম্মু-কাশ্মীৰৰ অন্যতম পুৰণি চহৰ ৰিয়াছি। যিটো জম্মু সংমণ্ডলৰ অন্তৰ্গত। এই নৈসৰ্গিক চহৰ জম্মুৰ পৰা ৬৪ কিলোমিটাৰ দূৰত্বত। এই জিলাত বৈষ্ণোদেৱী, শিৱ খোৰি আদি তীৰ্থস্থান আছে। আপাততঃ লিথিয়াম খননৰ বাবে জিলাখনে অধিক গুৰুত্ব লাভ কৰিলে।

উপত্যকাৰ দুৰ্গম অঞ্চলৰ বাসিন্দাসকলে লিথিয়াম খনি লাভ কৰি আনন্দিত হৈ পৰিছে। চাৰিওফালে সিঁচৰতি হৈ থকা শিলবোৰে যে এদিন তেওঁলোকৰ ভাগ্যৰ চকা ঘূৰাই দিব পাৰে, সেই কথা কোনেও অনুমান কৰিব নোৱাৰিছিল। লিথিয়ামৰ ওপৰত নিৰ্ভৰ কৰি গাঁওবাসীয়ে এতিয়া নিবনুৱা সমস্যাৰ সমাধানৰ সপোন দেখিছে।

ভাৰত চৰকাৰো লিথিয়াম আৱিষ্কাৰক লৈ উৎসাহী। এই ধাতুই দেশৰ বেটাৰী উদ্যোগত জোৱাৰ আনিব পাৰে। লিথিয়ামৰ ওপৰত নিৰ্ভৰ কৰি দেশ ‘আত্মনিৰ্ভৰশীল’ হ’ব। লিথিয়ামে প্ৰধানমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন বাস্তৱায়িত কৰিব বুলি চৰকাৰৰ বিশ্বাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু