--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ন্যায়াধীশ সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় চৰকাৰে আজি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বাবে যাৱতীয় অনুমোদন প্ৰদান কৰে।

আইন আৰু ন্যায় মন্ত্ৰণালয়ৰ ৱেবছাইটত এই সন্দৰ্ভত জাননী পোষ্ট কৰা হৈছিল। জাননীখনত এইধৰণে উল্লেখ কৰা হৈছে- ‘ভাৰতৰ সংবিধানৰ ২১৭ নং অনুচ্ছেদৰ (১) দফা (১)ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি ৰাষ্ট্ৰপতিয়ে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতাক গুৱাহাটী৷উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াত আনন্দিত হৈছে, যিটো তেওঁ তেওঁৰ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হৈছে৷’

ন্যায়াধীশ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ৮ ফেব্ৰুৱাৰীত দিছিল। ন্যায়াধীশ মেহতাক ২০১১ চনৰ ৩০ মে'ত ৰাজস্থান উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু তেওঁ ২০২৫ চনৰ ১০ জানুৱাৰীত অৱসৰ লোৱাৰ কথা আছে।

কলেজিয়ামে আগতে ন্যায়াধীশ কে বিনোদ চন্দ্ৰনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ সংকল্প লৈছিল। 

ন্যায়াধীশ মেহতাই বিচাৰপীঠলৈ উন্নীত হোৱাৰ পূৰ্বে ১৯৮৬ চনৰ ৮ আগষ্টত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ বিচাৰ আদালত, উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়তো অনুশীলন কৰিছিল।
তেওঁ ২০০৪ চনৰ পৰা ২০০৫ চনলৈ ৰাজস্থানৰ বাৰ কাউন্সিলৰ উপাধ্যক্ষ আৰু ২০১০ চনত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু